প্ৰেতাত্মাৰ ভয় দেখুৱাই গুহাৰ ভিতৰত ১৫ বছৰে যুৱতীক ধৰ্ষণ ভণ্ড তান্ত্ৰিকৰ

প্ৰেতাত্মাৰ ভয় দেখুৱাই গুহাৰ ভিতৰত ১৫ বছৰে যুৱতীক ধৰ্ষণ ভণ্ড তান্ত্ৰিকৰ

ডিজিটেল ডেস্কঃ প্ৰেতাত্মাৰ ভয় দেখুৱাই এগৰাকী যুৱতীক ১৫ বছৰ ধৰি এজন তান্ত্ৰিকে গুহাৰ ভিতৰত যৌন নিৰ্যাতন চলাই অহাৰ খবৰে সমগ্ৰ ইণ্ডোনেছিয়াতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে দেশখনৰ আৰক্ষীয়ে ভণ্ড তান্ত্ৰিকজনক গ্ৰেপ্তাৰ কৰিছে।

জাকাৰ্টা পোষ্টত প্ৰকাশিত খবৰ অনুযায়ী মাত্ৰ ১৩ বছৰ বয়সতে ছোৱালীজনীক পিতৃ-মাতৃয়ে চিকিৎসাৰ কাৰণে তান্ত্ৰিক এজনৰ ওচৰলৈ লৈ গৈছিল। তান্ত্ৰিকজনে ছোৱালীজনীক কেইদিনমানৰ কাৰণে তাতে থৈ যাবলৈ কোৱাত পিতৃ-মাতৃয়ে এৰি থৈ আহে। সেইদিন ধৰি ছোৱালীজনীৰ কোনো শুংসূত্ৰ পোৱা নাছিল পৰিয়ালৰ লোকে। ছোৱালীজনী সুস্থ হৈ চহৰলৈ কাম কৰিবলৈ গৈছে বুলি কোৱাত পৰিয়ালৰ লোকসকলেও সেয়া নিৰ্বিবাদে মানি লৈছিল।

অৱশেষত সুদীৰ্ঘ ১৫ বছৰৰ অন্তত বৰ্তমান ২৮ বছৰত ভৰি দিয়া ছোৱালীগৰাকীক স্থানীয় প্ৰশাসনে বিশেষ সূত্ৰৰ পম খেদি তান্ত্ৰিকজন বাস কৰা গুহাটোৰ পৰা উদ্ধাৰ কৰে। সোধ-পোচৰ অন্তত ছোৱালীজনীয়ে ইমানদিনে প্ৰেতাত্মাৰ ভয় দেখুৱাই তান্ত্ৰিকজনে বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলাই অহাৰ কথা সদৰী কৰিছে।

আৰক্ষীয়ে সদৰী কৰা মতে, ছোৱালীগৰাকীয়ে নিজৰ প্ৰেমিকৰ মৃত্যু হোৱাত মানসিকভাৱে ভাগি পৰিছিল। তেতিয়াই পিতৃ-মাতৃয়ে তেওঁক তান্ত্ৰিকজনৰ ওচৰলৈ লৈ যায়। পিছত সকলো কথা জানিব পাৰি তান্ত্ৰিকজনে দুষ্ট বুদ্ধিৰে ছোৱালীজনীক তেওঁৰ শৰীৰত সেই প্ৰেমিকজনৰ আত্মা প্ৰৱেশ কৰিছে বুলি পতিয়ন নিয়াই আৰু তেওঁকে স্বামী জ্ঞান কৰিবলৈ বাধ্য কৰায়।

আৰক্ষীৰ অনুসন্ধানত আৰু পোহৰলৈ আহিছে যে তান্ত্ৰিকজনে ছোৱালীজনীক বিভিন্ন ভয়-ভাবুকি দেখুৱাই কোনো দিনে গুহাৰ ভিতৰলৈ ওলাবলৈ দিয়া নাছিল। যোৱা ১৫ বছৰত ছোৱালীজনীক তান্ত্ৰিকজনে একাধিকবাৰ গৰ্ভপাত কৰাবলৈ বাধ্য কৰা বুলিও জানিব পৰা গৈছে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৰৱ হৈ পৰিছে দেশখনৰ মহিলা সংগঠনসমূহ। একাধিক নাৰী সংগঠনে ভণ্ড তান্ত্ৰিকজনক কঠোৰ শাস্তিৰ দাবী জনাই ৰাজধানী চহৰ জাকাৰ্টাত প্ৰতিবাদী সমদল উলিওৱাৰ বাতৰিও পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in