সন্মুখত লোকসভা নিৰ্বাচন! ইমান সহজতেই অনলাইনযোগে লাভ কৰক ভোটাৰ কাৰ্ড…

সন্মুখত লোকসভা নিৰ্বাচন! ইমান সহজতেই অনলাইনযোগে লাভ কৰক ভোটাৰ কাৰ্ড…

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল বৰ্তমান ব্যস্ত নিৰ্বাচনী প্ৰচাৰ চলোৱাত। লগতে দেশৰ সৰ্বসাধাৰণ ৰাইজো সাজু হৈছে নিজৰ নিজৰ মূল্যবান ভোটসমূহ কোন দলৰ কোন প্ৰাৰ্থীক দিব তাৰ বাবে। উল্লেখ্য যে, এইবাৰৰ লোকসভা নিৰ্বাচন মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন হ'ব ১১ এপ্ৰিলত। আৰু ১৯ মে'ত হ'ব শেষৰতো পৰ্যায়ৰ নিৰ্বাচন। তাৰপাছত, ২৩ মে'ত হ'ব ভোটগণনা।

দেশত নিৰ্বাচনত ভোটদান কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৯০ কোটি। আৰু ইয়াৰে ১.৫০ কোটি ভোটাৰৰ বয়স ১৮ৰপৰা ১৯ বছৰৰ ভিতৰত। এই ৯০কোটিৰ কিছু সংখ্যক লোক আছে যিসকলে নিজৰ চহৰ বা গাঁওখন এৰি আন এখন ৰাজ্যত কৰ্মসূত্ৰ যাবলগীয়া হৈছে। আৰু বিভিন্ন কাৰণত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ সমষ্টিৰ ভোটকেন্দ্ৰত উপস্থিত নোহোৱাৰ সম্ভাৱনাও নথকা নহয়।

কিন্তু তেওঁলোকৰ বাবে এক বিকল্প পথ আছে। যদি কোনো লোক নিজৰ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত নোৱাৰে, তেন্তে তেওঁলোকে অন্য ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰ বাবে আপুনি বনাব লাগিব ভোটাৰ আই ডি কাৰ্ড। যি আপুনি নিজৰ ম'বাইলৰ ইণ্টাৰনেট সেৱাৰ সহায়ত বনাব পাৰিব।

ভোটাৰ কাৰ্ড বনাবলৈ আপুনি কি কৰিব লাগিবঃ

১. প্ৰথমে আপুনি www.nvsp.in ৱেবছাইটো খুলিব লাগিব। যদি আপুনি নতুন ভোটাৰ বা আপুনি নিৰ্বাচনী সমষ্টি সলনি কৰিব বিচাৰিছে তেন্তে আপুনি ৬নং ফৰ্মখনত ক্লিক কৰক। ইয়াত আপুনি তিনিটা ভাষা (ইংৰাজী, হিন্দী আৰু মালয়ালম)ত ফৰ্ম পূৰণ কৰিব পাৰিব।

২. ভাষা বাচনি কৰাৰ পাছত আপুনি যিখন ৰাজ্যত আছে আৰু আপোনাৰ কাষত কোনটো বিধানসভা/লোকসভা সমষ্টি আছে তাৰ বিষয়ে কিছু তথ্য জমা কৰিব।

৩. তাৰপাছত নিৰ্বাচনী সমষ্টি সলনি কৰাৰ অপশ্যনটো ক্লিক কৰিব লাগিব।

৪. ইয়াৰ পাছতেই আপুনি আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, পতি-পত্নীৰ নাম বা অন্যান্য নামবোৰ লিখিব লাগিব। আৰু তেওঁলোকৰ ভোটাৰ কাৰ্ড থাকিব লাগিব।

৫. তাৰপাছত জন্মৰ তাৰিখ আৰু লিংগৰ ঘৰটো পূৰাব।

৬. তাৰপাছতেই আপুনি এতিয়া যি স্থানত আছে, সেই স্থানৰ সম্পূৰ্ণ ঠিকনা লিখক। আৰু ইয়াৰ পিছত আপোনাৰ নিজৰ ঘৰৰ ঠিকনা লিখিব লাগিব।

৭. ই-মেইল আই ডি আৰু ম'বাইল নম্বৰ দিব লাগিব।

৮. তাৰপাছতেই আপোনাৰ ফটো, বয়সৰ প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমানপত্ৰ আপলোড কৰিব লাগিব।

৯. ডিক্লেৰেশ্যন ঘৰটোত আপুনি আপোনাৰ জন্ম লাভ কৰা স্থানৰ বিষয়ে লিখিব লাগিব। আৰু তাৰপাছত নিটো নম্বৰ আপোনাক দেখুৱাব হ'ব সেইটো ফৰ্মখনত লিখি দিব।

১০. তাৰপাছতেই দেখিবলৈ পাব 'ছাবমিট'। তাত ক্লিক কৰাৰ পাছতেই আপুনি ই-মেইল লাভ কৰিব। য'ৰ পৰা আপুনি ভোটাৰ কাৰ্ডৰ এপ্লিকেশ্যন চাব পাৰিব। আৰু তাৰেই কিছুদিন পাছত আপুনি লাভ কৰিব ভোটাৰ কাৰ্ডখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in