কোৰোনা ভাইৰাছেই ৰক্ষা কৰিলে মহিলাৰ প্ৰাণ!

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আৰু ২০হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত। কিন্তু তাৰ মাজতে এক আচৰিত ঘটনা পোহৰলৈ আহিছে। চীনৰ এগৰাকী মহিলা ৰক্ষা পৰে এই কোৰোনা ভাইৰাছৰ ফলত।

হয়, এয়া সত্য কথা। ডেইলী মেলৰ খবৰ অনুসৰি, চীনৰ এগৰাকী মহিলাক ঘৰৰভিতৰত সোমাই এজন লোকে বলাৎকাৰৰ অপচেষ্টা চলাইছিল। কিন্তু মহিলাগৰাকীয়ে নিজকেকোৰোনা ভাইৰাছত আক্ৰান্ত বুলি জনোৱাৰ পাছতেই ধৃত লোকজন সেই স্থানৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ২৫ বছৰীয়া যুৱক ছিয়াঅ'ৱে শুকুৰবাৰে ছি নামৰ এগৰাকী মহিলাৰ বাসগৃহত সোমাই বলাৎকাৰৰ অপচেষ্টা চলাছইল। কিন্তু মহিলাগৰাকীয়ে নিজৰ প্ৰাণৰক্ষাৰ বাবে কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জনোৱাৰ লগতে কাঁহি থকা অভিনয় কৰে।

ধৃত যুৱকজনে মহিলাগৰাকীক কোৰোনা ভাইৰাছত আক্ৰান্ত বুলি গম পোৱাৰ পাছতেই প্ৰায় ৩.০৮০ য়ুৱান (ভাৰতীয় মূল্য হিচাপত ৩১,৪৪৫ টকা) লৈ পলায়ন কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in