শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

কেৱল খেলপথাৰত নহয়, ছ’চিয়েল মিডিয়াতো অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে…

550

ডিজিটেল ডেস্কঃ বিৰাট কোহলী, নামটো শুনিলেই প্ৰতিজন ভাৰতীয়ৰ মনত উদ্ভৱ হয় আশাৰ। টিভি বা ষ্টেডিয়ামত ভাৰতৰ ক্ৰিকেট মেচ চাই থকা সময়ত যদি ভাৰতৰ বাকী কেইজন খেলুৱৈয়ে ভাল খেল প্ৰদৰ্শন নকৰে, তেতিয়া সকলোৰে মুখত এটাই কথা ওলাই যে- ‘কোহলী আছে এতিয়াও বেটিং কৰিবলৈ’।

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত ২০ হাজাৰ ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈগৰাকী হৈছে বিৰাট কোহলী। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক গৰাকী ক্ৰিকেটৰ ক্ষেত্ৰখনত এক অতিকৈ পৰিচিত নাম। পিছে এই খেলুৱৈগৰাকী কেৱল ক্ৰিকেটৰ জগততেই অভিলেখ গঢ়া নাই। বিৰাট কোহলীয়ে গঢ়িছে আন এটা অভিলেখহে।

ছ’চিয়েল মিডিয়াত আটাইতকৈ বেছি সংখ্যক লোকে ফ’ল’ কৰা ক্ৰিকেটাৰসকলৰ তালিকাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলীয়ে। ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা এই খেলুৱৈগৰাকীৰ ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত আছে প্ৰায় ৩ কোটিকৈ ফ’ল’ৱাৰছ।

ইফালে, এই তালিকাত দ্বিতীয় স্থানত আছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰৰ টুইটাৰত ৩ কোটি, ফেচবুকত ২.৮ কোটি আৰু ইনষ্টাগ্ৰামত ১.৬৫ কোটি ফ’ল’ৱাৰ আছে। আনহাতে, মহেন্দ্ৰ সিং ধোনী এই তালিকাত আছে তৃতীয় স্থানত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি