বিশ্ব শৌচাগাৰ দিৱস উপলক্ষে ঘগ্ৰাপাৰত মহিলাৰ সজাগতামূলক ৰেলী…

বিশ্ব শৌচাগাৰ দিৱস উপলক্ষে ঘগ্ৰাপাৰত মহিলাৰ সজাগতামূলক ৰেলী…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বন্ধন বেংক শাখাৰ উদ‍্যোগত মঙলবাৰে বিশ্ব শৌচাগাৰ দিৱস উপলক্ষে জনসাধাৰণক সজাগ কৰা উদ্দেশ্য এক সজাগতামুলক সমদল উলিওৱা হয়। ইয়াৰ পূৰ্বে ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত বন্ধন স্বাস্থ্য বিভাগৰ সহযোগত শৌচাগাৰৰ ব‍্যৱহাৰৰ ওপৰত আয়োজিত সজাগতা সভাখনৰ সভাপতিত্ব কৰে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই।

সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বন্ধন বেংক ঘগ্ৰাপাৰ শাখাৰ স্থাস্থ‍্য বিভাগৰ এলেকা ব‍্যৱস্থাপক সত্য কুমাৰ দেব নাথে। সভাখনত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাই ভাষণত বিশ্ব শৌচাগাৰ তাৎপৰ্য বাখ্যা কৰি ভাষণত অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে নিজৰ ঘৰ একোটা বিজ্ঞান সন্মাত শৌচাগাৰ তৈয়াৰ কৰাত গুৰুত্ব দি স্থাস্থ‍্য ভালে ৰাখিবলৈ আহ্বান জনায়।

সভাত পূৱ-বনভাগ গাঁওপঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশীয়ে ভাষণত শৌচাগাৰৰ প্ৰয়োজনীয়তা আৰু ৰাইজৰ সজাগতাৰ কথা উল্লেখ কৰি কয় যে- শৌচাগাৰ থাকিলে মহিলা স্থাস্থ‍্যকে ধৰি নিৰাপত্তা বহু ক্ষেত্ৰত হয় বুলি মন্তব্য কৰে। সভাত ঘগ্ৰাপাৰ বন্ধন বেংক শাখা ব‍্যবস্থাপিকা মৌচুমী ৰায়ে ভাষণত শৌচাগাৰ নোহোৱাকৈ বাহিৰত শৌচ কৰিলে মানুহ দেহ হব পৰা বিভিন্ন ৰোগৰ কথা সদৰী কৰাৰ লগতে বাহিৰত মহিলা গা ধোৱা ,(স্নান )কৰিলে দুষ্টলোকে মহিলাৰ শালিনতা হানি কৰা সম্ভৱনা অনেক বুলি মতপোষণ কৰে।

সভাত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তথা প্ৰতিদিনৰ সাংবাদিক তপন দাস, সাংবাদিক দ্বিজেন ডেকা, পঞ্চায়ত সচিব পৰেশ কলিতা, জয়ন্ত শৰ্মা, ঘগ্ৰাপাৰ গাঁওপঞ্চায়ত উপসভানেত্ৰী বিনীতা মজুমদাৰ, বন্ধ স্থাস্থ‍্য কৰ্মী মল্লিকা ৰায়, চুমলি বৰ্মনকে ধৰি আশা কৰ্মী, ঘগ্ৰাপাৰ-বৰাজোলৰ বন্ধন গ্ৰাম্য সেৱিকাৰ উপৰিও স্থানীয় দুইশতাধিক ৰাইজে অংশগ্ৰহণ কৰে। ঘগ্ৰাপাৰ গাঁওপঞ্চায়ত পৰা বাহিৰ শৌচাগাৰ ব‍্যৱহাৰ-সজাগতামুলক বৃহৎ ৰেলীতো মহিলাসকলে হাতে হাতে বেনাৰ, প্লে'-কাৰ্ড, ফেষ্টুন লৈ ঘগ্ৰাপাৰ অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজক সজাগতা কৰাৰ দৃষ্টি আকৰ্ষণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in