হাটশিঙিমাৰীত ৭২ তম সদৌ অসম গাঁওৰক্ষী সংগঠন প্ৰতিষ্ঠাৰ দিৱস উদযাপন…

হাটশিঙিমাৰীত ৭২ তম সদৌ অসম গাঁওৰক্ষী সংগঠন প্ৰতিষ্ঠাৰ দিৱস উদযাপন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে দিনজোৰা কাৰ্য্যসূচীৰে হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰি গাঁওৰক্ষী সংগঠনৰ এক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীৰ ৰঘুপাৰাস্থিত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত বুধবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ৭২ তম সদৌ অসম গাঁওৰক্ষী সংগঠন দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বুধবাৰে পুৱা ৭ বজাত গাঁওৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰাৰ লগতে পুৱা ৭.৩০ বজাত শ্বহীদ তৰ্পন কৰা হয়। একেদৰে পুৱা ৮ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে পুৱা ৯.৩০ বজাত ছাফাই অভিযান চলোৱা হয়। আনহাতে পুৱা ১০.৩০ বজাত জিলাখনৰ বিভিন্ন সমস্যাৰ ওপৰত সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই দিনৰ ১২ বজাত পৰিবেশ নিয়ন্ত্ৰণৰ বাবে বৃক্ষ ৰোপণ কৰা হয়। দিনৰ ১২.৩০ বজাত গাঁওৰক্ষী দিৱস উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়।

এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওঝা। একেদৰে বিশিষ্ট অতিথি হিচাপে জিলা সহকাৰী আৰক্ষী অধীক্ষক ফাৰুক আহমেদ উপস্থিত থকাৰ লগতে জিলা খনৰ মুঠ ১৪২ গৰাকী গাঁৱৰক্ষী সংগঠনৰ সম্পাদক আৰু সভাপতি উপস্থিত থকাৰ লগতে স্থানীয় কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাৰ মাজতেই মাৰাথন দৌৰ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক বঁটা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।

মন কৰিবলগীয়া বিষয় এয়া যে ৭২ তম সদৌ অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা খনত প্ৰথম বাৰৰ বাবে গাঁৱৰক্ষী সংগঠনৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ৭২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৭২ পৃষ্ঠাজোৰা স্মৃতিগ্ৰন্থৰ জৰিয়তে জিলাখনৰ ঐতিয্য, উৎপত্তিৰ বিষয়ে ৰাইজে জানিব পৰাৰ উপৰিও জিলাখনৰ ১৪২ জন গাঁৱৰক্ষী সংগঠনৰ সম্পদক, সভাপতিৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰা হৈছে। এই স্মৃতিগ্ৰন্থৰ দ্বাৰা জিলাবাসীয়ে ভালেখিনি উপকৃত হব বুলি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজাই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in