/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/401510e7-e77a-47e1-a3fd-60ec6b90ef52/rohit_11.jpg)
দিল্লীত ৰোহিত শৰ্মাৰ ৰাণ আৰু অভিলেখৰ ধুমুহাত বিধ্বস্ত আফগানিস্তান...
ডিজিটেল ডেস্কঃ বহু অভিলেখ ভঙা-গঢ়া কৰি এদিনীয়া বিশ্বকাপ-২০২৩ ৰ দ্বিতীয়খন মেচো জয় কৰিলে ভাৰতে। ভাৰতীয় দলটোৱে আফগানিস্তানক মুঠ ৮ উইকেটত পৰাস্ত কৰে।
ইয়াৰ পূৰ্বে ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰিছিল। এই জয়ৰ সৈতে ভাৰতীয় দলটোৱে মুঠ ৪ পইণ্ট অৰ্জনেৰে পইণ্ট টেবুলৰ দ্বিতীয়স্থান অৰ্জন কৰিছে।
বুধবাৰে অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিবা-নৈশ মেচখনত আফগানিস্তানে প্ৰথমে বেটিং কৰি ৮ উইকেটত ২৭৩ ৰাণ কৰিবলৈ সক্ষম হয়। ভাৰতে এই লক্ষ্য আগত লৈ মাত্ৰ ৩৫ অভাৰতে বিজয় সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2c1b84fb-ffbc-4307-9775-bdc90b919f44/F8K2Ke_XYAEijYZ.jpg)
মেচখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমৰে পৰা বিধ্বংসী ৰূপ ধাৰণ কৰি কেইবাটাও ৰেকৰ্ড ভংগ কৰাৰ লগতে নতুন ৰেকৰ্ড গঢ়ি শতক অৰ্জন কৰে। ৰোহিত শৰ্মাই আজিৰ মেচখনত মাত্ৰ ৬৩ টা বলতে অৰ্জন কৰে শতক।
তেওঁ মুঠ ৮৪ টা বল খেলি ১৬ টা ফ'ৰ, ৫ টা ছিক্সেৰে মুঠ ১৩১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগে লগে তেওঁ ৭ টাকৈ শতক অৰ্জনেৰে এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰলৈ ৰূপান্তৰ হয়।
ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰে সৰ্বাধিক ৬ টা শতক অৰ্জন কৰিছিল। তেওঁ মুঠ ৪৪ খন মেচ খেলি এই অভিলেখ গঢ়িছিল। ইয়াৰ বিপৰীতে ৰোহিত শৰ্মাই ২০১৫ বিশ্বকাপত এটা শতক আৰু ২০১৯ বিশ্বকাপত ৫ টা শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ এই ৰেকৰ্ড স্পৰ্শ কৰিছিল।
ৰোহিত শৰ্মাই তেণ্ডুলকাৰৰ এই ৰেকৰ্ড ৩ খন বিশ্বকাপৰ মাত্ৰ ১৯ খন মেচ খেলিয়েই ভংগ কৰিলে। ইয়াৰোপৰি ৰোহিত শৰ্মাৰ এয়া আছিল নিজৰ কেৰিয়াৰৰ ৩১ সংখ্যক শতক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/74fadb82-5a90-47cb-8ed0-7803d9f380a4/F8K2uKYaQAATgGb.jpg)
এদিনীয়াত সৰ্বাধিক শতকৰ ক্ষেত্ৰত ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ পূৰ্বৰ অধিনায়ক ৰিকি পণ্টিঙৰ অভিলেখো ভংগ কৰিছে। পণ্টিঙে এদিনীয়াত ৩০ টা শতক অৰ্জন কৰিছিল। এই ৰেকৰ্ড ভংগ কৰি এদিনীয়াত ৰোহিত শৰ্মা সৰ্বাধিক শতক অৰ্জনকাৰী ক্ৰিকেটাৰৰ তালিকাৰ তৃতীয়স্থানলৈ উন্নীত হৈছে।
সৰ্বাধিক এদিনীয়া শতকৰ ক্ষেত্ৰত প্ৰথমস্থানত আছে শচীন তেণ্ডুলকাৰ। তেওঁ মুঠ ৪৯ টা শতক অৰ্জন কৰিছিল। ইয়াৰ পিছতে আছে বিৰাট কোহলিৰ নাম। বিৰাটে এই পৰ্যন্ত মুঠ ৪৭ টা শতক অৰ্জন কৰি দ্বিতীয় স্থানত আছে।
ইফালে বিশ্বকাপত আজি ৰোহিত শৰ্মাৰ ব্যক্তিগত ১০০০ ৰাণো সম্পূৰ্ণ হয়। ইয়াৰোপৰি তেওঁ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ছিক্সাৰ কোবাৱা বেটছমেন হিচাপে পৰিগণিত হৈছে। তেওঁৰ বেটৰ পৰা এই পৰ্যন্ত আহিছে ৫৫৬ টা ছিক্স।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e694eb3a-388b-4b7a-b7e7-794ba09bff14/F8K1h6OW8AABWIF.jpg)
ইয়াৰোপৰি ৰোহিত শৰ্মা এদিনীয়া বিশ্বকাপত সৰ্বাধিক ছিক্স কোবাৱা প্ৰথমগৰাকী ভাৰতীয়, এদিনীয়া মেচৰ পাৱাৰপ্লেত সৰ্বাধিক ৰাণ কৰা ভাৰতীয়, বিশ্বকাপৰ মেচত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰিছ গেইলক অতিক্ৰম কৰি সৰ্বাধিক ৫৫৬ টা ছিক্স কোবাই।
পূৰ্বে ৫৫৩ টা ছয়েৰে গেইলে সৰ্বাধিক ছয় কোবোৱা ক্ৰিকেটাৰ হিচাপে ৰেকৰ্ড গঢ়ি থৈছিল।ৰোহিতে টি-২০ ক্ৰিকেটত ৭৭ টা, টেষ্ট মেচত ১৮২ টা আৰু এদিনীয়াত ২৯৭ টা ছিক্স কোবাইছে। ইফালে তেওঁ এদিনীয়া বিশ্বকাপৰ মাত্ৰ ১৯ খন মেচ খেলিয়েই ১০০০ ৰাণ অতিক্ৰম কৰা দ্ৰুততম ভাৰতীয় বেটছমেন হিচাপেও অভিলেখ গঢ়িলে।
মেচখনত বিৰাট কোহলিৰ বেটৰ পৰাও আহে ৫৬ ৰাণৰ এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ। বিৰাটে ৫৫ টা বলত এই ৰাণ সংগ্ৰহ কৰে। তেওঁ ৩৫ নং অভাৰত অন্তিমটো বলত চাৰি কোবাই ভাৰতক ৮ উইকেটত বিজয়ৰ সোৱাদ দিয়ে।
2⃣ in 2⃣ for #TeamIndia! 🇮🇳
Virat Kohli with the winning runs as India chase down the target with 15 overs to spare 👏👏
Scorecard ▶️ https://t.co/f29c30au8u#CWC23 | #TeamIndia | #INDvAFG | #MeninBlue pic.twitter.com/ZrmSTSxA4H— BCCI (@BCCI) October 11, 2023
বিৰাটেও তেওঁৰ ইনিংছত ৬ টা ফ'ৰ কোবাই আৰু শ্ৰেয়াস আয়াৰৰ সৈতে ৬৮ ৰাণৰ পাৰ্টনাৰ্শ্বিপ গঢ়ে। আয়াৰে দলীয় স্ক'ৰলৈ ২৫ ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰিবলৈ আহি ঈশান কিষাণেও ৪৭ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে। তেওঁ ৰোহিত শৰ্মাৰে ১৫৬ ৰাণৰ পাৰ্টনাৰ্শ্বিপ গঢ়ে।
ইফালে ভাৰতীয় বলাৰসকলৰ ভিতৰত আজি সৰ্বাধিক ৪ টা উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে। হাৰ্দিক পাণ্ডিয়াই ২ টা, কুলদীপ যাদৱ আৰু শাৰ্দুল ঠাকুৰে এটাকৈ উইকেট দখল কৰে।
ভাৰতীয় বলাৰৰ এনে প্ৰদৰ্শনৰ বাবেই আফগানিস্তানৰ হৈ হাছমাতুল্লা আৰু আজমাতুল্লাৰ বাহিৰে কোনো এগৰাকী বেটছমেনেই ২৫ ৰাণৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। দলটোৰ হৈ অধিনায়ক হাছমাতুল্লাই ৮০ ৰাণ আৰু আজমাতুল্লাই ৬২ ৰাণৰ ইনিংছ খেলে।
Also Read: দিল্লীত ''দ্যা হিটমেন শ্ব'' : ৰেকৰ্ড সৃষ্টিৰে ৰোহিত শৰ্মাৰ শতক...