অসম আৰক্ষীৰ স্মাৰকৰে কিয় সম্বৰ্দ্ধনা জনালে সাংবাদিকক?

অসম আৰক্ষীৰ স্মাৰকৰে কিয় সম্বৰ্দ্ধনা জনালে সাংবাদিকক?

ডিজিটেল সংবাদ,নগাঁও: শতাধিক আক্ৰমনকাৰীয়ে ঘেৰি ধৰিছিল গৃহৰক্ষী বাহিনীৰ জোৱান আনোৱাৰ হুছেইনক ৷ বেৰেকৰ পৰা বুকুত ধৰি টানি চোচৰাই আনিছিল জোৱানজনক ৷ প্ৰথমে চৰ, পিছত ঘোচা-গোৰ ৷ তাৰ পিঠত লাঠিৰে প্ৰহাৰ ৷ চৰ,ঘোচা,গোৰ,লাঠিৰে প্ৰহাৰ চলি থকাৰ মাজত এজন লোক জপিয়াই পৰিছিল ৷ আক্ৰমনকাৰী পুৰুষ-মহিলাৰ মাজত সোমাই লোকজনে আনোৱাৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল ৷ পৰা নাই ৷ অবিৰত ভাবে আক্ৰমন চলি আছে ৷

লোকজনে গৃহৰক্ষীজোৱানজনক শতাধিক আক্ৰমনকাৰীৰ পৰা ৰক্ষা কৰিবলৈ একো উপায় নেদেখি এসময়ত সাৱতি ধৰিলে ৷ আক্ৰমনকাৰীৰ প্ৰহাৰ পিঠিত পৰিল লোকজনৰ ৷ কোনোয়ে চিঞৰিলে নামাৰিবি -সাংবাদিক ৷ উন্মাদ আক্ৰমনকাৰী চিঞৰ সাংবাদিক হলেও মাৰ ৷

লোকজনে আক্ৰমনকাৰীৰ প্ৰহাৰৰ মাজৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান আনোৱাৰ হুছেইনক কৌশলেৰে মৃত্যু মূখৰ পৰা আতৰাই নিবলৈ সক্ষম হৈছিল ৷ এই ঘটনাটো সংঘটিত হৈছিল ২১ মে'ৰ বিয়লি ৷ ঘটনাৰ স্হান আছিল নগাঁও জিলাৰ বটদ্ৰবা আৰক্ষী থানাৰ চৌহদ ৷

ৰাজ্য কপাই যোৱা বটদ্ৰবা আৰক্ষী থানা আক্ৰমন আৰু অগ্নিসংযোগৰ ঘটনাৰ সময়ত বটদ্ৰবাৰ সাংবাদিক পদুম কলিতাই সাহসেৰে আক্ৰমনকাৰীৰ পৰা প্ৰান ৰক্ষা কৰিছিল থানাখনৰ গৃহৰক্ষী বাহিনীৰ জোৱান আনোৱাৰ হুছেইনক ৷বাতৰি সংগ্ৰহৰ কৰিবলৈ গৈ সেই সময়ত থানা চৌহদত উপস্হিত হোৱা সাংবাদিক পদুম কলিতাই গৃহৰক্ষীবাহিনীৰ জোৱান আনোৱাৰক প্ৰান ৰক্ষা কৰাৰ পিছত নগাঁও আৰক্ষীয়ে কৃতজ্ঞতা জনাইছে সাংবাদিক কলিতাক ৷

শুক্ৰবাৰে কলিতাক নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আমন্ত্ৰ কৰি অসম আৰক্ষীৰ স্মাৰক আৰু গামোচা পিন্ধাই সম্বৰ্দ্ধনা জনায় ৷ আৰক্ষী অধীক্ষক লীনা দলে , অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰা , অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) নিৰূপম হাজৰিকা , উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং আদি সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্হিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in