হঠাৎ কি হ’ল হোৱাটছএপত? পঠিয়াব নোৱাৰি ভিডিঅ’-ফটো…

হঠাৎ কি হ’ল হোৱাটছএপত? পঠিয়াব নোৱাৰি ভিডিঅ’-ফটো…

ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া অসুবিধাৰ সন্মুখীন হ'ল হোৱাটছএপ ব্যৱহাৰকাৰীসকল। হোৱাটছএপৰ কিছু যান্ত্ৰিক বিজুতিৰ বাবেই সন্ধিয়া প্ৰায় ৪ বজাৰ পৰা হোৱাটছএপ ব্যৱহাৰত অসুবিধা দেখা দিয়ে। যাৰ বাবে হোৱাটছএপত ষ্টিকাৰ, ফটো, ভিডিঅ' আদি প্ৰেৰণ কৰিব পৰা হোৱা নাই।

বিশ্বৰ কেইবাখনো দেশত এই সমস্যা সমুখীন হৈছে। ব্যৱহাৰকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে, তেওঁলোকে ফটো, ভিডিঅ' বা ষ্টিকাৰ আদি প্ৰেৰণ কৰিব পৰা নাই। অৱশ্যে এই সময়চোৱাত মেছেজিং সেৱা অব্যাহত আছিল।

'downdetector.in' অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৪ বজাৰ পৰা হোৱাটছএপ ব্যৱহাৰীসকলে এই সন্দৰ্ভত অভিযোগ দিবলৈ আৰম্ভ কৰিছিল। আৰু ৫ বজাৰ পাছত এই সমস্যা আৰু অধিক বৃদ্ধি পায়। ভাৰত, ব্ৰাজিল আৰু ইউএইৰ লগতে ইউৰোপৰৈ একাংশ দেশত এই সমস্যাৰ সন্মুখীন হয় হোৱাটছএপ ব্যৱহাৰকাৰীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in