শিৱসাগৰ দিখৌ নদীত জঁপিয়াই মহিলা সন্ধানহীন…

শিৱসাগৰ দিখৌ নদীত জঁপিয়াই মহিলা সন্ধানহীন…

ডিজিটেল সংবাদ, দিখৌঃ শিৱসাগৰ চহৰত অঘটন। আজি পুবতি নিশা আমগুৰি ঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নদীত জঁপিয়াই এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । সন্ধানহীন মহিলা গৰাকীৰ নাম শিখা শইকীয়া ৷ জয়সাগৰৰ নিৱাসী পংকজ গায়নৰ সৈতে ২০০৭ চনত বিবাহ পাশত আবদ্ধ হোৱা শিখা শইকীয়া এটি তেৰ বছৰীয়া সন্তানৰ মাতৃ।

কালুগাওঁ উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত শিখাৰ প্ৰকৃত ঘৰ আখৈফুটীয়া জয়ৰাপাৰ অঞ্চলত ৷ মাতৃৰ চাকৰিৰ সূত্ৰে জয়সাগৰ চিকিৎসালয়ৰ আৱাসীক এলেকাত থাকে ৷ আজি পুৱতি নিশা দিখৌ দলঙৰ ওপৰত আৰক্ষীয়ে ষ্ট্ৰাট হৈ থকা অৱস্থাত লাভ কৰে শিখাৰ স্কুটিখন।

বৰ্তমান ঘটনাস্থলীত আৰক্ষী, এচ ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এনে অঘটনৰ কাৰণ পাৰিৱাৰিক সংঘাত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে ২০০৭ চনত উক্ত স্থানৰ পৰাই শিখাৰ পিতৃ অপূৰ্ব শইকীয়াই দিখৌ নদীত জঁপিয়াই আত্মহত্যা কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in