পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ৬ পৰ্যায়ৰ ভোটগ্ৰহন: ৪৩ সমষ্টিত ৩০৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা…

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ৬ পৰ্যায়ৰ ভোটগ্ৰহন: ৪৩ সমষ্টিত ৩০৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা…

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহন । দেশত কোৰোনাৰ দ্বিতীয় ঢৌৱে বিভিষিকাৰ সৃষ্টি কৰাৰ সময়তে কোভিড প্ৰট'কল মানি ৰাজ্য খনত অনুষ্ঠিত হৈছে ভোটগ্ৰহন । ৪৩ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহন প্ৰক্ৰিয়া ।

ইফালে ৬ পৰ্যায়ৰ ভোটগ্ৰহনত ৪৩ টা সমষ্টিৰ প্ৰায় ১ কোটিকৈ অধিক ভোটাৰে ৩০৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব । ইফালে বিগত পৰ্যায়ত হোৱা হিংসাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে । নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়ত নিৰাপত্তাৰক্ষীৰ প্ৰায় ১,০৭১ টা কোম্পানী মোতায়েন কৰিছে বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in