ক্ৰিকেট ৱৰ্ল্ডকাপ-২০১৯ঃ দেওবাৰে হ’ব লগা ভাৰত-পাকিস্তানৰ গুৰুত্বপূৰ্ণ মেচক লৈ কি ক’লে গাংগুলী-তেণ্ডুলকাৰে…

ক্ৰিকেট ৱৰ্ল্ডকাপ-২০১৯ঃ দেওবাৰে হ’ব লগা ভাৰত-পাকিস্তানৰ গুৰুত্বপূৰ্ণ মেচক লৈ কি ক’লে গাংগুলী-তেণ্ডুলকাৰে…

ডিজিটেল ডেস্কঃভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ তুলনাত ভাৰতৰ প্ৰদৰ্শন ভাল বুলি উল্লেখ কৰাৰ লগতে সতৰ্ক কৰি দিয়ে কোহলি বাহিনীক। গাংগুলীয়ে কয় যে, পাকিস্তানৰ প্ৰদৰ্শন ভাৰততকৈ ভাল নহ'লেও, দলটোক কম শক্তিশালী বুলি ভবাটো মুৰ্খামী হ'ব। লগতে তেওঁ মনত পেলাই দিয়ে যে ২০১৭ৰ চেম্পিয়ন ট্ৰফীৰ ফাইনেল মেচত ভাৰতক পাকিস্তানে পৰাস্ত কৰিছিল।

সৌৰভগাংগুলীয়ে কয় যে, ২০১৭ৰ চেম্পিয়ন ট্ৰফীৰ ফাইনেলত ভাৰতে পাকিস্তানক সম্ভৱত কমশক্তিশালী দল বুলি গণ্য কৰিছিল, সেয়েহে হয়তো জয় হ'ব নোৱাৰিলে। বংগাল টাইগাৰ নামেপৰিচিত সৌৰভ গাংগুলীয়ে ভাৰতীয় ক্ৰিকেট দলটোক সতৰ্ক কৰি কয়- 'ভাৰতে বহু সতৰ্কতাৰে খেলিবলাগিব। নাভাবিব যে বিশ্বকাপত আমাৰ প্ৰদৰ্শন পাকিস্তানৰ তুলনাত বহুত ভাল। কাইলৈক্ৰিকেটৰ মহাযুদ্ধ হ'ব।'

ইফালে, শচীনতেণ্ডুলকাৰেও গাংগুলীৰ এই মন্তব্যক সমৰ্থন জনায়। তেণ্ডুলকাৰে কয়- 'পাকিস্তানে সদায়েআমাক আচৰিত কৰি আহিছে। সেয়েহে ভাৰতে পাকিস্তানক কম শক্তিশালী দল বুলি ভবাটো উচিতনহ'ব। ভাৰতীয় ক্ৰিকেট দলে যি পদক্ষেপেই ল'ব বহু ভাবি-চিন্তি লয় যাতে।' গাংগুলী আৰু তেণ্ডুলকাৰে কয় যে ভাৰতআৰু পাকিস্তানৰ মাজৰ মেচ কেৱল ক্ৰিকেটৰ এখন সাধাৰণ খেল নহয়। তাতকৈ বহু ওপৰত। সকলোৱেএই মেচখনক লৈ বহু উৎসাহী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in