বৰপেটাৰ চেঙাত লকডাউনৰ সুযোগ লৈ চুলাই মদ প্ৰস্তুত! আৰক্ষীৰ অভিযানত প্ৰায় ৪০০ লিটাৰ চুলাই ধ্বংস

বৰপেটাৰ চেঙাত লকডাউনৰ সুযোগ লৈ চুলাই মদ প্ৰস্তুত! আৰক্ষীৰ অভিযানত প্ৰায় ৪০০ লিটাৰ চুলাই ধ্বংস

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ বিশ্বতে মাৰাত্মক কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যখনত চলি থকা লকডাউনৰ মাজতে একাংশ অসাধু লোকে চলাই আছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় আৰু চুলাই মদ প্ৰস্তুতকৰণ। লকডাউনৰ সমান্তৰালকৈ আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত আৰু তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ সহযোগত বৃহস্পতিবাৰে চেঙাৰ বালিপাৰাত চুলাই মদৰ বিৰুদ্ধে চাৰিটা পৰিয়ালত অভিযান চলাই প্ৰায় চাৰিশ লিটাৰ চুলাই মদ ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত সামগ্ৰীও আৰক্ষীয়ে নষ্ট কৰি পেলায়।

আৰক্ষী অহাৰ খবৰ পাই অভিযান চলোৱা পৰিয়াল কেইটাৰ গৃহস্থ পলায়ন কৰে বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি বালিপাৰা অঞ্চলত এচাম অসাধু লোকে অবৈধ ভাৱে প্ৰস্তুত কৰি আহিছিল চুলাই মদ আৰু গঢ়ি তুলিছিল চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। অবৈধ চুলাই মদৰ প্ৰচলনে বৃহত্তৰ চেঙা অঞ্চলত দীৰ্ঘদিন ধৰি সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছিল।

আৰক্ষীৰ এনে চুলাই মদ বিৰোধী অভিযানক সচেতন লোকে প্ৰশংসা কৰাৰ লগতে সম্পূৰ্ণ ভাৱে অবৈধ চুলাই মদ আৰু অবৈধ বিলাতী সুৰাৰ ব্যৱসায় বন্ধ কৰিবলৈও আহ্বান জনায়। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে চলি থকা লকডাউনৰ বাবে ৰাইজক সজাগতা সৃষ্টি কৰাৰ কৰ্তব্যত নিয়োজিত হৈ থকাৰ উপৰিও আৰক্ষী আৰু এছএছবি জোৱানে বৃহস্পতিবাৰে পুনৰ চুলাই মদ বিৰোধী অভিযান চলায়। উল্লেখ্য যে, বুধবাৰেও তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰা শুভা গাঁৱত পাঁচটা পৰিয়ালত অভিযান চলাই প্ৰায় সাত শ লিটাৰ চুলাই মদ ধ্বংস কৰিছিল তাৰাবাৰী আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in