প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয় বিশ্ব চাইকেল দিৱস। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই বিশেষ দিনটোত এগৰাকী বিশেষ ব্যক্তিক লৈ যুগুটোৱা হৈছে এই প্ৰতিবেদন। অসমৰে এজন ব্যক্তিয়ে পৰিৱেশ, স্বাস্থ্য আৰু নৱ প্ৰজন্মৰ বাবে নীৰৱে চলাই আছে এক ব্যতিক্ৰমী আন্দোলন। তেওঁৰ চিন্তাৰাজি আৰু অন্যান্য কিছু প্ৰসংগ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…
বিশ্ব বাইচাইকেল দিৱস আৰু এজন বিশেষ মানুহ…
গাড়ী-মটৰ নহ'লেও নাই পিট-পিট। চাইকেল চলাই যাও আমি…. মানস ৰবীনৰ পৰিচালনা আৰু জুবিন-ভিটালীৰ কন্ঠত ২০০৩ চনত সমগ্ৰ অসমত জনপ্ৰিয় উঠিছিল এই বিহুগীতটি। গ্ৰাম্য জীৱনৰ পটভূমিত বিহুগীতটিৰ শ্বুটিং হৈছিল। চহৰৰ গাড়ী-মটৰক বাদ দি গ্ৰামাঞ্চলত চাইকেলখনেই যে যাতায়তৰ বাবে মুখ্য আহিলা, তাক সুন্দৰকৈ উপস্থাপন কৰা হৈছিল গীতটিৰ দৃশ্যাংশত।
সঁচাকৈ! চাইকেল চলোৱাত কিমান সুবিধা আছে কেতিয়াবা ভাবি চাইছেনে! স্বাস্থ্যৰ পৰা আদি কৰি প্ৰদূষণ ৰোধৰ লৈকে চাইকেলৰ আছে যথেষ্ট উপকাৰিতা। বিভিন্ন সময়ত চাইকেলৰ এই উপকাৰিতাবোৰৰ বিষয়ে আলোচনাৰ লগতে কাকত-আলোচনীতো এই বিষয়ত অলেখ লেখা ওলায়, গতিকে চাইকেলৰ সুবিধাৰ সম্পৰ্কত নতুনকৈ লিখাৰ হয়তো প্ৰয়োজন নাই। কিন্তু এটা কথা জনাই থও, সদায় নিয়মীয়াকৈ আধা ঘণ্টা সময় চাইকেল চলাওক আৰু দেহ সুস্থ কৰি ৰাখক । ইয়াৰ ফলত ৬১২ কেলৰি শক্তি খৰচ হয় যাৰ, পৰিণতিত শৰীৰত মেদ জমা হ'ব নোৱাৰে।
দিনে দিনে গাড়ী-মটৰৰ সংখ্যা বাঢ়িছে। মাজৰে এটা দশকত চাইকেলৰ আদৰ পূৰ্বতকৈ তুলনামূলকভাৱে কমি গৈছিল। কিন্তু শেহতীয়াকৈ চাইকেলৰ প্ৰতি মানুহৰ আদৰ অতিকৈ বৃদ্ধি পাইছে। পূৰ্বতকৈ চাইকেলবোৰৰ ডিজাইন অধিক আকৰ্ষণীয় কৰি তোলা হৈছে, যাৰ ফলত পৃথিৱীৰ বহু দেশত প্ৰধান প্ৰধান চহৰবোৰত চাইকেলকেই যাতায়তৰ মুখ্য আহিলা হিচাপে ব্যৱহাৰ কৰা দেখা যায়। চীন, জাপান, আমেৰিকাৰ দৰে উন্নত দেশসমূহত চাইকেলৰ গুৰুত্ব মনকৰিবলগীয়া।
চাইকেলৰ বাবে এফালে সুস্থ-নিৰোগী স্বাস্থ্য, আনফালে ইন্ধন ৰাহি আৰু প্ৰদূষণ ৰোধ। আপুনি জানেনে, সমগ্ৰ ভাৰতত প্ৰতিদিনেই কিমান লিটাৰ পেট্ৰল-ডিজেল খৰচ কৰা হয়! প্ৰাপ্ত এক তথ্যনুসৰি সমগ্ৰ ভাৰতত প্ৰত্যেকটো দিনত খৰচ হয় ৩,৫৩,৬০,০০০ লিটাৰ পেট্ৰল। ইফালে প্ৰত্যেকটো দিনত ডিজেল খৰচ হয় ৯,৮,৪০০০০০ লিটাৰ। ১ লিটাৰ পেট্ৰলত ৭৫ টকাৰো অধিক টকাৰ দৰত কিনিলে এটা দিনত পেট্ৰলৰ নামতে ভাৰতবৰ্ষই কিমান খৰচ কৰে এবাৰ ভাৱকচোন!
দিনে দিনে বাঢ়ি অহা যান-বাহনে কেৱল খৰচেই নহয় বৃদ্ধি কৰিছে প্ৰদূষণ আৰু 'টেফ্ৰিক জাম'ৰ দৰে সমস্যাৰ। দিল্লী, মুম্বাইকে ধৰি ভাৰতবৰ্ষৰ কেইবাখনো চহৰত যান-যটঁৰ সমস্যাই প্ৰতিদিনাই জুৰুলা কৰে সাধাৰণ ৰাইজক। বিশ্বৰ সৰ্বাধিক টেফ্ৰিক জাম হোৱা ১০ খন চহৰৰ ভিতৰত ৪ খনেই আছে ভাৰতবৰ্ষত। সেইকেইখন হৈছে বাংগালুৰু, পুণে, মুম্বাই আৰু দিল্লী। জানি আচৰিত হব যে, বিশ্ব ভিতৰতে সৰ্বাধিক 'টেফ্ৰিক জাম' হোৱা চহৰখনেই হৈছে বাংগালুৰু।
গতিকে পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই কিছুমান সমস্যাৰ বাচিবলৈ ভাৰতবাসীয়ে বিশেষকৈ চীন, জাপানৰ কিছু কৌশল সময় থাকোতেই অৱলম্বন কৰা উচিত। ভাৰতৰ কথা বাদ, শেহতীয়াকৈ গুৱাহাটী চহৰত সৃষ্টি হোৱা ব্যাপক যান-যটঁৰ পৰা বাচিবলৈ এটা অন্যতম উপায় হৈছে, সকলোৱে কম দুৰত্বৰ বাবে ব্যৱহাৰ কৰিব লাগিব চাইকেল। কেৱল এদিন বা দুদিনৰ বাবে চাইকেল ৰেলী জাতীয় অনুষ্ঠানেৰে 'বহাগত কুলিয়ে মতাৰ দৰে' কাম কৰিলে এই সমস্যাৰ সমাধান নহয়, সেয়া নিশ্চিত।
ব্যাপক যান-যটঁৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ভাৰতৰ পুণে, উদয়পুৰ, বাংগালুৰু, পুডুচেৰীৰ দৰে ঠাইত চাইকেলক অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। পুণে আৰু উদয়পুৰত চাইকেল যাত্ৰাৰ বাবে পৃথককৈ ট্ৰেক নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। মুঠৰ ওপৰত, দিনক দিনে চাইকেলৰ গুৰুত্ব ভাৰতবৰ্ষত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিন্তু বিদেশত এই চাইকেল চলোৱাৰ আন্দোলন দশকজোৰা সময়ৰ পূৰ্বতেই আৰম্ভ হৈছিল।
বিদেশৰ প্ৰায়বোৰ মুখ্য চহৰত এতিয়া অন্যান্য যান-বাহনতকৈ চাইকেলৰ গুৰুত্ব বেছি। বহু চহৰত চাইকেল আৰোহীৰ বাবে আছে পৃথক পথ। চাইকেল যাত্ৰাৰ বাবে বিশ্বৰ ভিতৰতে সবাতোকৈ সুন্দৰ আন্তগাথঁনি থকা চহৰখন হৈছে Copenhagen। ডেনমাৰ্কৰ ৰাজধানী Copenhagenত প্ৰায় ৬২ শতাংশ মানুহে অফিচ-কাছাৰীলৈ যাবৰ বাবে ব্যৱহাৰ কৰে চাইকেল। চহৰখনত ৪৫ শতাংশ যান-বাহন হৈছে চাইকেল।
ইয়াৰোপৰি, নেডাৰলেণ্ডৰ ৰাজধানী Amsterdam আৰু Utrecht চহৰত যাতায়তৰ মুখ্য আহিলাই হৈছে চাইকেল। ২০৩০ চনৰ ভিতৰত নেডাৰলেণ্ডৰ বহুকেইখন চহৰত চাইকেল যাত্ৰাৰ বাবে পৃথকৈ পথ নিৰ্মাণ কৰি যান-যটঁৰ সমস্যা একেবাৰে নিৰ্মূল কৰাৰো আচঁনি হাতত লৈছে। এনেদৰে বহুকেইখন উন্নত দেশত যান-যটঁৰ সমস্যা নিৰ্মূলৰ বাবে প্ৰধান অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছে চাইকেলক। ইয়াৰ ভিতৰত টকিঅ' অন্যতম।
এয়া আছিল বিদেশৰ কথা, আমাৰ অসমত চাইকেলক বাহিৰৰ দেশৰসমূহৰ দৰে ব্যৱহাৰ হৈছেনে! সময় বাগৰাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ চহৰত যান যটঁৰ সমস্যাই মূৰ দাঙি উঠিছে। ইয়াৰ বাবে দীৰ্ঘম্যাদী কি ব্যৱ্স্থা গ্ৰহণ কৰা হ'ব! অন্য দেশৰ দৰে অসমতো আৰম্ভ হ'ব লাগে চাইকেল চলোৱাৰ আন্দোলন। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে কম দুৰত্বতে থকা অফিচ-কাছাৰীলৈ যাবলৈ সকলোৱে ব্যৱহাৰ কৰিব লাগে চাইকেল। কিছুবছৰৰ পূৰ্বে এই আন্দোলন আৰম্ভ হৈছিল মৰিগাঁও মহাবিদ্যালয়ত। অধ্যক্ষৰ পৰা আদি কৰি মহাবিদ্যালয়খনৰ গৰিষ্ঠসংখ্যক শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিছিল চাইকেল। কিন্তু পিছৰ পৰ্যায়ত অসমৰ কোনো ঠাইত চাইকেল চলোৱাৰ এই আন্দোলন বৰ বেছি সক্ৰিয় হৈ নুঠিল।
চাইকেল চলোৱাৰ বাবে প্ৰথমে জনতাক সচেতন কৰিব লাগিব। জনাব লাগিব চাইকেল চলোৱাৰ উপকাৰিতা। এই দায়িত্ব কেৱল কোনোবা নিৰ্দিষ্ট সংস্থা-সংগঠনৰ নহয়, দায়িত্ব সকলোৰে আছে। দৈনন্দিন নিজৰ কাম-কাজৰ মাজতেই এই সজাগতা সকলোৱে আনিব পাৰে। চাইকেল চলোৱাৰ সেই সজাগতা সমাজত বিয়পাবলৈ অহৰহ চেষ্টা কৰি আছে গুৱাহাটীৰে এজন সাধাৰণ লোকে।
গুৱাহাটীৰ চি জে এম কৰ্টৰ ভিতৰতে বহু ফটোষ্টেটৰ দোকান আছে। ইয়াৰে এখন দোকানত কাম কৰে মানুহজনে। ফটোষ্টেট মেচিনৰ কাষতে পুৱাৰে পৰা সন্ধিয়া ৫ বজালৈ এখন টোলত বহি গ্ৰাহকৰ অপেক্ষাত বহি থাকে তেওঁ। দোকানখনত তেওঁ কৰ্মচাৰীহে, মাহিলীকৈ দৰমহা পায়। এই সাধাৰণ মানুহজনেই বিগত দুটা দশক ধৰি নীৰৱে চলাই গৈছে চাইকেল চলোৱাৰ আন্দোলন।
সাধাৰণ মানুহৰ অসাধাৰণ কামবোৰ কেতিয়াবা বহু দেৰিকৈহে চৰ্চা হয়, তাৰ উদাহৰণ হিচাপে এই মানুহজনক লব পাৰে। বয়স প্ৰায় ৫৫ দেওনা পৰা কৰা মানুহজনে প্ৰতিদিনাই গুৱাহাটীৰ কুমাৰপাৰাৰ নাৰায়ণপুৰত থকা ঘৰৰ পৰা চাইকেলেৰেই চি জে এম কৰ্টলৈ অহা-যোৱা কৰে। আপুনি ভাৱিছে নহয়, এয়া কি ডাঙৰ কথা! অসমত এনে বহু মানুহ আছে…কিন্তু…এই মানুহজন আন চাইকেল চলোৱাবোৰতকৈ বেলেগ।
ক্লিক কৰি পঢ়কঃ দুৰ্গত শিল্পী, কলা-কুশলীৰ কাষত মাজুলী মিলন সংঘ…
প্ৰায় ১২ বছৰৰ পূৰ্বে মানুহজনে 'চেকেণ্ড হেণ্ড'কৈ কিনিছিল এখন চাইকেল। ইয়াৰ আগতে থকা চাইকেলখনৰ অৱস্থা শোচনীয় হোৱাৰ বাবে অন্য এজনৰ পৰা কিনিছিল এই পুৰণি চাইকেলখন, পুৰণি যদিও তেওঁৰ বাবে নতুন। তেওঁ চাইকেলখন ইমান আটোম-টোকাৰিকৈ ৰাখে যে, কোনোয়ে আজি দেখি অনুমানে কৰিব নোৱাৰে যে ১২ বছৰৰ পূৰ্বে এই চাইকেলখন তেওঁ 'চেকেণ্ড হেণ্ড'কৈ কিনিছিল।
পূৰ্বতে তেওঁ চাইকেল চলালে মানুহৰ কি উপকাৰ হয় সদায়ে লগ পাই থকা সকলো লোককে জনাইছিল। কিন্তু ২০০৯ চনত নতুনকৈ এই চাইকেলখন লোৱাৰ পাছতে তেওঁ ভাবিলে চাইকেল চলোৱাৰ এই আন্দোলন সমগ্ৰ অসমতে হব লাগে। সেউজীয়া অসমখনত দিনক-দিনে বৃদ্ধি পোৱা প্ৰদূষণত বৰ্দ্ধিত যান-বাহনেও যথেষ্ট অৰিহনা যোগাইছে বুলি তেওঁ ধাৰণা কৰিছিল। সেয়েহে যেতিয়াই তেওঁ কামৰ ছুটী পায় অথাৎ বিহু-পূজাৰ দীঘলীয়া বন্ধত অসমৰ প্ৰতিখন জিলালৈ চাইকেলেৰে যাবৰ বাবে এক পৰিকল্পনা কৰিলে।
পৰিকল্পনামতেই তেওঁ কামত আগবাঢ়িল। মাজুলী, শদিয়াৰ পৰা ধুবুৰীৰ লৈকে অসমৰ প্ৰত্যোকখন জিলালৈ তেওঁ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে। কোনো প্ৰচাৰ বা কোনোলোকক আগতীয়াকৈ নজনোৱাকৈয়ে তেওঁৰ এই চাইকেল যাত্ৰা প্ৰত্যেকখন জিলালৈ আৰম্ভ কৰিলে। মুখেৰে একো নকলেও তেওঁৰ সেই চাইকেলখনৰ আগফালে আৰু পিছফালে আঁৰি ললে সৰুকৈ দুখন বেনাৰ। তাত লিখি ল'লে- চাইকেল চলাওক, তিনিটা বচাওক। পৰিৱেশ, পেট্ৰল, স্বাস্থ্য। নিজৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে…
চাইকেল লৈ এনেকৈয়ে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সজাগতাৰ বাণী বিলাই ফুৰিছে। মুখেৰে একো নকলেও ফলক কেইখন দেখি বহুলোকেই তেওঁক ৰখাই কথাবোৰ সোধে। আৰু নোসোধা সকলেও হয়তো ফলককেইখন দেখিয়েই বুজে, ভৱিষ্যত প্ৰজন্মৰ বাবে কি কৰা উচিত।মানুহজনে এতিয়ালৈকে অসমৰ গৰিষ্ঠসংখ্যক জিলা ভ্ৰমণ কৰিছে। বাকী আছে মাথোঁ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা। সময় পালেই এই কামো তেওঁ অচিৰেই সম্পন্ন কৰিব।
তেওঁ আমাক জনোৱামতে, তেওঁ একেৰাহে সৰ্বাধিক ৪০০০ কিঃমিঃ চাইকেল চলাইছে, সেয়া তেওঁৰ আছিল শিলিগুৰি যাত্ৰা। ২০১৮ চনত চাইকেলখন লৈয়ে পাইছিলগৈ মাজুলী। আমি সুধিছিলো, এতিয়া নতুনকৈ ওলোৱাৰ দৰে আপোনাৰ চাইকেলখন অত্যাধুনিকো নহয়, ইমান দূৰ কেনেকৈ যায়।' তেওঁ হাঁহি মাৰি ক'লে, মোৰ কষ্ট নহয়, মই অনুভৱেই নকৰো। ঘৰত কেতিয়াবা এনেয়ে থাকিলেও মই প্ৰায় ৬০-৭০ কিঃমিঃ গুৱাহাটীখনতে চাইকেল মাৰো। বহুত মানুহে মোক ৰখাই এই কামৰ বাবে প্ৰশংসাও কৰে।' তেওঁ লগতে জনালে, শেহতীয়াকৈ তেওঁ চাইকেলেৰে বাংলাদেশ ভ্ৰমণৰ কথা আছিল যদিও, মাতৃৰ বিয়োগৰ বাবে যোৱা নহ'ল।
আৰু বহু কথা হৈছিল তেওঁৰ সৈতে। বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি কেতিয়াবা কোনো কোনো সংস্থাই তেওঁক এবাৰ ৰেইনকোৰ্ট আৰু গামোছা দিয়াৰ কথাও ক'লে। দুপৰীয়াভাগত কৰ্টৰ ব্যস্ত পৰিৱেশৰ মাজতে তেওঁক লগ কৰা হৈছিল। কৰ্টৰ চৌহদৰ শ শ বাইকৰ মাজতে এচুকত তেওঁৰ বাইচাইকেলখন আটোম-টোকাৰীকৈ ৰখাই থোৱাও তেওঁ দেখুৱালে। দীঘল দাঢ়িকোছাৰে তেনেই সাধাৰণ যেন লগা অথচ নীৰৱে এক মহৎ উদ্দেশ্যেৰে এই আন্দোলন চলাই যোৱা মানুহজন বাবুল চন্দ দে'। গুৱাহাটীৰ কুমাৰপাৰাৰ নাৰায়ণপুৰত তেওঁৰ ঘৰ। নিৰ্জু মানুহজনে অহাৰ সময়ত সুধিলে, মোৰ কথা ক'ৰবাত লিখিবা নেকি! তেওঁৰ চিন্তাৰ জোখাৰে এই লেখা নগণ্য, তেওঁৰ নীৰৱে চলাই যোৱা আন্দোলনক 'চেল্যুট'…