শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ

60

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লী তথা চাকছু, গুৱাহাটীৰ সহযোগত দেওবাৰে পুৱা এক শান্তি সমদল উলিওয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পথৰ পৰা পুৱা ৭ বজাত আৰম্ভ হোৱা এই শান্তি সমদলত সমাজৰ বিভিন্ন স্তৰৰ নাগৰিক, ছাত্ৰ সমাজ, পথ দুৰ্ঘটনাত আহত লোক, নিহত লোকৰ পৰিয়াল, সংবাদকৰ্মীয়ে অংশ লৈ ৰাজ্যৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ দাবী জনায়।

শান্তি সমদল উদ্বোধন কৰি এন ই এফ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কৰবী বৰ্মণে কয়, পথ সুৰক্ষাৰ কঠোৰ আইনৰ দ্বাৰাহে দুৰ্ঘটনাত হতাহঁতৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। প্ৰতিবছৰে আমাৰ দেশত প্ৰায় ডেৰ লাখ লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। তথ্য অনুসৰি প্ৰতিদিনে গড় হিচাপত দেশত ১,২৭৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় য’ত ৪০৫ জনকৈ লোক নিহত হয়।

শান্তি সমদলৰ আৰম্ভনিত কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ অসমত ২৪০০ টা পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত ২০০০ লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয়। বিশ্বত ১৫-২৯ বছৰ বয়সৰ লোক পথ দুর্ঘটনাত অধিক নিহত হয়। চলিত বৰ্ষৰ প্ৰথম তিনি মাহত দেশত ১১৮১৭৫ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ১১৯২৬০ লোক আহত আৰু ৩৯২৬৮ লোক নিহত হয়।

সমদলত অংশ লৈ চাকছু, গুৱাহাটীৰ মুৰব্বী জুলী কাকতিয়ে কয় যে, শক্তিশালী পৰিবহন আইনৰ জৰিয়তেহে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। ২০২০ চনৰ ভিতৰত পথ দুৰ্ঘটনাৰ সংখ্যা বৰ্তমানৰ তুলনাত ৫০% হ্ৰাস কৰিবলৈ ভাৰত ৰাষ্ট্ৰসংঘৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। পৰিসংখ্যা অনুসৰি পথ দুৰ্ঘটনাত আহত বা নিহত সকলৰ ভিতৰত অধিকাংশই খাটি খোৱা শ্রেণীৰ লোক হয়। এনে লোক পথ দুৰ্ঘটনাত নিহত হ’লে তেওঁলোকৰ পৰিয়াল কিদৰে আৰ্থিক আৰু মানসিকভাৱে বিধস্ত হ’বলগীয়া হয় সেই বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে।

পথ দুৰ্ঘটনাত নিহত সকলক শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰৰ কৰ পৰিদৰ্শক ৰাতুল মহন্তই যানবাহন আইন- ২০১৯ ৰ নিয়ম সমূহ পালন কৰি পথ দুৰ্ঘটনা ৰোধ কৰাত সহায় কৰিবলৈ প্ৰতিগৰাকী লোকক আহ্বান জনাই কয়, বিশ্বৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ জৰিয়তে পথ দুৰ্ঘটনাত সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে নৱেম্বৰ মাহৰ তৃতীয় দেওবাৰে এই বিশেষে দিনটো পালন কৰা হয়।

প্ৰতিগৰাকী লোকে পথ সুৰক্ষা ব্যৱস্থাৰ দ্বাৰা সৰ্বসাধাৰণ লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। শান্তি সমদলৰ শেষত উপস্থিত লোকসকলে বন্তি প্ৰজ্বলন কৰি পথ দুৰ্ঘটনাত নিহত সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি