ধুনুৰ সপোনৰ কাহিনীৰে নিৰ্মাণ হৈছিল ‘ভিলেজ ৰকষ্টাৰছ’

ধুনুৰ সপোনৰ কাহিনীৰে নিৰ্মাণ হৈছিল ‘ভিলেজ ৰকষ্টাৰছ’

ডিজিটেল ডেস্কঃ এতিয়া চৰ্চাত এখন অসমীয়া ছবি। নাম ভিলেজ ৰকষ্টাৰছ্। ইতিমধ্যে বহু স্বীকৃতি লাভ কৰিছে এই ছবিখনে। চিনেমা নিৰ্মাণত কোনো আনুষ্ঠানিক শিক্ষা নথকা কামৰূপৰ ছয়গাঁৱৰ ৰীমা দাসৰ ছবি এইখন। ছবিখনৰ সৈতে ৰীমা দাস বিভিন্ন ধৰণে জড়িত। ছবিখনৰ প্ৰযোজনা, পৰিচালনা, কাহিনী, সম্পাদনা, চিত্ৰগ্ৰহণ, প্ৰডাকশ্যন ডিজাইন, সকলো কৰিছে এই গৰাকী পৰিচালিকাই। ২০১৭চনত মুক্তি পোৱা এই ছবিখনৰ সবিশেষ এনেধৰণৰ-

ছবিৰ নামঃ ভিলেজ ৰকষ্টাৰছ্

পৰিচালকঃ ৰীমা দাস

ছবিখনৰ প্ৰযোজকঃ ৰীমা দাস, জয়া দাস।

ছবিখনৰ কাহিনীঃ ৰীমা দাস।

মুল চৰিত্ৰত অভিনয়ঃ ভণিতা দাস।

সংগীত পৰিচালকঃ নিলোৎপল বৰা।

চিত্ৰগ্ৰহণঃ ৰীমা দাস।

সম্পাদনাঃ ৰীমা দাস।

পৰিৱেশকঃ ফ্লাইং ৰিভাৰ ফ্লিমছ

মুক্তিঃ ২০১৭

দৈৰ্ঘ্যঃ ৮০ মিনিট

ছবিখনৰ কাহিনী এজনী কিশোৰীৰ সপোনৰ আধাৰক লৈ। তাইৰ নাম 'ধুনু'। বহুতো ঘাট-প্ৰতিঘাতৰ মাজত এই সৰু ছোৱালীজনীয়ে লৈ ফুৰিছিল এটা সপোন। সেই সপোন আছিল তাই এটা নিজাকৈ বেণ্ড গঠন কৰিব। ১০ বছৰীয়া ধুনুৰ চৰিত্ৰত অভিনয় কৰিছে ভণিতা দাসে। ধুনুৰ বিধৱা মাক আৰু ককায়েক আছে। এই দুয়োতা চৰিত্ৰত ক্ৰমে বাসন্তী দাস আৰু মনৱেন্দ্ৰ দাসে অভিনয় কৰিছে সুন্দৰভাৱে। ধুনু মাক-ককায়েকৰ সৈতে বাস কৰে কামৰূপ জিলাৰ ছয়গাঁৱত। মাকৰ এখন সৰু দোকান আছে। সেয়ে সিহঁতৰ উপাৰ্জনৰ উৎস। এদিন মাকৰ লগত স্থানীয় অনুষ্ঠান এটাত দোকান দি থাকোতে ধুনুৱে দেখিলে এটা বেণ্ডৰ সংগীতানুষ্ঠান। তাকে দেখি ধুনুৰ সপোনটো আৰু বাঢ়িল। এখন গীটাৰ লোৱাৰ সপোন দেখিলে তেতিয়া তাই। গাঁৱৰ ল'ৰা-ছোৱালীবোৰে সেই বেণ্ডটোক নকল কৰি ওচৰতে পোৱা দুই এক বস্তুৰে সিহঁতিও বেণ্ড এটা খুলিলে। এয়া খেলাৰ বেণ্ড। সেই বেণ্ডটোৰ দ্বাৰা সিহঁতি খেলি খেলি গান গাই এনেকৈয়ে খেলি থাকে। ধুনুৱে ৰকষ্টাৰ জিমি হেন্দ্ৰিক্সকৰ দৰে নকল গীটাৰ এখন অনবৰতে লগত লৈ ফুৰে। এদিন ধুনুৱে এখন কমিকছ পঢ়িলে। তাৰপাছত তাইৰ আচল বাদ্যযন্ত্ৰ বজাবলৈ ইচ্ছা গ'ল। এটকা-দুটকাকৈ সাঁচি তাই এখন বৈদ্যুতিক গীটাৰ কিনাৰ সপোন দেখিলে। টুকুৰা বাতৰি কাকতত এটা প্ৰবন্ধ পঢ়ি তাইৰ মন আৰু দৃঢ় হয়। তাই বুজি উঠিল, ধনাত্মক চিন্তা-ধাৰাই সপোন সাৰ্থক কৰে। মূলতঃ ভিলেজ ৰকষ্টাৰছৰ কাহিনী এয়াই। এই ছবিখন নিৰ্মাণ কৰা হৈছিল কামৰূপী উপভাষাত। ছবিখনে ইতিমধ্যে যথেষ্ট সন্মান বুটলিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য স্বীকৃতিসমূহ হ'ল-

জিঅ' মামী চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

ইণ্ডিয়া গোল্ড শ্ৰেণীৰ শ্ৰেষ্ঠ ছবিৰ গোল্ডেন গেটৱে বঁটা

লিংগ সমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফাম বঁটা

ইয়ং কৃটিক্স চইচ বঁটা

আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

শ্ৰেষ্ঠ পৰিচালকৰগোল্ডেন এলিফেণ্ট বঁটা (দৰ্শিত ছবি) এছিয়ান পেৰনমাৰ প্ৰতিযোগিতা : ৰীমা দাস

শ্ৰেষ্ঠ অভিনেত্ৰীৰ বিশেষ জুৰী বঁটা: ভণিতা দাস

কৰ্ক চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

স্প্ৰিট অফ ফেষ্টিভেল বঁটা

কাইৰো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ ত

ইণ্টেল কৃটিক্সছ ৱিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ কলাত্মক অৱদান

অলিম্পিয়া আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭

শ্ৰেষ্ঠ অভিনেত্ৰী : ভণিতা দাস

শ্ৰেষ্ঠ পৰিচালক : ৰীমা দাস

শ্ৰেষ্ঠ দৰ্শিত ছবিৰ জুৰীৰ বিশেষ বঁটা

স্মাইল আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

শ্ৰেষ্ঠ দৰ্শিত ছবি

শ্ৰেষ্ঠ অভিনেত্ৰী: ভণিতা দাস

এইখন বোলছবি ২০১৭ চনত বিখ্যাত ক্যা চলচ্চিত্ৰ মহোৎসৱতো দৰ্শিত হৈছিল। ২০১৭ ৰ কেৰেলা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তৰ্জাতিক শিতানত প্ৰদৰ্শিত হৈছিল 'ভিৰেজ ৰকষ্টাৰছ'। স্মাইল আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭ৰ উদ্বোধনী ছবি আছিল। শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ছবিৰ পুৰস্কাৰো লাভ কৰিছিল এই ছবিখনে। ইমানবোৰ সফলতাৰ পাছত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰছে এইবাৰ অস্কাৰৰ বিদেশী ছবিৰ শিতানত বাচনিৰ বাবে ভাৰতীয় ছবি হিচাপে নিৰ্বাচিত হৈছে। ২৮খনকৈ ছবিৰ মাজৰ পৰা অসমৰ ৰীমা দাসৰ আৰু অসমীয়াৰ প্ৰথম ছবিৰূপে এই সফলতা অৰ্জন কৰাতো কম গৌৰৱৰ কথা নহয়। যিসময়ত অসমীয়া চিনেমাৰ বেয়া দিন চলি আছে বুলি সকলোৱে উদ্বেগ ব্যক্ত কৰে, সেই সময়ত অসমীয়া ছবিৰ এনে উত্তৰণে আকৌ আশা সঞ্চাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in