খাদ্যৰ লগতে থকা ঠাইৰ অভাৱঃ পশ্চিমবংগৰ শিয়ালদাহ ৰে’লৱে ষ্টেচনত আৱদ্ধ অসমৰ শতাধিক যুৱক…

খাদ্যৰ লগতে থকা ঠাইৰ অভাৱঃ পশ্চিমবংগৰ শিয়ালদাহ ৰে’লৱে ষ্টেচনত আৱদ্ধ অসমৰ শতাধিক যুৱক…
  • পশ্চিমবংগৰ শিয়ালদাহ ৰেলৱে ষ্টেচনত আৱদ্ধ অসমৰ বহু যুৱক।
  • দক্ষিণ ভাৰতত কৰ্মৰত এই যুৱকসকল আহি দেওবাৰে পুৱাৰ ভাগত উপস্থিত হৈছিল হাওৰা ষ্টেচনত।
  • কিন্তু জনতা সান্ধ্য আইনৰ বাৱে সোমবাৰে সকলো ৰেল সেৱা বাতিল হোৱাত বিপাঙত পৰিছে এই যুৱকসকল।
  • থকা ঠাইৰ অভাৱ, প্ৰয়োজনীয় চিকিৎসা বা পৰীক্ষণৰ পৰা বঞ্চিত এইসকল যুৱকৰসকলৰ খাদ্যৰো অভাৱ ঘটিছে।
  • কোৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ বাবে তেওঁলোকক ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়াৰ লগতে বাহিৰত একেলগে অৱস্থান কৰিবও দিয়া নাই যুৱক সকলক।
  • বঙাইগাঁও, যোৰহাট আদি বিভিন্ন স্থানৰ প্ৰায় ৪০০ জন যুৱক থকা বুলি খবৰ পোৱা গৈছে।
  • অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে অসমৰ যুৱকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in