চিৰিয়াখানা বিস্ফোৰণৰ আঁৰত কোন? VIDEO

চিৰিয়াখানা বিস্ফোৰণৰ আঁৰত কোন? VIDEO

কেই বজাত সংঘটিত হৈছিল বিস্ফোৰণ?

অতি ব্যস্ত গুৱাহাটী মহানগৰীৰ আৰ জি বি পথৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ নিচেই কাষতে সন্ধিয়া ৭.৫৫ বজাত সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত পকী পথটোত সৃষ্টি হৈছিল এটা গাঁতৰ।

চেন্ট্ৰেল মলৰ প্ৰৱেশ দ্বাৰৰ পৰা ১০-১৫ ফুট আঁতৰত সংঘটিত এই গ্ৰেণেড বিস্ফোৰণ আছিল অতি শক্তিশালী।

বিস্ফোৰণস্থলীত এইদৰে সৃষ্টি হৈছিল পকী পথত গাঁত…

কিমান ক্ষয়ক্ষতি হ'ল বিস্ফোৰণত?

চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণত আৰক্ষীৰ তথ্য অনুসৰি আহত হৈছে ১২জনকৈ লোক। ইয়াৰে ৩জনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে সদৰি কৰিছে। এই বিস্ফোৰণ যথেষ্ট শক্তিশালী আছিল বুলি আৰক্ষীয়ে স্বীকাৰ কৰিছে।

গ্ৰেণেডৰ স্প্ৰীন্টাৰে এইদৰে আঘাত হানিছিল পকী ফুটপাথত…

বিস্ফোৰণত আহত হ'ল কোন কোন?

বিস্ফোৰণত আহত সকলৰ এখন তালিকা আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই তালিকাত উল্লেখ আছে ১২ জনকৈ লোকৰ নাম। তেওঁলোকৰ ভিতৰত আছে-

১. ৰমেশ লাল।

২. অমূল্য লালন।

৩. মঃ ফাৰ্দিন ৰহমান।

৪. অমৃত কুমাৰ।

৫. ৰিয়া খাৰছা।

৬. ছুলতান জাহিদুৰ ৰহমান।

৭. বিজয় কুমাৰ শ্বাহ।

চিকিৎসাধীন এজন আহত…

৮. কল্যাণ বৈশ্য।

৯. অমৃত খাছাৰ।

১০. লাল বাহাদুৰ

১১. লাল কৃষ্ণ যাদৱ।

১২. আহমেদ কুমাৰ।

আৰক্ষীৰ তথ্য অনুসৰি আহতসকলৰ তালিকা…

বাইকত আহিছিল দুৰ্বৃত্তঃ

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বাইকত আহিছিল দুৰ্বৃত্ত। সেই সময়ত বিস্ফোৰণস্থলীৰ পৰা ১০-১৫ ফুট আঁতৰত আৰক্ষীয়ে চলাই আছিল নিয়মীয়া তালাচী। চেন্ট্ৰেল মলৰ সমীপতো আছিল যথেষ্ট ভিৰ। মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়া মতে, গ্ৰেণেড দলিয়াই সেই স্থানৰ পৰা পলাই যায় দুৰ্বৃত্তৰ দলটো।

বিস্ফোৰণত আহত হৈছে দুজন এছ এছ বি জোৱানঃ

এই বিস্ফোৰণত দুজনকৈ এছ এছ বি জোৱান আহত হৈছে। তেওঁলোক ক্ৰমে- ৰমেশ লাল আৰু অমূল্য লালন।

চিকিৎসালয়ত আহত দুই এছ এছ বি জোৱান…

আহতসকলৰ ৫জনক জি এম চি এইচত, ৫জনক কে জি এম টিত আৰু দুজনক নেমকেয়াৰত ভৰ্তি কৰা হয়।

জি এম চি এইচত চিকিৎসাধীন ৫জন আহত।

আহতসকলৰ ৩জনৰ অৱস্থা সংকটজনকঃ

এই বিস্ফোৰণত আহতসকলৰ ৩জনৰ অৱস্থা সংকটজনক। গোলাঘাটৰ ফাৰ্দিন ৰহমানৰ অৱস্থা সংকটজনক। তেওঁৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে অস্ত্ৰোপচাৰ। ইতিমধ্যে চিকিৎসালয়ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ভ্ৰমণ কৰি সু-চিকিৎসাৰ নিৰ্দেশ দিছে।

জি এম চি এইচত চিকিৎসাধীন গুৰুতৰভাৱে আহত এজন ব্যক্তি।

বিস্ফোৰণস্থলীৰ সমীপতে আছিল এখন প'পকৰ্ণ বিক্ৰী কৰা দোকানঃ

চেন্ট্ৰেল মলৰ সমীপত হোৱা এই বিস্ফোৰণস্থলীৰ সমীপতে আছিল এখন প'পকৰ্ণৰ দোকান। বিস্ফোৰণৰ পাছত সেই দোকানখনৰ অৱস্থা এয়া-

বিস্ফোৰণস্থলীৰ সমীপত থকা প'পকৰ্ণ দোকানখনৰ অৱস্থা।

এই প'পকৰ্ণৰ দোকানখনত হানিছিল স্প্ৰীণ্টাৰে আঘাত। দোকানখনৰ বিক্ৰেতা গৰাকী এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে।

বিস্ফোৰণস্থলীৰ সমীপত থকা স্প্ৰীন্টাৰত আঘাত প'পকৰ্ণৰ দোকানখন…

গ্ৰেণেডৰ কেইবাটাও স্প্ৰীন্টাৰে আঘাত হানিছিল নিচেই কাষতে থকা দোকানখনত। বিস্ফোৰণৰ পাছতেই কেইবাজনো লোক বাগৰি পৰিছিল বিস্ফোৰণস্থলীত।

কেইবাটাও স্প্ৰীন্টাৰে এইদৰে আঘাত হানিছিল প'পকৰ্ণৰ দোকানখন।

গোলাঘাটৰ ফাৰ্দিন আহিছিল ভাতৃৰ সৈতে গুৱাহাটীলৈঃ

এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল ফাৰ্দিন ৰহমান। ২১ বছৰীয়া ফাৰ্দিন ভাতৃৰ সৈতে আহিছিল গুৱাহাটীলৈ। গোলাঘাটৰ কমাৰপট্টিত ঘৰ ফাৰ্দিন আহমেদৰ। ভাতৃয়ে এখন বেডমিন্টনৰ টুৰ্ণামেন্ট খেলিবলৈ গুৱাহাটীলৈ আহি বিস্ফোৰণস্থলীৰ সমীপতে থকা ভাড়াঘৰত আহি থাকিছিল তেওঁলোক। ফাৰ্দিনৰ পিতৃ বিস্ফোৰণস্থলীৰ সমীপত থকা ভূমি সংৰক্ষণ বিভাগৰ কৰ্মচাৰী। চকুত গুৰুতৰভাৱে আহত ফাৰ্দিনৰ হাত আৰু দেহৰ আন অংশৰ পৰা মাংস এৰি গৈছে। সন্ধিয়া বজাৰ কৰিবলৈ ওলাই আহিছিল ফাৰ্দিন।

চিকিৎসাধীন এজন আহতৰ কাষত কুইন ওজা।

বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰঃ

মহানগৰীৰ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা বুলি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জানিবলৈ দিছে।

বিস্ফোৰণস্থলীত ব্যস্ত আৰক্ষী।

বিস্ফোৰণস্থলীত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধানে কি ক'লে?

বিস্ফোৰণৰ পাছতেই বিস্ফোৰণস্থলীত উপস্থিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। আৰক্ষীয়ে সঞ্চালক প্ৰধানগৰাকীয়ে এই বিস্ফোৰণ কেৱল আলফা স্বাধীন সংঘটিত কৰিছে বুলি ধাৰণা নাৰাখি সমগ্ৰ দিশ খোলা ৰখা বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত অনুসন্ধান কৰি অচিৰেই দোষীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিলে।

বিস্ফোৰণত আহত পিতৃ-কন্যাঃ

চিৰিয়াখানাৰ সমীপত সংঘটিত বিস্ফোৰণত আহত হৈছে পিতৃ-কন্যা। তেওঁলোকে ক্ৰমে- অমৃত খাচাৰ আৰু ৰিয়া খাচাৰ। দুয়োকে প্ৰথমে নেমকেয়াৰত চিকিৎসাধীন কৰা হয়। ইয়াৰে অমৃত খাচাৰে চকুত আঘাত পোৱাৰ বাবে তেওঁক শংকৰদেৱ নেত্ৰালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। ইফালে, ৰিয়া খাচাৰ সামান্য ভাৱে আহত হৈছে। দুয়ো সেই সময়ত ফুটপাথেৰে খোজকাঢ়ি গৈ আছিল।

এই বিস্ফোৰণক গৰিহণা মুখ্যমন্ত্ৰীৰঃ

বিস্ফোৰণৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা দি অচিৰেই দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্রধানক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী সোণোৱালে এই কুটাঘাতমূলক কাৰ্যকলাপ কোনো কাৰণতেই সহ্য কৰা নহ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে।

মুখ্যমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি…

চেন্ট্ৰেল মলত নাই চিচি টিভিঃ

প্রাথমিক তথ্য অনুসৰি, এই বিস্ফোৰণৰ দৃশ্য চেন্ট্ৰেল মলৰ চিচি টিভি কেমেৰাত বন্দী হৈছে বুলি ভবা হৈছিল যদিও, এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, মহানগৰীৰ এই চেন্ট্ৰেল মলৰ সন্মুখৰ ভাগত নাছিল চিচি টিভি। যাৰ বাবে অভিজাত এই চেন্ট্ৰেল মলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ কোনো চিচি টিভি দৃশ্য আৰক্ষীৰ হাতত পৰা নাই। উল্লেখযোগ্য যে, চেন্ট্ৰেল মলৰ দুৱাৰমুখতেই সংঘটিত হৈছিল এই বিস্ফোৰণ।

চেন্ট্ৰেল মলৰ সন্মুখৰ ভাগত নাই চিচি টিভি…

বিস্ফোৰণস্থলীত ফৰেনচিক আৰু ড'গ স্কোৱাডঃ

বিস্ফোৰণৰ পাছতেই বিস্ফোৰণস্থলীত উপস্থিত হয়হি ফৰেনচিক আৰু ড'গ স্কোৱাড। তন্ন তন্নকৈ বিস্ফোৰণৰ স্থান পৰ্যবেক্ষণ কৰে দলটোৱে।

বিস্ফোৰণস্থলীত ড'গ স্কোৱাড…

ঘটনাস্থলীত ভিৰ ভি ভি আই পিৰঃ

এই বিস্ফোৰণৰ পাছতেই বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মায়ো বিস্ফোৰণস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনাস্থলীত উপস্থিত হৈ ববিতা শৰ্মাই এই বিস্ফোৰণক আৰক্ষীৰ ব্যৰ্থতা আখ্যা দিয়ে।

কিমান সুৰক্ষিত গুৱাহাটীঃ

গুৱাহাটী মহানগৰ কিমান সুৰক্ষিত? এই প্ৰশ্ন পুনৰবাৰ উত্থাপন হৈছে। ৰাজ্যৰ ৰাজধানী চহৰখনত হেলাঙেৰে আৰক্ষীৰ সমীপতে গ্ৰেণেড দলিয়াই পলায়ন কৰিলে দুৰ্বৃত্তই। বিস্ফোৰণৰ পাছতেই মহানগৰীৰ জু-ৰোড, চিৰিয়াখানা আদি ঠাইৰ দোকান-পোহাৰ বন্ধ হৈ পৰে। প্ৰায় ১০ বজাত এই পথচোৱা জনশূন্য হৈ পৰিছিল যদিও, গণেশগুৰিৰ পৰা গুৱাহাটীক্লাবলৈকে নাছিল কোনো আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ তহল।

বিস্ফোৰণৰ পাছত জনশূন্য গুৱাহাটী মহানগৰ…

পুনৰ সংঘটিত হ'ব পাৰে নেকি অনুৰূপ ঘটনাঃ

আৰক্ষীয়ে মানি নল'লেও গুৱাহাটী মহানগৰীত সংঘটিত এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। যদি পৰেশ বৰুৱাৰ দাবী সঁচা হয়, তেন্তে আলফা স্বাধীনৰ সদস্যই এই কুটাঘাত সংঘটিত কৰিছে। চিৰিয়াখানাৰ বিস্ফোৰণৰ পাছত আলফা স্বাধীনৰ কেডাৰে পুনৰ মহানগৰীৰ আন কুটাঘাত সংঘটিত কৰিব পাৰে নেকি? সেই শংকাই চুই গৈছে মহানগৰবাসীক। এই বিস্ফোৰণৰ পাছত আৰক্ষীয়ে মহানগৰীৰ নিৰাপত্তাক লৈ কিদৰে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হৈ পৰিছে এতিয়া লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in