জানি লওঁক, মহানগৰীৰ কোন, কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব লকডাউনত

জানি লওঁক, মহানগৰীৰ কোন, কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব লকডাউনত

ডিজিটেল ডেস্কঃ দেওবাৰৰ নিশা ১২ বজাৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গুৱাহাটীত। এই সময়চোৱাত ফাৰ্মাচী, চিকিৎসালয় বা আন জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলৰ বাদে কোনো লোকে ৰাজহুৱা স্থানলৈ ওলাব নোৱাৰিব। কিন্তু জৰুৰীকালীন সেৱাৰে জড়িত লোকসকলৰ বাহন এই লকডাউনৰ সময়তো চলি থাকিব।

সেই সময়ত তেওঁলোকে বাহনৰ ইন্ধন ভৰোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চিন্তাৰ মাজতে অৱশেষত কামৰূপ মহানগৰ প্ৰশাসনে ২৮ জুনৰ পৰা ১২ জুলাইলৈকে কোনকেইটা পেট্ৰ'ল পাম্প খুলিব পাৰিব তাৰ এখন তালিকা প্ৰকাশ কৰিছে।

তালিকাত প্ৰকাশ পোৱা অনুসৰি এইকেইদিনত খুলিবলগীয়া পেট্ৰ'ল পাম্পসমূহ হৈছে-

১. আশা ফিলিং ষ্টেচন, তেপেছিয়া, এনএইচ-৩৭

২. চান্দমাল ছাৰাওগী এণ্ড কোঃ, এনএইচ-৩৭

৩. ৰাজ ছাৰ্ভিচ, বশিষ্ঠ চাৰিআলি,এনএইচ-৩৭

৪. লখৰা ছাৰ্ভিচ ষ্টেচন, লখৰা, এনএইচ-৩৭

৫. ভৱানী ছাৰ্ভিচ ষ্টেচন, শাওকুছি, এনএইচ-৩৭

৬. স্বাগত আৰঅ' আইএছবিটি, বেতকুছি, এনএইচ-৩৭

৭. ছ'গানি ছাৰ্ভিচ ষ্টেচন, বৰাগাঁও, এনএইচ-৩৭

৮. নৰ্থ ইষ্ট ছাৰ্ভিচ ষ্টেচন, জালুকবাৰী, এনএইচ-৩৭

৯. প্ৰদীপ অইল ডেপ'ত, ধাৰাপুৰ

১০. এছকেএম ছাৰ্ভিচ ষ্টেচন, লালমাটি

১১. ছাগানমল ছাৰাওগি এণ্ড ছনছ, দিশপুৰ

১২. থানসিং নাথমল, উলুবাৰী

১৩. চাণ্ডমল ছাৰাওগি, উলুবাৰী

১৪. সঞ্জীৱনী ফিউল পইন্ট, বেলতলা

১৫. এনআৰএল, জয়ানগৰ

১৬. ভৈৰৱী চাৰ্ভিচ ষ্টেচন, জতিয়া

১৭. এনআৰএল, আদাবাৰী

১৮. ভড়ালী ছাৰ্ভিচ ষ্টেচন, লাল গণেশ

১৯. চাণ্ডমল ছাৰাওগি এণ্ড কোঃ, পল্টন বজাৰ

২০. জিআৰই, নুনমাটি

২১. কামাখ্যা এনাৰ্জী পইন্ট, ভেটাপাৰা

২২. এনাৰ্জী ছাৰ্ভিচ ষ্টেচন, জ্যোতিকুছি

২৩. মঠঘৰিয়া অটো ছাৰ্ভিচ, ফৰেষ্ট গেট, নাৰেংগী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in