আজি বিশ্ব পৰিবেশ দিৱসঃ প্ৰকৃতি সংৰক্ষণৰ অন্যতম নিদৰ্শন ওদালগুৰিৰ মানৱসৃষ্ট অৰণ্য…

আজি বিশ্ব পৰিবেশ দিৱসঃ প্ৰকৃতি সংৰক্ষণৰ অন্যতম নিদৰ্শন ওদালগুৰিৰ মানৱসৃষ্ট অৰণ্য…



ডিজিটেল সংবাদ, ওদালগুৰি: অসমখন হ'ল এখন বনজ সম্পদপ্ৰধান ৰাজ্য। ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন স্থানত অৱস্থিত আছে বিশাল বিশাল প্ৰাকৃতিক অৰণ্য তথা অভয়াৰণ্য। কিন্তু মানৱসৃষ্ট অৰণ্যৰ সংখ্যা তেনেই নগন্য। পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে বৃক্ষৰোপনৰ বিভিন্ন আচনি গ্ৰহণ কৰা হৈছে যদিও এই আচনিসমূহ সম্পূৰ্ণৰূপে ফলপ্ৰসূভাৱে ৰূপায়িত হোৱাত ব্যৰ্থ হৈছে। ইয়াৰ মাজতে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ২০ কিল'মিটাৰ উত্তৰে অৱস্থিত ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী মানৱসৃষ্ট অৰণ্যখনে।

২০০৩ চনত স্থনীয় সোনাইগাওঁ, ভৈৰৱপুৰ, গৰৈমাৰী, চপনগাওঁ, ১নম্বৰ মাজৰগাওঁ, ২নম্বৰ মাজৰগাওঁ ইত্যাদি ছয়খনকৈ গাওঁৰ ৰাইজে লগ হৈ এখন সমিতি গঠন কৰি উক্ত স্থনতে এখন বহুমুখী পাম খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সমিতিখনে উক্ত পামখনত গাহৰি, মাছ, গাইগৰু, হাঁহ ইত্যাদি ঘৰচীয়া জীৱজন্তু পুহিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত সমিতিখনে সমগ্ৰ অঞ্চলটোতে এক বৃক্ষৰোপনৰ পদক্ষেপেৰে এক প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি বন বিভাগৰ সংৰক্ষিত হিচাপে থকা অঞ্চলটোত বৃক্ষৰোপনৰ বাবে স্থানীয় ধনশ্ৰী বন বিভাগৰ সৈতে আলোচনা কৰি আৰু বৃক্ষৰোপনৰ প্ৰশিক্ষণ লৈ সমিতিখনে ২০০৭ চনৰ পৰা ২০১২ চনলৈ সমগ্ৰ অঞ্চলটোত এক বৃক্ষৰোপন অভিযান আৰম্ভ কৰে। সেই সময়ৰ পৰাই আৰম্ভ হৈ বৰ্তমান প্ৰায় পাঁচ হাজাৰ বিঘা ভূমিত সম্পূৰ্ণ কৰা হৈছে বৃক্ষৰোপন কাৰ্যসূচী। আনহাতে মানৱসৃষ্ট অৰণ্যখনৰ আকৰ্ষণৰ উদ্দেশ্যে নতুনকৈ এইবাৰ নতুনকৈ ২৫ হেক্টৰ ভূমিত কঠাল, আমলখি, শিলিখাকে ধৰি বিভিন্ন ফল-মূলৰ গছ ৰোপন কৰা বুলি মানৱসৃষ্ট অৰণ্য সমিতিখনৰ উপদেষ্টা ইছমাইল দৈমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে। দৈমাৰীয়ে সাংবাদিকক জানিবলৈ দি কয় যে অৰণ্যখনক এতিয়া "গেথছেমানে" নামেৰে নামাকৰণ কৰা হৈছে। যাৰ অৰ্থ হৈছে খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্ট‌ই প্ৰাৰ্থনাৰ বাবে নিৰ্বাচন কৰা এটা অঞ্চল। উল্লেখ্য যে অৰণ্যখনত বৰ্তমান পৰ্যন্ত প্ৰায় ১৪ লক্ষাধিক বিভিন্ন মূল্যৱান প্ৰকৃতিৰ গছ আছে।

ইয়াৰে ভিতৰত শাল, চেগুণ, গমাৰী, নিম, টিটাচাপৰ পৰা আদি কৰি বিভিন্ন লুপ্তপ্ৰায় অৱস্থাত থকা গছ-গছনিৰ সম্ভেদ পোৱা গৈছে। কেৱল গছ-গছনিয়েই নহয় বৰ্তমান মানৱসৃষ্ট এই বিশাল অৰণ্যখনত বন্যহস্তী, বাঘ, হৰিণা, বনগাহৰিৰ উপৰিও বিভিন্ন প্ৰকাৰৰ শৰীসৃপ পোৱা বুলি দৈমাৰীয়ে জানিবলৈ দিয়ে। বছৰটোৰ বিভিন্ন সময়ত বিদেশী পৰ্যটকসকলেও এই অৰণ্যখনলৈ আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য লাভ কৰা বুলি জানিবলৈ দি দৈমাৰীয়ে কয় যে বৰ্তমান পৰ্যন্ত জাপান, চীন, ভূটান, বাংলাদেশকে আদি কৰি প্ৰায় ১৩খন ৰাষ্ট্ৰৰ পৰ্যটকৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰ্যটক অৰণ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈছে।

প্ৰিজন দৈমাৰী আৰু বুলুক দৈমাৰী ক্ৰমে অৰণ্যখনৰ সভাপতি আৰু সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰি আছে। যিসময়ত পৃথিৱীৰ সেউজ প্ৰকৃতি ধ্বংস কৰি এটা চামে জলবায়ুৰ ভাৰসাম্য ৰক্ষাত বিনষ্ট সাধন কৰি আহিছে, তেনেসময়তে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ছয়খনকৈ গাওঁৰ ৰাইজৰ প্ৰকৃতি সুৰক্ষাৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপ শলাগীৱলগীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in