ভাৰত -ইংলেণ্ডৰ তৃতীয় টেষ্টৰ পূৰ্বে কি ক’লে বিৰাট কোহলীয়ে…

ভাৰত -ইংলেণ্ডৰ  তৃতীয় টেষ্টৰ পূৰ্বে কি ক’লে বিৰাট কোহলীয়ে…

ডিজিটেল ডেস্ক : ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয় টেষ্ট আহমেদাবাদত অনুষ্ঠিত হ'ব । চৰ্দাৰ পেটেল ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয় টেষ্ট খন দিবা নৈশ হ'ব । এই টেষ্ট খেলখনৰ পূৰ্বে বিৰাট কোহলীয়ে কয় যে – ইংলেণ্ডৰ বিৰুদ্ধে সকলো টেষ্ট খেল জিকিব বিচাৰো। বৰ্তমান আমাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বলিং আক্ৰমন । আমাৰ দলটো প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে সাজু।

বিৰাটে লগতে কয় যে বিৰোধী দল অত্যন্ত চাপত আছে। ভাৰতৰ অধিনায়ক কোহলীয়ে ইশান্ত শৰ্মাৰ ১০০ তম টেষ্ট খেলৰ বিষয়েও উল্লেখ কৰি কয় – মোৰ মনত আছে যেতিয়া ইশান্তক ভাৰতীয় দলৰ বাবে বাছনি কৰা হৈছিল, মই তেওঁক ফোন কৰিছিলো আৰু তেওঁক এই বিষয়ে অৱগত কৰিছিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in