পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি…

পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি…

● পংকজ শৰ্মা

পূজাৰ বতৰ। এখন গাড়ী কিনিম বহুতে ৰৈ থকাৰ সময়ত উৎসৱৰ বতৰত গাড়ী কিনিব খোজা গ্ৰাহকলৈ গাড়ী বিক্ৰেতাসকলে দিয়ে বিভিন্ন অফাৰ। সেয়ে বহুতে পূজাৰ বতৰত পচন্দৰ গাড়ীখন ক্ৰয় কৰিবলৈ যায়। সেই সময়ত গাড়ী ক্ৰয় কৰিলে বহু কেইটা টকা ৰাহি হয় গ্ৰাহকৰ। পূজা আৰু নতুন গাড়ী ক্ৰয় কৰাৰ সেই আনন্দই সুকীয়া।

এইবাৰ কিন্তু পূজা আহিছে ঠিকেই। কিন্তু গ্ৰাহকৰ মনতহে নতুন এখন গাড়ী ক্ৰয়ৰ প্ৰতি আগ্ৰহ বঢ়া নাই। যাৰ বাবে গাড়ী নিৰ্মাতা কোম্পানীসমূহেও দেখুওৱা নাই বিশেষ তৎপৰতা। পথৰ দাঁতিত ডাঙৰ ডাঙৰ হৰ্ডিং আঁৰি প্ৰচাৰ চলোৱা নাই পূজাৰ বিশেষ অফাৰৰ বিষয়ে। গ্ৰাহক আৰু বিক্ৰেতাৰ এনে নিৰুৎসাহৰ বাবে এতিয়া বহু শ্ব'ৰুমতে আবদ্ধ হৈ আছে বিভিন্ন কোম্পানীৰ ন ন মডেলৰ বিলাসী বাহনসমূহ।

বিগত কিছুবছৰ ধৰি দেশৰ শিল্পউদ্যোগটোলৈ লাহে লাহে নামি আহিছে গভীৰ সংকট। কিন্তু বিগত কিছুবছৰৰ তুলনাত এইবাৰযেন সেয়া অধিক ৰূপত দেখা গৈছে। বাহন নিৰ্মাতা কোম্পানীসমূহে বজাৰত তেওঁলোকৰনিৰ্মিত বাহনৰ চাহিদা নথকাৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছে।

ব্যাঘাত জন্মিছে ডিলাৰ আৰু কোম্পানীৰ মাজৰ সৰবৰাহত। বহু গাড়ী ডিলাৰতে পৰি ৰৈছে। যাৰ ফলত কোম্পানীসমূহে নতুন গাড়ীৰ উৎপাদন বন্ধ ৰাখি প্ৰতীক্ষা কৰিছে পূৰ্বৰ গাড়ীসমূহৰ বিক্ৰীলৈ।

দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দেশৰ অৰ্থব্যৱস্থাক ৫ ত্ৰিলিয়নলৈ বৃদ্ধি কৰাৰ যি আঁচনি ঘোষণা নকৰিলেও প্ৰকৃততে কিমান দূৰ সম্ভৱ হ'ব তাক লৈ সন্দেহৰ সৃষ্টি হোৱাটো স্বাভাৱিক। ক্ৰমে নিম্ন পৰ্যায়লৈ গতি কৰা দেশৰ আৰ্থিক অৱস্থাই এতিয়া সৃষ্টি কৰিছে সংকটৰ।

এই সংকট যে কেৱল অট' চেক্টৰতে দেখা দিছে তেনে নহয়, তাৰ সমান্তৰালভাৱে ইয়ে ভয়াবহ সংকট সৃষ্টি কৰিছে দেশৰ সংস্থাপন ক্ষেত্ৰলৈও। দেশৰ বহুজাতিক বাহন নিৰ্মাণ কোম্পানীসমূহৰ নিৰ্মাণ বন্ধ হোৱাৰ ফলত ৩০লক্ষাধিক লোকে এতিয়া সংস্থাপন হেৰুওৱাৰ দিশে গতি কৰিছে।

শেহতীয়াকৈ এগৰাকী কেন্দ্ৰীয়মন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ বৰেলীত এখন সভা সম্বোধন কৰি দাবী কৰিছিল যে দেশত সংস্থাপনৰঅভাৱ হোৱা নাই, অভাৱ হৈছে যোগ্য যুৱকৰহে। কিন্তু অট' চেক্টৰত দেখা দিয়া এনে সংকটেতাত কৰ্মৰত কৰ্মচাৰীসকলৰ সংস্থাপনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটোও তেনে কৰ্মচাৰীসকলৰযোগ্যতাৰ অভাৱৰে ফল বুলি ধৰি ল'ব পাৰি জানো?

কেইদিনমান পূৰ্বে ভাৰতৰ বজাৰত নতুন গাড়ী মুকলি কৰিছিল কোৰিয়ান গাড়ী নিৰ্মাণ কোম্পানী হুণ্ডায়ে। কিন্তু তাৰ পিছতে কোম্পানীটোৱে চেন্নাইৰ কাৰখানা বন্ধ ৰখাৰ ঘোষণা কৰে। নতুন গাড়ী মুকলি কৰিলেও বজাৰত গাড়ীৰ চাহিদা নথকাৰ বাবে উৎপাদন বন্ধ ৰখাৰ সিদ্ধান্ত লয় কোম্পানীটোৱে।

একেই সিদ্ধান্ত লৈ মাৰুতীচুজুকীয়েও ছেপ্টেম্বৰ মাহত তেওঁলোকৰ নিৰ্মাণ কাৰ্য দুদিন বন্ধ ৰখাৰ ঘোষণা কৰিছে। ডিলাৰতেপৰি ৰোৱা পুৰণি গাড়ীসমূহৰ বুকিং সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এনে কৰাৰ প্ৰয়োজন হৈছেবুলি মন্তব্য কৰে কোম্পানীটোৱে।

বজাৰ আৰু নিৰ্মাণৰ মাজত সামাঞ্জস্য আনিবলৈ ১৭ দিনলৈ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে সৰ্ববৃহৎ গাড়ী নিৰ্মাণ কোম্পানী মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে। কোম্পানীটোৱে জনোৱা মতে, তেওঁলোকৰ উৎপাদন অনুপাতে চাহিদা নাই বজাৰত।

যান বাহনৰ বিক্ৰীৰ এনে অভাৱনীয়হ্ৰাসে চিন্তিত কৰি তুলিছে কোম্পানীসমূহৰ লগতে তাৰ সৈতে জড়িত ক্ষেত্ৰসমূহলৈও। ১৯৯৭-৯৮চনৰ পিছত দেশৰ অট' চেক্টৰত সৰ্বাধিক মন্দাৱস্থাই দেখা দিছে চলিত বৰ্ষটোতে।

ছ'চাইটি অৱ ইণ্ডিয়ান অটোমোবাইলমেনুফেকছাৰ্ছে সদৰী কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহতেই সৰ্বাধিক হ্ৰাস পাইছেযান বাহনৰ বিক্ৰী। চাৰিচকীয়া বাহনৰ লগে লগে দুচকীয়া বাহনতো বিক্ৰীৰ হাৰ বিগত তিনিবছৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পাইছে।

তথ্য  অনুসৰি, ২০১৮ চনৰ আগষ্টত ভাৰতত বাহনৰ বিক্ৰীৰ হাৰ আছিল ২,৮৭,১৯৮।কিন্তু তাৰ তুলনাত ২০১৯ৰ আগষ্টত এই হাৰ ১,৯৬,৫২৪ হৈছে। অৰ্থাৎ বিগত বৰ্ষতকৈ এইবছৰবাহনৰ বিক্ৰীৰ হাৰ হ্ৰাস পাইছে ৩১.৫৭ শতাংশ।

আনহাতে সৰ্বাধিক বিক্ৰীৰ হ্ৰাস বাইছে যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত। চলিত বৰ্ষত সাধাৰণ যাত্ৰীবাহী বাহনত ৪১,০৯ শতাংশ হ্ৰাস পাইছে। এয়া বিগত কেইবাদশকৰ ভিতৰতে সৰ্বাধিক।

বিক্ৰীৰ দিশৰ পৰা চাবলৈ গ'লে ৱেগনআৰবাহনখনৰ বিক্ৰীয়েই ভাৰতত সৰ্বাধিক। চলিত বৰ্ষৰ জুলাই মাহত এই বাহনখনৰ বিক্ৰী১৫,০৬২। তাৰ পিছতেই আছে ডিজায়াৰ আৰু চুইফট ডিজায়াৰ বাহন দুখন। সৰ্বনিম্ন হৈছেনেক্সন বাহন। ৩৩৪৪ বিক্ৰীৰে জুলাই মাহত আটাইতকৈ কম বিক্ৰী হোৱা বাহন হৈছে নেক্সন।

দেশৰ অট' চেক্টৰৰ এনে ভয়াবহমন্দাৱস্থাই দেশৰ আৰ্থিক মন্দাৱস্থাৰো অন্যতম কাৰণ বুলি দাবী কৰি আহিছে বহুতে।দেশৰ অট' চেক্টৰৰ এনে মন্দাৱস্থা দূৰ কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইঅহা হৈছে।

নীতি আয়োগৰ উপ সঞ্চালক ৰাজীৱকুমাৰেও সেয়াই কৈছে। ক্ৰমাগতভাৱে হ্ৰাস পোৱা এনে আৰ্থিক অৱস্থাৰ বিষয়ে আৰম্ভণিতে কেন্দ্ৰীয়চৰকাৰে চিন্তা নকৰিলে পৰৱৰ্তী সময়ত দেশত ভয়ানকভাৱে আৰ্থিক সংকট দেখা দিয়াৰ আশংকাকৰিছে ৰাজীৱ কুমাৰে।

নীতি আয়োগৰ উপ সঞ্চালক ৰাজীৱ কুমাৰৰ মতে, ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে কৰা বিমুদ্ৰাকৰণ, জিএছটি আৰু বেংক নীতিৰ আমূল পৰিৱৰ্তনে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত দূৰত্বৰ সৃষ্টি কৰিছে। ফলত হ্ৰাস পাইছে চাহিদা। চাহিদা হ্ৰাসৰ লগে লগে উৎপাদন কমাবলৈ বাধ্য হৈছে কোম্পানীয়ে। যাৰ ফলত সৃষ্টি হৈছে আৰ্থিক মন্দাৱস্থাৰ। এয়া এক ক্ৰমাগত সৃষ্টি।

বিগত ৭০ বছৰত ভিতৰত দেশৰ আৰ্থিকক্ষেত্ৰখনত দেখা দিয়া এয়াই সৰ্বাধিক সংকট বুলিও দাবী কৰে ৰাজীৱ কুমাৰে। ইয়াৰ বিৰুদ্ধেসময় থাকোতে ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াবহ হ'ব এদিন দেশৰ ভৱিষ্যত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰিকেন্দ্ৰীয় চৰকাৰৰৰ মন্ত্ৰী-আমোলাই সততে প্ৰগতি, উন্নয়নৰ কথা কয়। দেশৰ আৰ্থিকক্ষেত্ৰখনত ন ন পৰিকল্পনা, বিদেশী বিনিয়োগেৰে আৰ্থব্যৱস্থাক ৫ ত্ৰিলিয়ন কৰাৰপ্ৰতিশ্ৰুতি দিয়ে। কিন্তু সেই প্ৰতিশ্ৰুতি ঢাক-ঢোল নে কেতিয়াবা সেয়া বাস্তৱতৰূপায়িত হ'ব তাক লৈ প্ৰশ্নৰ উত্থাপন হোৱাটো স্বাভাৱিক।

পূজাৰ বতৰত আৰ্থিক মন্দাৱস্থাই প্ৰভাৱপেলাইছে সাধাৰণ নাগৰিকৰ ওপৰতো। কোম্পানীৰ তৰফৰ পৰা পূজাৰ অফাৰ লাভ কৰিলেও পচন্দৰবাহনখন ক্ৰয় কৰিবলৈ গৈ মন আমুৱাই পেলাইছে গ্ৰাহকসকলে। সঞ্চয়ৰ বিপৰীতে অধিক ধন খৰছহোৱাৰ আশংকাই গ্ৰাহকসকলৰ মনত নিৰুৎসাহৰ সৃষ্টি কৰিছে। এই নিৰুৎসাহৰ বাবেইকোম্পানীয়েও নতুন গাড়ীখনত বজাৰত মুকলি কৰি ভাৱিবলগা হৈছে তাৰ চাহিদাৰ কথা। ডিলাৰতশাৰী শাৰীকৈ পেলাই থোৱা হৈছে বাহনসমূহ। এই সকলোসমূহে প্ৰমাণ কৰে, এতিয়া দেশৰআৰ্থিক ক্ষেত্ৰত কেনে দিন চলিছে…।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in