দুৰ্বৃত্তৰ গুলীবৰ্ষণত নিহত প্ৰাক্তন বি এছ পি নেতা…

দুৰ্বৃত্তৰ গুলীবৰ্ষণত নিহত প্ৰাক্তন বি এছ পি নেতা…

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা দিল্লীৰ নৰেলা লামপুৰত চকত সংঘটিত হয় গুলীবৰ্ষণৰ ঘটনা। পুৱা প্ৰয়া ১০.৪৫ বজাত ৪৫ বছৰ বয়সীয়া বীৰেন্দ্ৰ কালা ওৰফে মানে এখন বগা ৰঙৰ গাড়ীৰে উক্ত স্থান পাৰ কৰা সময়তে প্ৰায় ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে চলাই ধাৰাসাৰ গুলীবৰ্ষণ। এই গুলীবৰ্ষণত নিহত হয় বীৰেন্দ্ৰ কালা।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰি অনুসৰি, ২৬টাকৈ গুলীবৰ্ষণ কৰা হৈছিলবীৰেন্দ্ৰ কালাৰ দেহত। এই গুলীবৰ্ষণৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰপূৰ্বেই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। তাৰপাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈবীৰেন্দ্ৰ কালাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, বীৰেন্দ্ৰ কালা নৰেলাৰ খেড়া খুৰ্দ এলেকাত বাস কৰিছিল।আৰু তেওঁ ২০১৩চনত বি এছ পিৰ প্ৰাৰ্থী ৰূপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাআগবঢ়াইছিল। আৰু তেওঁ মৃত্যুৰ পূৰ্বে জড়িত আছিল আম আমদি পাৰ্টিৰ সৈতে। আনহাতে,আৰক্ষীয়ে দুৰ্বৃত্ত কেইটাক কৰায়ত্তৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in