কেতিয়া ৰাজনীতিত প্ৰৱেশ কৰিব গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট বাদ্ৰাই

কেতিয়া ৰাজনীতিত প্ৰৱেশ কৰিব গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট বাদ্ৰাই

ডিজিটেল ডেস্কঃ ৰাজনীতিত প্ৰৱেশৰ বাবে কোনো পৰিকল্পনা কৰা নাই গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট বাদ্ৰাই। সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই সন্দৰ্ভত মন্তব্য কৰি ৰবাৰ্ট বাদ্ৰাই কয় যে তেওঁ বৰ্তমান ৰাজনীতি কৰাৰ বাবে যোগ্য হৈ উঠা নাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজ বব্বৰে কৈছিল যে ৰবাৰ্ট বাদ্ৰা যিহেতু গান্ধী পৰিয়ালৰে এজন। গতিকে যেতিয়াই মন কৰে তেওঁ তেতিয়াই ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে। সোমবাৰে সাংবাদিকে ৰবাৰ্ট বাদ্ৰাক তেওঁৰ ৰাজনৈতিক পৰিকল্পনা সোধাৰ পিছত তেওঁ কয়, 'এই সময়ত ৰাজনীতিত প্ৰৱেশ কৰাৰ মোৰ কোনো ইচ্ছা নাই। মই প্ৰথমে মানুহৰ মাজত সোমাই তেওঁলোকৰ হৈ কাম কৰিব বিচাৰো। যেতিয়া জনতাই বিচাৰিব যে মই ৰাজনীতিত যোগ দিয়া উচিত, তেতিয়া মই মোৰ সৈন্য বাহিনী লৈ ৰাজনীতিলৈ আহিম।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in