১৭ ছেপ্তেম্বৰতেই কিয় প্ৰতি বছৰে বিশ্বকৰ্মা পূজা?

১৭ ছেপ্তেম্বৰতেই কিয় প্ৰতি বছৰে বিশ্বকৰ্মা পূজা?

ডিজিটেল ডেস্কঃ দুৰ্গা পূজা যোৱা বছৰ যি তাৰিখে হৈছিল এইবাৰ সেই একে তাৰিখতে অনুষ্ঠিত নহয়। গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজাকে আদি কৰো সকলো পূজাই প্ৰতি বছৰে সুকীয়া সুকীয়া তাৰিখত অনুষ্ঠিত হয়। কিয়নো পূজাৰ ক্ষেত্ৰত দিনতকৈ তিথিৰ গুৰুত্ব অধিক। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম বিশ্বকৰ্মা পূজা।

প্ৰতি বছৰে আজিৰ দিনটোতেই অনুষ্ঠিত হয় বিশ্ব খনিকৰৰ পূজা। কি কাৰণে বিশ্ব খনিকৰৰ পূজাৰ বাবে ইংৰাজী কেলেণ্ডাৰৰ ১৭ ছেপ্তেম্বৰৰ দিনটো সংৰক্ষিত সেয়া জানিবলৈ প্ৰয়োজন হ'ব পঞ্জিকা ওলোটাই চোৱাৰ।

হিন্দু ধৰ্মৰ সকলো দেৱ-দেৱীৰে পূজাৰ তিথি নিৰ্ভৰ কৰে চন্দ্ৰ গতি-প্ৰকৃতিৰ ওপৰত। চান্দ্ৰ পঞ্জিকা অনুসৰিয়েই বাকী দেৱ-দেৱীসকলৰ পূজাৰ দিন-বাৰ নিৰ্ধাৰিত হয়। কিন্তু বিশ্বকৰ্মাৰ পূজাৰ দিন নিৰ্ধাৰণ কৰা হয় সূৰ্যৰ গতি-প্ৰকৃতিৰ ওপৰত।

যেতিয়াই সূৰ্যই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ গমন কৰে, তেতিয়াই আৰম্ভ হয় উত্তৰায়নৰ। লগে লগে সাৰ পাই উঠে নিদ্ৰাৰত দেৱ-দেৱীসকল। ঠিক এই সময়তে অনুষ্ঠিত হয় বিশ্বকৰ্মা পূজা। হিন্দু পঞ্জিকাৰ দুই প্ৰধান শাখা সূৰ্যসিদ্ধান্ত আৰু বিশুদ্ধ সিদ্ধান্ত উভয়েই এই বিষয়ত একমত পোষণ কৰিছে।

আনহাতে, পঞ্জিকা অনুযায়ী প্ৰতি বছৰে ভাদ মাহৰ অন্তিম দিনটোত নিৰ্ধাৰিত হয় বিশ্বকৰ্মা পূজাৰ দিন। পঞ্জিকা মতে, ভাদ সংক্ৰান্তিৰ পূৰ্বৰ ৫টা মাহৰ নিৰ্ধাৰিত দিনৰ সংখ্যা হৈছে ১৫৬ দিন। এই নিয়ম অনুযায়ীও প্ৰতি বছৰে ইংৰাজী কেলেণ্ডাৰৰ ১৭ ছেপ্তেম্বৰৰ দিনটোতে নিৰ্ধাৰিত হয় বিশ্বকৰ্মা পূজা। কোনো বছৰত যদি এই ৫টা মাহৰ কোনো এটা মাহ ২৯ বা ৩২ দিনীয়া হয় তেতিয়াই বিশ্বকৰ্মা পূজা এদিন আগুৱাই যায়। অৱশ্যে এয়া খুবেই বিৰল।

এই বছৰো ব্যতিক্ৰম হোৱা নাই এই নিয়মৰ। সূৰ্যই চিৰাচৰিত নিয়ম অনুযায়ী প্ৰৱেশ কৰিছে কন্যা ৰাশিত। হীনদেঢ়ি হোৱা নাই পঞ্জিকাৰ নিয়মৰ। এনেদৰেই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশ্বকৰ্মা পূজাই লৈ আহিছে শাৰদ উৎসৱৰ আগজাননী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in