‘কা’ৰ সমৰ্থক আৰু ‘কা’ বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে…

‘কা’ৰ সমৰ্থক আৰু ‘কা’ বিৰোধীৰ  মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে…
  • পশ্চিম বংগত 'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধী প্ৰতিবাদকাৰীৰ মাজত সংঘাত।
  • এই সংঘাত নিহত হৈছে ২ জনকৈ লোক।
  • পশ্চিম বংগৰ মুৰ্ছিদাবাদত সংঘটিত হৈছে এই ঘটনা।
  • প্ৰতিবাদৰ সময়ত দুটা গোটৰ মাজত হোৱা সংঘাতে হিংসাত্মক ৰূপ ধাৰণ কৰে।
  • দুয়োটা দলৰ মাজত দেশীয় বোমা নিক্ষেপ কৰাৰ লগতে গুলীবৰ্ষণো কৰে।
  • আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সংঘাতৰ সময়ত দুজন লোক নিহত হয় আৰু এজন আহত হয়।
  • নিহত লোক দুজন হৈছে অনিৰুদ্ধ বিশ্বাস আৰু মকবুল শ্বেখ।
  • আহত লোকজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
  • মঙলবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।
  • আৰক্ষী বিষয়াই জনোৱা অনুসৰি প্ৰতিবাদস্থলীত দুটা দলৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক আৰম্ভ হৈছিল আৰু পিছলৈ এই তৰ্ক-বিতৰ্কই সংঘাতলৈ পৰিৱৰ্তন হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in