আৰু ৬০ মাহ বিচাৰিলে কি কৰিব আপুনি?

আৰু ৬০ মাহ বিচাৰিলে কি কৰিব আপুনি?

♦ ডি জে ধনন্তৰি

চাওতে চাওতে পাৰ হ'ল ৫টাকৈ বছৰ। আকৌ আহি পালে ভাষণ শুনাৰ সময়। আকাশত হেলিকপ্টাৰ উৰিব। নেতা নামিব। হাত জোকাৰি সপোন দেখুৱাব। ডিঙিৰ শিৰ ফুলাই ঘোষণা কৰিব অচ্ছে দিন, বিকাশ, ডিজিটেল ইণ্ডিয়া, ন খাউংগা অাউৰ ন খানে দুংগা আৰু ক'ত যে কি!

চন ২০১৩। মাত্ৰ ৬০ মাহ বিচাৰিছিল তেওঁ। দাবী কৰিছিল যে ৬০ মাহতে দেশ সলনি কৰাৰ ক্ষমতা তেওঁৰ আছে। যি দৃঢ়তাৰে তেওঁ সেই কথা উপস্থাপন কৰিছিল তালৈ চাই দেশবাসীয়ে বিনা প্ৰশ্নই মানি লৈছিল যে মানুহজনে ৬০ মাহতে সলনি কৰি পেলাব দেশ। দলে-বলে ওলাই আহিছিল ভোটাৰ। ইভিএমৰ বুটামত লিপিৱদ্ধ হৈছিল তেওঁৰ জয়।

ঐতিহাসিক সেই বিজয়ৰ পিছতে আঠুকাঢ়ি তেওঁ প্ৰৱেশ কৰিছিল সংসদ ভৱনত। 'সংসদ ভৱন কেৱল এটা ভৱন নহয়, মোৰ বাবে ই মন্দিৰ সদৃশ।'-নিজকে দেশৰ প্ৰধান সেৱক বুলি ঘোষণা কৰি তেওঁ হাতত তুলি লৈছিল শাসনৰ বাঘজৰী।

তেওঁৰ নাম নৰেন্দ্ৰ দামোদৰ দাস মোদী। চমুকৈ মোদী। এনে এজন নেতা, যিজন নেতাক লৈ অযুত আশা-ভৰসাৰে সুখী হৈ পৰিছিল কোটি কোটি ভাৰতবাসী। মোদীৰ ঢৌ কেৱল ভাৰততে সীমাৱদ্ধ নাছিল। প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈয়েই এখনৰ পিছত এখনকৈ বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে তেওঁ। 'মোদীয়ে সমগ্ৰ বিশ্বত ভাৰতক নকৈ প্ৰতিষ্ঠা কৰিছে। মোদী বিশ্বৰ নেতা। মোদীয়ে বিদেশৰ সৈতে সম্পৰ্ক কেনেদৰে মধুৰ কৰি তুলিব লাগে সেয়া জানে।'-এনেদৰে গৰ্বত বুকু ফুলি উঠিছিল সমৰ্থকসকলৰ।

প্ৰধান সেৱকৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে মোদীয়ে সদম্ভে ঘোষণা কৰিছিল যে পাকিস্তান আৰু চীনক তেওঁ ভালকৈ এসেকা দিব। যিজন নেতাই নিৰ্বাচনৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষণ প্ৰদানেৰে দৰ্শকৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিছিল সেইজন নেতাই দায়িত্ব গ্ৰহণ কৰিয়েই হঠাৎ উৰা মাৰিছিল ইছলামাবাদলৈ। প্ৰধানমন্ত্ৰী মোদীৰ এনে কাৰ্যত স্তম্ভিত হৈ পৰে দেশবাসী।

নিৰ্বাচনৰ পূৰ্বে চীনৰ সামগ্ৰী বৰ্জনৰ প্ৰসংগও অৱতাৰণা কৰিছিল তেওঁ। পিছে জয়লাভৰ পিছত চীনৰ সৈতে সম্পন্ন কৰে একাধিক চুক্তি। দেশবাসীক চীনক শত্ৰুজ্ঞান কৰিবলৈ গৈ তেওঁ নিজেই কেবাবাৰো ভৰি থয় বেইজিঙত। ভাৰতলৈকো আদৰণি জনায় বেইজিং মহলক। ইমানৰ পিছতো ডোকলামত চীনা সৈন্যই যুদ্ধংদেহি মনোভাবেৰে অনাধিকাৰ ভাৰতৰ অভ্যন্তৰত প্ৰৱেশৰ চেষ্টা চলায়। বিষয়টোৱে পুনৰ বহুতৰ মনত মোদীৰ বিদেশ নীতিক লৈ সন্দেহৰ ভাব জগাই তোলে।

সকলোৱে বেংক একাউণ্ট খুলিব লাগিব। বিনিময়ত দিব নালাগে এটকাও। জনধন যোজনাৰ একাউণ্ট খুলিবলৈ বেংক একাউণ্ট নথকা সকলোৱে বেংকত গৈ লানি পাতিলে। তাৰ পিছতে এদিন আন এক ঘোষণা শুনা গ'ল। ৰন্ধন গেছৰ সংযোগৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট, তেতিয়াহে লাভ কৰিব ৰাজ সাহায্য। আকৌ দেশবাসীয়ে লানি পাতিলে গেছ এজেন্সীৰ সমুখত। বাতৰি ওলাল যে এতিয়াৰে পৰা ৰন্ধন গেছৰ ক'লা বজাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। জনতাই কাম-বন খতি কৰি সেই আহ্বান মানি ল'লে যদিও বন্ধ নহ'ল ৰন্ধন গেছৰ ক'লা বজাৰ।

আকৌ আন এক ঘোষণা। 'আজিৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট লিগেল টেণ্ডাৰ হিচাপে গণ্য কৰা নহ'ব।'-ক'লা ধন জব্দ আৰু নকল নোট বন্ধ কৰাৰ লক্ষ্যৰে বিমুদ্ৰাকৰণৰ এই পদক্ষেপত দেশবাসীক সহযোগ কৰিবলৈ আহ্বান জনায় মোদীয়ে। দেশখন উন্নতিৰ পথত আগুৱাই যাব, ক'লা ধন বন্ধ হ'ব, নকল নোট নাথাকিব। এনে একাধিক আশা লৈ ৩ মাহ ধৰি বেংকত শাৰী পাতি নিৰন্ন জনতাই কষ্টোপাৰ্জিত জমা ধন সলনি কৰিলে। পুৰণি নোট সলাবলৈ গৈ প্ৰাণ হেৰুৱালে ৫০ জনতকৈয়ো অধিক লোকে। ক'লাধন পিছে বন্ধ নহ'ল, নতুনকৈ মুকলি কৰা ২০০০ টকীয়া নোটৰো জাল নোটেৰে ভৰি পৰিল দেশৰ বজাৰ।

মোদী আহিলে কাশ্মীৰত বন্ধ হ'ব সন্ত্ৰাসবাদীৰ টিঘিলঘিলনি। মোদী আহিল। কাশ্মীৰত সন্ত্ৰাসবাদীৰ টিঘিলঘিলনিহে বন্ধ নহ'ল। এজনৰ পিছত এজনকৈ দেশ মাতৃৰ সন্তান পাক সেনা আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হৈয়ে থাকিল। বন্ধ নহ'ল বিচ্ছিন্নতাবাদী আন্দোলন। পাকিস্তানৰ ওপৰত এদিন চাৰ্জিকেল ষ্ট্ৰাইকো চলিল। চাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ এবছৰ পিছত তাৰ ভিডিঅ' সংবাদ মাধ্যমৰ জৰিয়তে মুকলিও কৰিলে। তৎসত্বেও অশান্ত কাশ্মীৰ হৈয়ে ৰ'ল। দূৰ নহ'ল চাৰ্জিকেল ষ্ট্ৰাইকক লৈ ভিন্নজনে প্ৰকাশ কৰা সন্দেহ। অৱশ্যে তেনেদৰে সন্দেহ ব্যক্ত কৰাসকলৰ ওপৰত কৌশলৰে জাপি দিয়া হ'ল দেশদ্ৰোহী উপাধি।

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআই। কেনেকৈ কি হ'ল কোনেও তলকিবই নোৱাৰিলে। ৰাতিটোৰ ভিতৰতে সঞ্চালকক বাধ্যতামূলক ছুটী প্ৰদান কৰি উক্ত পদত নিযুক্ত কৰিলে নতুন এজনক। দেশৰ চৌদিশে হাহাকাৰ লাগিল। শেষ মুহূৰ্তত বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল সৰ্বোচ্চ ন্যায়ালয়।

চিবিআইৰ পিছতে আহিল আৰবিআই। ৰঘুৰাম ৰাজনৰ দৰে অৰ্থনীতিৰ প্ৰচুৰ জ্ঞানেৰে ভৰপূৰ মানুহজনক আদৰ্শৰ মিল নথকা বাবেই কাৰ্যকাল বৃদ্ধি নকৰি আৰবিআইৰ গৱৰ্ণৰ পদত অধিষ্ঠিত কৰোৱা হ'ল উৰ্জিত পেটেলক। সকলোৱে ধৰি ল'লে যে পেটেল তেওঁৰ নিজৰ মানুহ। দুদিন পূৰ্বে নিজৰ মানুহেও আৰম্ভ কৰিলে বিদ্ৰোহ। আৰবিআইৰ সৈতে সংঘাত হ'ল মোদী চৰকাৰৰ। পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে যে যিকোনো মুহূৰ্ততে পদত্যাগ কৰিবলৈ সাজু বুলি ৰাজহুৱাকৈ ঘোষণা কৰিলে পেটেলে। যিজন পেটেলে কেন্দ্ৰীয় বেংকটোৰ গৱৰ্ণৰ পদত অধিষ্ঠিত হৈ ৰঘুৰাম ৰাজনক দোষ জাপি দিছিল সেইজন লোকেই ভুল স্বীকাৰ কৰি সলনি কৰিছে নিজৰ সেই মত।

ক'লা ধন ৰোধ কৰা হ'ব। সকলোৰে বেংক একাউণ্টত ১৫ লাখকৈ টকা জমা হ'ব। আস! কি উদ্ভট প্ৰতিশ্ৰুতি। তেনে উদ্ভট প্ৰতিশ্ৰুতিকো বাকপটুতাৰে সঁচা যেন লগা কৰি তুলিছিল তেওঁ। সকলোৱে ১৫ লাখকৈ টকা পালে নে নাই সেয়া সমগ্ৰ দেশবাসীয়ে ভালকৈয়ে জানিব। কিন্তু এইবোৰৰ মাজতে কোটি কোটি টকা লৈ নিজকে প্ৰধান সেৱক আৰু চকীদাৰ আখ্যা দিয়া মানুহজনৰ নাকৰ তলেৰে কোটি কোটি টকা আত্মসাৎ কৰি বিদেশ পালে বিজয় মালিয়া, নীৰৱ মোদীকে আদি কৰি কেবাজনো কোটিপতি। আচৰিত ধৰণে স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ কথা কোৱা লোকজনৰ কেবিনেটৰ পৰা মি টুৰ বাবে পদত্যাগ কৰিবলগীয়া হয় এম জে আকবৰে।

ন খাউংগা অাউৰ ন খানে দুংগা। কথাখিনি শুনিয়েই সকলোৱে বিশ্বাস কৰিছিল সেয়া। পিছে মালিয়া, নীৰৱ মোদীৰ দৰে বহুজনক খোৱাৰ সুবিধা কৰি দিয়াৰ লগতে ৰাফেল চুক্তিক লৈয়ো শলঠেকত পৰে কেন্দ্ৰ। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়কো একপ্ৰকাৰ অৱমাননা কৰাৰ দুঃসাহস কৰে চৰকাৰখনে। বিষয়টোক লৈ দেশৰ ৰাজনীতিয়ে এনে পৰ্যায় পাই যে বাধ্য হৈ ন্যায়ালয়ৰ নিৰ্দেশমতে বন্ধ খামত চুক্তিৰ সবিশেষ জমা দিয়ে।

গংগাক পৱিত্ৰ কৰাৰ নামত কোটি কোটি ধন আৱণ্টিত হোৱাৰ পিছতো নৈখন আগতকৈয়ো অধিক প্ৰদূষিতহে হৈ পৰিল। স্বাভাৱিকতেই প্ৰশ্ন উঠিছে, নৈখন পৰিষ্কাৰেই নহ'ল যেতিয়া ক'লৈ গ'ল কোটি কোটি টকা? অনুৰূপ ধৰণে, স্বচ্ছ ভাৰত আঁচনি ৰূপায়ণ কৰাৰ পিছতো দেশৰ নগৰ-চহৰ এতিয়াও ভৰি আছে আৱৰ্জনাৰে।

ভাল দিন আহিব। বস্তুৰ দাম হোৰাহোৰে হ্ৰাস পাব। শুনিবলৈকে ভাল লাগে এনে কথা। সেয়ে সকলোৱে শুনিছিল। বাট চাইছিল দাম কমালৈ। দাম হ'লে নকমিল। পেট্ৰ'লে ৯০ কোবালে, ডিজেলেও পালে লেটাৰ মাৰ্ক। এফ ডি আই আহিল। থলুৱা ব্যৱসায়ীৰ মূৰত ভাগি পৰিল সৰগ। এসময়ত জিএছটিৰ বিৰোধিতা কৰা নেতাজনে দেশজুৰি কাৰ্যকৰী কৰিলে জিএছটি। বছৰি ২কোটি নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈ মূৰকত আগবঢ়ালে পকড়ি বিক্ৰীৰ পৰামৰ্শ। ফলশ্ৰুতিত আপোনঘাতী হ'বলৈ বাধ্য হৈ পৰে অসমৰ মৰিগাঁও জিলাৰ দিব্যাংগ মৃদুলৰ দৰে বহুজন।

প্ৰতিশ্ৰুতি দিছিল তেওঁৰ দলৰ চৰকাৰ শাসনলৈ আহিলে কোনো কৃষকে আত্মহত্যা কৰিব নালাগিব। কৃষকৰ মনত আনন্দৰ সীমা নাছিল। সেই আনন্দ উপভোগ কৰাৰ সৌভাগ্য কোনো কৃষকৰ নহ'ল। কোটিপটিসকলক ঋণ ৰেহাই দি বিদেশলৈ পলুৱাই পঠিয়াই নতুন নতুন নিয়ম জাপি দি কৃষকৰ মূৰত ৰামটাঙোনহে শোধালে চৰকাৰখনে। আনকি দিল্লীত এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাবলৈ অহা হাজাৰ হাজাৰ কৃষকৰ ওপৰত জপিয়াই পৰে মোদী চৰকাৰৰ অধীনস্থ দিল্লী আৰক্ষী।

আধাৰ কাৰ্ডৰো বিৰোধিতা কৰি ২০১৪ৰ পূৰ্বে গণ্ডাই গণ্ডাই টুইট কৰিছিল তেওঁ। তেতিয়া তেওঁ আছিল গুজৰাট মডেলৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ পৰাই যেতিয়াই প্ৰধানমন্ত্ৰীৰ চকী পালে তেতিয়াই সলনি হৈ পৰিল দৃষ্টিভংগী। বেংক একাউণ্ট, মোবাইল নম্বৰ সকলোতে আধাৰ নং লিংক কৰাবলৈ মেছেজৰ ওপৰত মেছেজ আহিল। শেষত যেনিবা সৰ্বোচ্চ ন্যায়ালয়ে আধাৰ নং বেংক একাউণ্টত লিংক কৰাতো বাধ্যতামূলক নহয় বুলি দেশবাসীক সকাহ প্ৰদান কৰিলে।

সদৌশেষত আহিল অসমত প্ৰদান কৰা শুনিলে শুনি থাকিবলৈ মন যোৱা সেই ভাষণ। ১৬ মে'ৰ পিছত টালি টোপোলা বান্ধিব লাগিব অবৈধ বাংলাদেশীয়ে। বছৰ আহিল বছৰ গ'ল। ১৬ মে' ৪টাকৈ পাৰ হ'ল। বাংলাদেশী বাংলাদেশী হৈয়েই থাকিল। আনকি নতুনকৈ কেবা লাখ হিন্দু বাংলাদেশীক আনি অসমত সংস্থাপন কৰিবলৈহে সিদ্ধান্ত ল'লে তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে।

এনেদৰেই এতিয়া সফলতা-বিফলতাৰে পাৰ হ'বৰ হ'ল ৬০ মাহ। তেওঁৰ কথা মতে দেশবাসীয়ে ৬০ মাহ, মাত্ৰ ৬০ মাহ দিলে। ৫০ মাহত তেওঁ বহু কামেই কৰিলে। বুলেট ট্ৰেইনৰ আধাৰশিলা স্থাপন কৰিলে, চৰ্দাৰ বল্লভভাই পেটেলৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিলে….। দেশবাসীক কেবাবাৰো শাৰী পাতিবলৈ বাধ্য কৰিলে।

২০১৯তো ভোট দিবলৈ আকৌ শাৰী পাতিব দেশবাসীয়ে। তাৰ পূৰ্বে তেওঁ আকৌ ভাষণ প্ৰদান কৰিব। জনতাই পিছে এইবাৰ কেৱল ভাষণ নুশুনে। ভাষণ শুনাৰ লগে লগে জনতাই মনত পেলাব ২০১৪ৰ অচ্ছে দিনৰ ভাষণ। সেই ভাষণৰ সৈতে এইবাৰৰ ভাষণ মনত পেলাইহে ইভিএমৰ বুটাম টিপিব জনতাই।

ইতিমধ্য ৫ৰাজ্যত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচন। অসমতো চলিছে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ। ৰাজনৈতিক বিশ্লেষকসকলে ইয়াক ছেমি ফাইনেল আখ্যা দিছে। এই ছেমিফাইনেলতে একপ্ৰকাৰ নিৰ্ণীত হ'ব যে ৰূপকথাৰ নায়কসদৃশ প্ৰধান সেৱকক অচ্ছে দিনৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আৰু সময় প্ৰদান কৰিব নে নকৰে।

ছেমি ফাইনেলৰ ফলাফল যিয়েই নহওক কিয়, এয়া প্ৰায় নিশ্চিত যে ২০১৯ৰ নিৰ্বাচনৰ  পূৰ্বে তেওঁ আগৰ দৰেকৈ পুনৰ কৈ উঠিব, 'মিত্ৰৌ, ৬০ মাহ আপোনালোকে মোক দিলে। মই কিমান চেষ্টা কৰিছো আপোনালোকে দেখিলেই। মোৰ বহুত সপোন আছে। ইমানবোৰ সপোন ৬০ মাহতে সম্পূৰ্ণ কৰাতো সম্ভৱ নহয়। তাৰ বাবে মোক আৰু ৬০ মাহ লাগিব। মোক আৰু ৬০টা মাহ দিয়ক। এইবাৰ যদি সপোনবোৰ পূৰ্ণ নহয় তেন্তে আপোনালোকে মোক যি শাস্তি দিয়ে তাকেই মূৰ পাতি লম।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in