দেশত আছে ৫.৪ কোটিতকৈ অধিক হৃদ ৰোগীঃ ২০ শতাংশৰ বয়স ৪০ বছৰৰ তলত…

দেশত আছে ৫.৪ কোটিতকৈ অধিক হৃদ ৰোগীঃ ২০ শতাংশৰ বয়স ৪০ বছৰৰ তলত…

ডিজিটেল ডেস্কঃ ২৯ ছেপ্টেম্বৰ বুধবাৰ বিশ্ব হৃদ ৰোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো এই দিৱস উদযাপন কৰা হৈছে। বৰ্তমান ভাৰতত হৃদৰোগ মহামাৰীৰ দৰে বিয়পি পৰিছে। এই ৰোগ দেশৰ যুৱ প্ৰজন্মৰ মাজত অতি দ্ৰুতগতিত বিয়পি পৰিছে। লেঞ্চেট আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই চি এম আৰ) মতে, ভাৰতৰ মুঠ হৃদৰোগীৰ ২০% ৰ বয়স ৪০ বছৰৰ ভিতৰৰ।

আই চি এম আৰৰ দৰে প্ৰতিষ্ঠানৰ মতে যুৱ প্ৰজন্মৰ মাজত এইদৰে হৃদ ৰোগ দ্ৰুতিগতিত বিয়পি পৰাৰ মূল কাৰণ হৈছে খাদ্যৰ ব্যাঘাত, চাপ, বায়ু প্ৰদূষণ, মেদবহুলতা আৰু ধূমপান।

ভাৰতত কৰোনেৰী ধমনী ৰোগ (চিএডি) হোৱাৰ আশংকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত তিনিৰ পৰা চাৰিগুণ বেছি, চীনতকৈ ছয় গুণ অধিক আৰু জাপানতকৈ ২০ গুণ অধিক। ভাৰতত হৃদৰোগীৰ গড় বয়স হৈছে ৫৩ বছৰ, আনহাতে উন্নত দেশবোৰত ৬৩ বছৰ।

ইণ্ডিয়ান হাৰ্ট এছ'চিয়েশ্যনৰ মতে, হৃদৰোগত আক্ৰান্ত হোৱা ৫০ শতাংশ ভাৰতীয় পুৰুষৰ বয়স ৫০ বছৰৰ তলৰ। ২৫ শতাংশৰ বয়স ৪০ বছৰৰ তলত। একেদৰে মৃত্যুৰ কাৰণৰ চিকিৎসাৰ প্ৰমাণপত্ৰ অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ ৫৭ % হৈছে ২৪ ৰ পৰা ৬৯ বছৰ বয়সৰ হৃদৰোগী।

১৯৯০ চনত দেশত হৃদৰোগীৰ সংখ্যা মাত্ৰ ২৫৭ লাখৰ পৰা ২৬ বছৰত ৫.৪ কোটিতকৈ ওপৰলৈ বৃদ্ধি হৈছে।হৃদৰোগ হৈছে ভাৰতত মৃত্যুৰ সৰ্বাধিক কাৰণ আৰু বিভিন্ন ৰোগৰ ফলত ২৮.১ শতাংশ লোকৰ মৃত্যু হয়। ১৯৯০ চনত, মুঠ মৃত্যুৰ প্ৰায় ১৫ শতাংশ হৃদৰোগৰ কাৰণ আছিল।

বিগত দুটা দশক ধৰি যুৱ প্ৰজন্মৰ মাজত হৃদৰোগ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মূল কাৰণটোৱেই হৈছে জীৱনশৈলী। এইবোৰ হৈছে যুৱ হৃদৰোগীসকলৰ ৰোগৰ কাৰণ। খাদ্যৰ ফলত৫৬.৪ %, ৰক্তচাপৰ ফলত ৫৪.৬%, বায়ু প্ৰদূষণৰ বাবে ৩১.১%, উচ্চ কলেষ্টেৰলৰ বাবে ২৯.৪%, ধূমপানৰ ফলত ১৮.৯% আৰু মেদবহুলতাৰ বাবে ১৪.৭ শতাংশ হৃদ ৰোগত আক্ৰান্ত হৈছে।

দিল্লীৰ এইমছৰ কাৰ্ডিওভাস্কুলাৰ ৰোগ বিভাগৰ ড০ সন্দীপ মিশ্ৰাই উল্লেখ কৰিছে যে প্ৰতিদিনে ১০,০০০ টা খোজ কাঢ়িলে হৃদ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰোপৰি ঘাম ওলোৱা যিকোনো ব্যায়াম এটাত সপ্তাহত পাঁচদিন ৪৫ মিনিটকৈ কৰিব লাগে। ৭০,০০০ মহিলাৰ ওপৰত কৰা গৱেষণাত দেখা গৈছে যে ৭ ঘণ্টাতকৈ কম টোপনি যোৱা লোকসকলৰ হৃদৰোগৰ আশংকা অধিক। টোপনিৰ অভাৱৰ ফলত চাপ বঢ়োৱা হৰমন বৃদ্ধি হয়। ৰক্তচাপ আৰু শৰ্কৰাৰ স্তৰও প্ৰভাৱিত হয়। গতিকে ৭ ঘণ্টা টোপনি যোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in