অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা…

ফটো- চিন্ময় ৰয়
ফটো- চিন্ময় ৰয়
  • অসম সাহিত্য সভাই পালন কৰিলে আন্তৰ্জাতিক মাতৃভাষা দিৱস।
  • এই দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট নাট্যকৰ্মী নয়ন প্ৰসাদক প্ৰদান কৰা হয় শুক্ৰাচাৰ্য ৰাভা বঁটা।
  • বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু ড০ শিৱনাথ বৰ্মনক প্ৰদান কৰা হয় অৰুণোদয় সন্মান।
  • ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় শুক্ৰাচাৰ্য ৰাভাৰ পত্নীক।
  • অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি–সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াও উপস্থিত থাকে।
  • মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা।
  • ভাষানীতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে।
  • আজিও কোনো সঁহাৰি নাহিল মুখ্যমন্ত্ৰীৰ পৰা।
  • মাতৃভাষা দিৱসৰ অনুষ্ঠানত মন্তব্য সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।
  • খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে কোনো কাম নকৰাৰ অভিযোগ।
  • ভাষানীতি প্ৰয়োগৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে নিজেই ব্যৱস্থা ল'ব সাহিত্য সভাই।
  • ভাষানীতি নমনা চৰকাৰী কাৰ্যালয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তলা লগোৱাৰো হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in