পত্নীৰ অবৈধ সৰ্ম্পকৰ বাবেই এতিয়া অন্ধকাৰ দুলীয়াজানৰ ‘ভৱিষ্যত’ৰ ভৱিষ্যত, পঢ়ক সবিশেষ…

পত্নীৰ অবৈধ সৰ্ম্পকৰ বাবেই এতিয়া অন্ধকাৰ দুলীয়াজানৰ ‘ভৱিষ্যত’ৰ ভৱিষ্যত, পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ সকলো বিপদত একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দি বিবাহপাশত আৱদ্ধ হোৱা পত্মীয়েই স্বামীৰ বাবে হৈ পৰিল এটা ডাঙৰ বিপদ। শুনিবলৈ আচহুৱা যেন লাগিলেও অসমৰ দুলীয়াজানৰ এজন ব্যক্তিৰ ক্ষেত্ৰত সংঘটিত হল এনে এক ঘটনাই। জীৱন সংগী পত্মীয়েই বিপদ হৈ পৰা এই ব্যক্তিজন হৈছে দুলীয়াজানৰ ২নং চলাকটকীৰ ভৱিষ্যত বৰগোহাঁই। কৰ্মসূৰ্ত্ৰে কিছুবছৰ ধৰি মুম্বাইত থকা ভৱিষ্যতৰ ভৱিষ্যত এতিয়া পত্মীক বাবে হৈ পৰিছে অন্ধকাৰ।

২০০৮ চনতে কৰ্মসূত্ৰে মায়ানগৰী মুম্বাইলৈ যাওঁতে ভৱিষ্যত বৰগোহাঁয়ে চিনাকি হৈছিল মুম্বাইৰ নাইগাঁও ৱেষ্ট দাইকা পালগড়ৰৰ কুইনছিয়া ৰডিক্স নামৰ এগৰাকী যুৱতীৰ সৈতে। এটা বছৰ প্ৰেমৰ অন্তত ২০১০ চনত দুয়ো আৱদ্ধ হয় বিবাহপাশত। এইখিনি লৈকে সকলো ঠিকে আছিল কিন্তু বিবাহৰ কিছুদিনৰ পিছৰে পৰা পত্নীয়ে দৈনিক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাবলৈ ললে স্বামী ভৱিষ্যতৰ ওপৰত।

প্ৰাপ্ত খবৰ অনুসৰি, অবৈধ সৰ্ম্পকৰ বাবেই সংসাৰ অশান্তি সৃষ্টি কৰিছিল পত্নীয়ে। দুটাকৈ সন্তানৰ মাতৃ কুইনছিয়া ৰডিক্সে স্বামীৰ আগত তেওঁৰ সহপাঠী বুলি কৈ সত্যবিৰ নায়ৰ নামৰ এজন যুৱকৰ উপৰিও কেইবাজনো যুৱকৰ সৈতে ৰাখিছিল অবৈধ সম্পৰ্ক।

পত্নীৰ এই অবৈধ সৰ্ম্পক শেহতীয়াকৈ স্বামীয়ে পোহৰলৈ অনাত প্ৰেমিকৰ লগত মিলি স্বামী ভৱিষ্যতক ভাতৰ লগত নিচাজাতীয় বস্তু মিহলাই অজ্ঞান কৰি হাত ভৰি বান্ধি কাণত হেডফোন লগাই প্ৰায় ৩ ঘণ্টা সময় ধৰি হাতুৰি, মাৰটুলৰ লগতে বিভিন্ন সামগ্ৰীৰে স্বামীৰ ওপৰত আক্ৰমণ চলায়। চিনেমা, চিৰিয়েলৰ কায়দাৰে শাৰিৰিক শাস্তি দিয়াৰ উপৰিও স্বামী ভৱিষ্যতৰ গাত ধালি দিয়া হৈছিল উতলা গৰম পানী।

প্ৰেমিকৰ সৈতে পত্নীয়ে এই নিৰ্মম অত্যাচাৰ চলোৱাৰ পিচত যুৱকজনৰ জ্ঞান অহাৰ পিছতেই এই পৰিস্থিতিৰ পৰা কোনো মতে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম । পিচত স্থানীয় লোকে দুৱাৰ ভাঙি উদ্ধাৰ কৰে ভৱিষ্যতক। উদ্ধাৰ কৰি স্থানীয়লোক আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মুম্বাইৰ মাণিকপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰে। মুম্বাই জে জে হস্পিতালত প্ৰায় এমাহ চিকিৎসাধীন হৈ থকাৰ পিছত দুলীয়াজানৰ নিজা বাসগৃহত উপস্থিত হৈ ভৱিষ্যত এই সকলো কথা বিৱৰি হৈ পৰিছে এতিয়া আৱেগিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in