কোৰোনা যুঁজৰ অগ্ৰণী সেনানী ভাৰত, প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনালে WHO য়ে..

কোৰোনা যুঁজৰ অগ্ৰণী সেনানী ভাৰত, প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনালে WHO য়ে..

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ মহামাৰীৰ বিৰুদ্ধে চলি থকা বৃহৎ যুঁজখনত ভাৰতৰ সহযোগিতাৰ কথা স্বীকাৰ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰতে দেশৰ নাগৰিকৰ বাবে কোৰোনা ভাইৰাছৰ টিকাকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সমান্তৰালকৈ কাষৰীয় দেশ সমূহকো সহায়ৰ হাত আগৱঢ়াইছে।

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ ৰ বিৰুদ্ধে ভাৰতৰ নিৰন্তৰ সহায়ৰ বাবে দেশখনক ধন্যবাদ জনাইছে। ভাৰতে দক্ষিণ পূৱ এছিয়াৰ কাষৰীয় দেশ আৰু ব্ৰাজিল মস্কোৰ দৰে দেশক কোৰোনা ভেকচিন প্ৰদান কৰি সহায় আগৱঢ়াই আহিছে। দক্ষিণ আফ্ৰিকাটো শীঘ্ৰেই সহায় কৰিব ভাৰতে।

বিশ্ব স্বাস্থ্য সস্থাইৰ মহানিৰ্দেশক ট্ৰেডোচ আধানোম ঘ্ৰেব্ৰেয়চে শনিবাৰে এক টুইটযোগে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই সহায়ৰ বাবে ধন্যবাদো জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in