/asomiyapratidin/media/media_files/2025/09/02/gtf-2025-09-02-16-13-29.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ য়েছটেক আৰু ৱিণ্ডছ প্ৰযুক্তিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত মঙলবাৰে গুৱাহাটীস্থিত অসম প্ৰশাসনিক ষ্টাফ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন কৰ্মশালা।
এই কৰ্মশালাত সংস্থাৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। ৰাজ্যত কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত কৰ্মশালাখনত আৰোপ গুৰুত্ব কৰা হয়।
এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু কৃষি উৎপাদন আয়ুক্ত শ্ৰীমতী অৰুণা ৰাজ’ৰিয়া আৰু কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্ৰবীণ লগতে এমএনচিএফচি, অসম কৃষি সঞ্চালকালয়, অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চাকালয়, আৰ.এম.চি.-আই.এম.ডি., এন.ই.এছ.এ.চি., Niruthi আৰু Skymet Weather Services Pvt. ltd.ৰ প্ৰতিনিধি সকল অনুষ্ঠানটিত উপস্থিত আছিল।
আলোচনাৰ সময়ত ৰাজ্যৰ কৃষিক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰে মূল বিষয়সমূহ হৈছে—
- প্রযুক্তিৰ সহায়ত শস্য চপোৱা পদ্ধতি উন্নত কৰা।
- কৃষি পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে উপগ্ৰহ তথ্যৰ ব্যৱহাৰ।
- অসমত WINDS প্ৰযুক্তি কার্য্যকৰী কৰা, যাৰ জৰিয়তে খেতিয়কৰ বাবে বতৰৰ সঠিক পূৰ্বাভাস আৰু কৃষি বিষয়ক তথ্য সহজলভ্য হ’ব।
এই কৰ্মশালাখনে পৰম্পৰাগত কৃষি পদ্ধতিৰ সৈতে অত্যাধুনিক বিজ্ঞান প্ৰযুক্তি যেনে- উপগ্ৰহ চিত্ৰ, ডিজিটেল সঁজুলি আৰু তথ্য-ভিত্তিক সমাধান আদিৰ সমন্বয়ৰ বাবে যৌথ মঞ্চ প্ৰদান কৰে।