ৰাজনীতিৰ পৰা শিক্ষালৈকে সকলোতে পিছ পৰিছে মহিলা, দেশৰ বিশ্ববিদ্যালয়তো একেবাৰে নগণ্য মহিলা উপাচাৰ্য, মহিলা সৱলীকৰণত গুৰুত্ব কটনৰ…

ৰাজনীতিৰ পৰা শিক্ষালৈকে সকলোতে পিছ পৰিছে মহিলা, দেশৰ বিশ্ববিদ্যালয়তো একেবাৰে নগণ্য মহিলা উপাচাৰ্য, মহিলা সৱলীকৰণত গুৰুত্ব কটনৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ "দেশৰ চৰকাৰত মুঠ ৬৩ গৰাকী মন্ত্ৰী আছে। তাৰে মাত্ৰ ৪ গৰাকীহে মহিলা। মহিলাসকল এনেদৰেই পিছ পৰি ৰৈছে। মহিলা সৱলীকৰণৰ প্ৰয়োজন আছে।" বিশিষ্ট সাংবাদিক, লেখক পদ্মশ্ৰী পেট্ৰিচিয়া মুখিমে কটন বিশ্ববিদ্যালয়ৰ Women's Studies Centreৰ শুভাৰম্ভৰ অনুষ্ঠানত 'Making Meaning of Democracy: Gender, State and Ethnicity' বিষয়ত বক্তৃতা দি শুকুৰবাৰে এনেদৰে কয়। তেওঁ লগতে আক্ষেপ প্ৰকাশ কৰি কয়, মহিলাসকলক আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত কৰণীয় আছে। ৪৩১ খন বিশ্ববিদ্যালয়ৰ ভিতৰত দেশত মাত্ৰ ৩০ খন বিশ্ববিদ্যালয়তহে মহিলা উপাচাৰ্য আছে।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে শুভাৰম্ভ কৰা বক্তৃতানুষ্ঠানটোত মুখিমে লগতে কয়, দেশত থকা মহিলা মহাবিদ্যালয়সমূহতো পুৰুষ উপাচাৰ্যহে থাকে। দেশৰ লোকসভা নিৰ্বাচনতো প্ৰাৰ্থিত্ব আগবঢ়োৱা ৮০০০ প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৭০০হে মহিলা আছিল বুলি কৈ পেট্ৰিচিয়া মুখিমে কয়, বহু পুৰুষে মহিলা সৱলীকৰণৰ কথা কয় কিন্তু তেওঁলোকে নিজে কোৱা কথাখিনিকে ঘৰলৈ গৈ পাহৰি যায়।

অনুষ্ঠানটোত Women's Studies Centreৰ বিষয়ে উল্লেখ কৰি সমন্বয়ক ডঃ ৰাখি কলিতা মৰলে কয়, প্ৰতিখন উচ্চ শিক্ষানুষ্ঠানত এনে কেন্দ্ৰ থাকে। মহিলাসকলক শিক্ষাৰ দিশৰ পৰা আগবঢ়াই নিবৰ বাবে ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে বহুকেইখন বিশ্ববিদ্যালয়ত এনে পদক্ষেপ লোৱা হৈছে। কটন বিশ্ববিদ্যালয়ৰো বহু দায়িত্ব আছে। আমি নিজৰ দায়িত্ব পালন কৰি ৰাজনীতি, অৰ্থনীতিত দেখা দিয়া অসুবিধা সমূহৰো কথা পাহৰিব নালাগে। সকলো সংস্কৃতি, চিন্তাধাৰাৰ ছাত্ৰ-ছাত্ৰী কটন বিশ্ববিদ্যালয়ত আছে গতিকে আমি মহিলাসকলৰ শিক্ষাৰ কথা পাহৰি যাব নোৱাৰো।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে বক্তৃতানুষ্ঠান শুভাৰম্ভ কৰি কয়, এতিয়া আমাৰ বিশ্ববিদ্যালয়ত মহিলা শিক্ষাৰ এটা কেন্দ্ৰ স্থাপিত হ'ল। এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সুখ অনুভৱ কৰিছো। কেন্দ্ৰটোত সম্পূৰ্ণভাৱে শিক্ষা প্ৰদান কৰা হ'ব। ইয়াৰ সৈতে বিভিন্ন মানুহ সংযুক্ত হ'ব।

উল্লেখ্য যে, প্ৰথম অৱস্থাত Women's Studies Centreত post graduate diploma in gender studiesৰ ক'ৰ্চ আৰম্ভ হ'ব। শ্ৰেণীসমূহ আৰম্ভ হ'ব পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা। ইয়াৰ লগতে আন কেবাটাও ক'ৰ্চ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিশ্ববিদ্যালয়খনে।

কেন্দ্ৰটোৰ উপদেষ্টা হিচাপে নিযুক্ত হোৱা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব টি ৱাই দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তিলোত্তমা মিশ্ৰ, বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আন বহুতো অভিজ্ঞ লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in