শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

দিনীয়া ভ্ৰমণ সূচীৰে নাগালেণ্ডত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

ডিজিটেল সংবাদ ৱাখাঃ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ লৈ অহা দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণেৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় । উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে বৃহস্পতিবাৰে পুৱা ত্ৰিপুৰাৰৰ ভ্ৰমণ সামৰি আগৰতলাৰ পৰা বিশেষ বিমানেৰে আহি ডিমাপুৰত উপস্থিত হোৱাৰ সময়ত উপ-ৰাষ্ট্ৰপতি নাইডুক ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী , মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনে উষ্ণ আদৰণি জনায় ।

ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে পোনে পোনে ডিমাপুৰৰ জৰাপানীত থকা ৰাষ্ট্ৰীয় মেঠন গৱেষণা কেন্দ্ৰটো পৰিদৰ্শন কৰে । মেঠন গৱেষণাগাৰটো পৰিদৰ্শন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভূত হৈ পৰে । পৰিদৰ্শন কালত গৱেষকসকলৰ সৈতে হোৱা বাৰ্তালাপত এম ভেংকায়া নাইডুৱে উত্তৰ পূৰ্বৰ সমৃদ্ধময় জৈৱ সম্পদ আৰু প্ৰাণীসম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ বিজ্ঞানীসকলক উদ্ভাৱনী গৱেষণাৰ বাবে আহবান জনায় ।

উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে আমাৰ বৈজ্ঞানিক প্ৰতিষ্ঠান বিলাকে ভৌগোলিক স্থানৰ নিৰ্দিষ্ট প্ৰযুক্তি বিকাশ সাধন কৰিব লাগিব। যাতে সেই অঞ্চলৰ জনজাতীয় সংস্কৃতিৰ জলবায়ুৰ স্থিতিস্থাপকতাৰ সামঞ্জস্য থকা উচিত । ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি নাইডুৱে ডিমাপুৰৰ ছুমুকেডিমাৰ আৰক্ষী নিবেশৰ ৰ’ডডেনড্ৰন হলত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনসহ মন্ত্ৰী পৰিষদৰ সৈতে বিশেষ আলোচনাত মিলিত হয় ।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেল পদ্ধতিৰে কহিমাত অৱস্থিত নাগালেণ্ডৰ প্ৰথমখন আই টি পাৰ্কৰ তথ্য প্ৰযুক্তিৰ সঞ্চালকালয়ৰ কাৰ্যালয়, কহিমা চৰকাৰী হাইস্কুল আৰু মন্ত্ৰী আৱাস ভৱন উদ্বোধন কৰে । উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তিনিদিনীয় ভ্ৰমণ উদ্দেশ্য নাগালেণ্ডলৈ আহিছিল যদিও বিশেষ কাৰণ তেওঁৰ সেই ভ্ৰমণ বাতিল কৰি এদিনীয়ালৈ সলনি কৰে। শুক্ৰবাৰে উপ-ৰাষ্ট্ৰপতি নাইডু অৰুণাচল প্ৰদেশত উপস্থিত হব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি