পশ্চিম বঙ্গৰ ব’ৰ্ডৰ পৰীক্ষা বাতিল

পশ্চিম বঙ্গৰ ব’ৰ্ডৰ পৰীক্ষা বাতিল

পশ্চিম বঙ্গৰ ব'ৰ্ডৰ পৰীক্ষা বাতিল

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ দশম শ্ৰেণীৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিলে পশ্চিম বঙ্গ চৰকাৰে। চিবিএছচিয়ে কৰ'না ভাইৰাছৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষী বাতিল কৰাৰ পিছতে দেশৰ এখনৰ পিছত আন  এখন ৰাজ্যৰ লগতে আজি পশ্চিম বঙ্গৰ মমতা বেণাৰ্জীৰ চৰকাৰেও পৰীক্ষা বাতিলৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছ।

উল্লেখযোগ্য যে, পশ্চিম বঙ্গৰ শিক্ষা বিভাগৰ ফালৰ পৰা ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা নকৰাকলৈ জনতাৰ মতামত বিচাৰি বিভাগে দেওবাৰে এক ইমেইল ৰাজহুৱা কৰিছিল। তিনিদিন পূৰ্বে আকৌ ৰাজ্যখনৰ শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠীত কৰাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিবলৈ মাধ্যমিক শিক্ষা ব'ৰ্ডৰ মূৰব্বী, ৰাজ্যৰ শিশু অধিকাৰ সুৰক্ষা সমিতিৰ মূৰব্বী, এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষাবিদসহ মুঠ ছয়গৰাকী সদস্যৰে এক কমিটি গঠন কৰিছিল। এই কমিটিয়ে শনিবাৰে নিজৰ প্ৰতিবেদন দাখিল কৰিছিল।

 অৱশ্যে এই প্ৰতিবেদনত কি আছিল সেয়া বঙ্গৰ শিক্ষা বিভাগে ৰাজহুৱা কৰা নাছিল।কিন্তু এই কমিটিৰ এগৰাকী সদস্যই বৰ্তমানৰ পৰিস্থিতিত ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি সৰ্বসন্মতি মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি মত প্ৰকাশ কৰিছে। সদস্যসকলৰ মাজত অনলাইন মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কমিটিৰ সদস্যৰ সকলৰ মাজত মতবিৰোধ সৃষ্টি হৈছিল বুলি একেজন সদস্যই প্ৰকাশ কৰিছে।

মনকৰিবলগীয়া যে পশ্চিম বঙ্গত চলিত বৰ্ষত ১২ লাখৰো অধিক ছাত্ৰই মাধ্যমিক আৰু ৮.৫ লাখ ছাত্ৰই উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in