সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা !

সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা !

ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। এই বিষয়ে সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি অধিৱেশনৰ সময়ত কোভিড-১৯ৰ সকলো প্ৰট'কল অনুসৰণ কৰা হ'ব। অধিৱেশনৰ সময়ত প্ৰায় ২০ খন সভা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এই অধিৱেশন খ্ৰীষ্টমাছৰ পূৰ্বে সমাপ্ত হ'ব।

মহামাৰীৰ পৰিপ্ৰেক্ষিতত, যোৱা বছৰ সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হোৱা নাছিল আৰু পৰৱৰ্তী সকলো অধিৱেশন – বাজেট আৰু বৰ্ষাকালীন অধিৱেশন – কোভিডৰ বাবে কৰ্তন কৰা হৈছিল।

অৱশ্যে, এই বিষয়ত এতিয়ালৈকে কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনৰে একে সময়তে অনুষ্ঠিত হ'ব আৰু দুয়ো সদনৰ সদস্যসকলে কোভিড বিধি অনুসৰণ কৰিব।সদস্যসকে সংসদ ভৱনত প্ৰৱেশ কৰাৰ পাছত সময়ত সকলো সময়তে মাস্ক পৰিধান কৰি থাকিব লাগিব।ইয়াৰ পূৰ্বে সকলোৱে কোভিড পৰীক্ষা কৰিব লাগিব।

মনকৰিবলগীয়া যে, এইবাৰৰ শীতকালীন অধিৱেশন শাসক আৰু বিৰোধী দুয়োপক্ষৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।কিয়নো সন্মুখত উত্তৰ প্ৰদেশকে ধৰি মুঠ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনকে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে 'ছেমি ফাইনেল' হিচাপে আখ্যা দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in