নগাঁও-কাৰ্বিআংলং সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱৰ হস্তিদণ্ডীত ৰাইজে বন্যহস্তীৰ বাবে আগবঢ়ালে হস্তীভোগ

নগাঁও-কাৰ্বিআংলং সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱৰ হস্তিদণ্ডীত ৰাইজে বন্যহস্তীৰ বাবে আগবঢ়ালে হস্তীভোগ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও-কাৰ্বিআংলং সীমান্তৰ হস্তীদণ্ডিত কলগছ, কল, বুট-মগু, পাঁচ বিধ ফলাহাৰকে আদি কৰি ধূপ-দীপ-নৈবদ্য আগবঢ়োৱাৰ লগতে কাৰ্বি জনগোষ্ঠীয় গনেশ বন্দনাৰে মুখৰিত কৰি অনুষ্ঠিত কৰা মাংগলিক অনুষ্ঠানৰ জৰিয়তে হাতীৰ প্ৰতি থকা অগাধ মৰম তথা ভক্তি পুনৰবাৰ প্ৰমাণ কৰি দেখুওৱালে হাতীখুলি ৰংহাংবাসীয়ে। গুৱাহাটীৰ প্ৰদীপ ভূঞা আৰু "হাতীবন্ধু"-ৰ উদ্যোগত তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাত নিৰ্মূল কৰিবলৈ কৰা প্ৰায় ২০০ বিঘাৰ ধান খেতি বনৰীয়া হাতীৰ জাকে খাই সম্পূৰ্ণৰূপে অন্ত পেলোৱাত হাতীখুলি ৰংহাংবাসী ৰাইজে হাতীৰ খাদ্য হিচাপে শেষ বাৰলৈ পথাৰখনৰ দাঁতিত আধ্যাত্মিক ভাবে আগবঢ়াই পৰম্পৰাগত ভোগ খিনি।

বিগত ২৬ দিনত বনৰীয়া হাতীৰ জাকক ভৈয়ামৰ পথাৰলৈ নামি যাবলৈ নিদি হাতীখুলি ৰংহাং গাঁৱৰ ২০০ বিঘাৰ ধাননিত খাদ্য দিয়াৰ ব্যৱস্থা কৰাৰ সময়ত হাতীৰ ওচৰত মানুহৰ অনেক ভুল-ভ্ৰান্তি হোৱাৰ লগতে অজানিতে হোৱা সেই সকলোবিলাক দোষ হস্তী স্বৰূপ গনেশ দেৱতাই ক্ষমা কৰি আগন্তুক দিনত হাতীখুলি-ৰংহাং অঞ্চলত বনৰীয়া হাতীয়ে যেন কোনো ক্ষয়-ক্ষতি নকৰি উন্নতিৰ দিশত অঞ্চলটোক আগবঢ়াই নিয়ে তাৰ বাবে কৃষিকাৰ্যৰ শেষত আগবঢ়োৱা হ'ল পৰম্পৰাগত হস্তীভোগ।

উল্লেখ্য যে, এইবাৰ গুৱাহাটীৰ প্ৰদীপ ভূঞা আৰু "হাতী বন্ধুৰ" উদ্যোগত আৰু প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত কৰা ধান খেতি খায় বন্যহস্তীৰ জাকে পূৰ্বৰ দলে ভৈয়াম অঞ্চলত চলোৱা নাই কোনো বিশেষ উপদ্ৰৱ। কিন্তু প্ৰশ্ন হয়, এই ব্যতিক্ৰমী পদক্ষেপৰ প্ৰতি কিমান গুৰুত্ব প্ৰদান কৰিছে ৰাজ্যৰ বিয়াগোম বন বিভাগে তথা বিভাগটোৰ মন্ত্ৰী গৰাকীয়ে। পৰৱৰ্তী সময়ত সংঘাত প্ৰৱণ অঞ্চল সমূহত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে হাতীখুলি ৰংহাঙৰ দৰে ধান খেতি অথবা হাতী খাদ্যৰ বাবে কৰা কৃষি কাৰ্যৰ প্ৰতি মনোনিৱেশ কৰিবনে এই কথা অতিশয় লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in