দৰং জিলাত কোনে মাৰিলে শেষ হাহি…

দৰং জিলাত কোনে মাৰিলে শেষ হাহি…

ডিজিটেল সংবাদ , মঙলদৈ : অসম বিধানসভা নিৰ্বাচনৰ ভোট গণণা দেওবাৰে অনুষ্টিত হোৱা দৰং জিলাৰ চাৰি বিধানসভা সমষ্টিৰ ভিতৰত এটাকৈ সমষ্টিত কংগ্ৰছ, এ আই ইউ ডি এফ, বিজেপি আৰু বি পি এফৰ প্ৰাৰ্থীৰ বিজয়ী হোৱাৰ সম্ভাৱনা।

ফলাফল অনুসৰি ৬৫ নং কলাইগাওঁ বিধানসভা সমষ্টিত বাতৰি লিখা সময়লৈ বি পি এফ- দুৰ্গা দাস বড়োই ৫৫৮৪৫ টা ভোট লাভ কৰে । ভাৰতীয় জনতা পাৰ্টীৰ মধুৰাম ডেকাই ৫০৪৪৪টা ভোট লাভ কৰি দুৰ্গা দাস বড়ো তকৈ প্ৰায় ৫৪০১ টা কম পায়। ইভিএম ৰ বিজুতিৰ বাবেকিছু সংখ্যক ভোট গননা কৰিবলৈ বাকী আছে যদিও বিপিএফ ৰ দুৰ্গা দাস বড়ো জয়ী হোৱাৰ সম্ভাৱনা আছে।


অনুৰূপ ধৰণে বিজেপিৰ দখলত থকা ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী ডঃ পৰমানন্দ ৰাজবংশীয়ে ৭৪৯০৩ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দি প্ৰাৰ্থী ভাৰতীয় জাতীয় কংগ্ৰেছৰক প্ৰাৰ্থী কুলদীপ বৰুৱাক ৭৫৯৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৬৭৩০৭ টা ভোট লাভ কৰিছিল।

জিলাখনৰ ৬৭ নং মঙলদৈ (অনুসূচিত জাতি) বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসে প্ৰায় ২৬২০৭টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৮৪৮৬২ টা ভোট লাভ কৰাৰ বিপৰীতে বিজয়ী প্ৰাৰ্থী কংগ্ৰেছৰ বসন্ত দাসে ১১১০৬৯ টা ভোট লাভ কৰি তৃতীয় বাৰৰ বাবে বিধায়ক হোৱাৰ সৌভাগ্য লাভ কৰে।

দৰং জিলাত সংখ্যালঘু ভোটাৰে নিৰ্বাচনী ফলাফল নিৰ্ণেয় কৰি অহা অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ৬৮ নং দলগাঁও বিধানসভা সমষ্টিত বিগত পোন্ধৰ বছৰে প্ৰতিনিধিত্ব কৰি অহা ভাৰতীয় জাতীয়ৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইলিয়াছ আলী এইবাৰৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হাতত ৫৫২৫২ টা ভোটৰ ব্যৱধানত পৰাজিত হয়।

বিজয়ী এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে ১১৮১৯৭টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী কংগ্ৰেছৰ ইলিয়াছ আলিয়ে ৬২৯৪৫ টা ভোট লাভ কৰে। আনহাতে সমষ্টিটোত অসম গণ পৰিষদৰ প্ৰিৰ্থী হবিবুৰ ৰহমানে তৃতীয় স্থান লাভ কৰে। বৰ্তমানলৈকে জিলাখনৰ নিৰ্বাচনী ফলাফলৰ আনুষ্ঠানিক ঘোষণা আগ নবঢ়োৱাত বিজয়ী আৰু পৰাজিত প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ সামান্য তাৰাতম্য হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in