বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গঢ়িলে নতুন অভিলেখ…

বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গঢ়িলে নতুন অভিলেখ…

ডিজিটেল ডেস্কঃ বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত  বিৰাট কোহলীয়ে ৬৪ ৰান সংগ্ৰহ কৰি খেল পথাৰ ত্যাগ কৰে।এইদৰে চলিত বৰ্ষত কোহলীয়ে পুণৰ শতক ৰান কৰাৰ পৰা বঞ্চিত হয়।

যদিও এদিনীয়া ক্ৰিকেটত চলিত বৰ্ষত কোহলীয়ে শতক ৰান লবলৈ সক্ষম হোৱা নাই তথাপি সৰ্বাধিক ১২০০০ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সফল হয়। উল্লেখ যে কোহলীয়ে ক্ষীপ্ৰতাৰে ১২ হাজাৰ ৰান সংগ্ৰহৰ জৰিয়তে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি গঢ়িলে নতুন অভিলেখ ।

এদিনীয়া ক্ৰিকেটত ২০২০ চনৰ পিছত কোহলীৰ সৰ্বোচ্চ ৰান আছিল ৮৯, যি তেওঁ অষ্ট্ৰেলীয়া বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া ক্ৰিকেটত সংগ্ৰহ কৰিছিল। উল্লেখ্য যে ২০০৮ ৰ পিছত এয়া প্ৰথম বাৰৰ বাবে হৈছিল যত কোহলীয়ো গোটেই বছৰটোত এটাও শতক সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in