ক্ৰীছ গেইলৰ সৈতে ফটো উঠি বিজয় মালিয়াই কলেঃ মোক চোৰ বুলি নকব, মই পইচা দি আছো কিন্তু বেংকে নলয় ধন…

ক্ৰীছ গেইলৰ সৈতে ফটো উঠি বিজয় মালিয়াই কলেঃ মোক চোৰ বুলি নকব, মই পইচা দি আছো কিন্তু বেংকে নলয় ধন…

ডিজিটেল ডেস্কঃ কেইবাশ কোটিৰ টকাৰ ঋণ লৈ বিদেশত বাহৰ পাতি থকা ব্যৱসায়ী বিজয় মালিয়াই শেহতীয়াকৈ টুইটাৰত আপলোড কৰিছে এখন ফটো। ক্ৰীছ গেইলৰ সৈতে উঠা ফটোখনৰ তলত মালিয়াই লিখিছে 'বিগ বছক লগ পাই ভাল লাগিল'। আনহাতে গেইলেও মালিয়াক নাম দিছে ৰকষ্টাৰ।

উল্লেখ্য যে, আই পি এলৰ বেংগালুৰু ক্ৰিকেট দলটোৰ এসময়ত মালিক আছিল মালিয়া। আৰু দলটোত থকা নিমিত্তেই গেইলৰ সৈতে ভাল সম্পৰ্ক বিজয় মালিয়াৰ।

টুইটাৰত বিজয় মালিয়াৰ সৈতে গেইলক ফটোত দেখি বহুলোকে মালিয়াৰ পৰা আতৰি থাকিবলৈ পৰামৰ্শ দিছে গেইলক। মালিয়াক কটুভাষাৰে কিছুলোকে কমেন্ট কৰিছে যে, মালিয়া নিচিনা চোৰৰ সৈতে বেছি মিতিৰাতি নকৰিব, সময়ত তেও আপোনাকো ঠগিব।'

বহুলোকৰ এনে কমেন্ট দেখি মালিয়াই দিছে উত্তৰ। তেও সকলোকে উদ্দ্যেশি লিখিলে- যি সকলে মোক চোৰ সম্বোধন কৰি আছে তেওলোকক মই কও কথাবোৰ অলপ শুদ্ধকৈ কব। মই বিগত বৰ্ষৰ পৰা বেংকক কৈ আহিছো যিমান পইচা লৈছো, আপোনালোকে লৈ লওক। কিন্তু বেংকেহে মোৰ পইচা লোৱাত ইচ্ছা প্ৰকাশ কৰা নাই।'

বৰ্তমান লণ্ডন হাইকৰ্টৰ মালিয়াই ৰেহাই পাইছে যদিও ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত পুনৰ শুনানি গ্ৰহন কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in