বন্দে ভাৰত এক্সপ্ৰেছ মা বৈষ্ণো দেৱীৰ ভক্ত সকলৰ বাবে নৱৰাত্ৰীৰ উপহাৰঃ প্ৰধানমন্ত্ৰী মোডী

বন্দে ভাৰত এক্সপ্ৰেছ মা বৈষ্ণো দেৱীৰ ভক্ত সকলৰ বাবে নৱৰাত্ৰীৰ উপহাৰঃ প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা কটৰালৈ চলিবলগা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লখনে বৃহস্পতিবাৰে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। নতুন দিল্লী ৰে'লৱে ষ্টেছনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ-অফ কৰি যাত্ৰাৰ শুভাৰম্ভণী কৰে। এই এক্সপ্ৰেছ ৰে'লখন জম্মু-কাশ্মীৰ উন্নয়নৰ বাবে এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

আনফালে বন্দে ভাৰত এক্সপ্ৰেছৰ আৰম্ভণিত আনন্দ ব্যক্ত কৰি টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এয়া বৈষ্ণো দেৱীৰ দৰ্শনৰ বাবে যোৱা ভক্ত সকলৰ বাবে নৱৰাত্ৰীৰ উপহাৰ বুলি মন্তব্য কৰে। টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে- ' জম্মুৰ ভাতৃ-ভগ্নী আৰু মা বৈষ্ণো দেৱীৰ ভক্ত সকলৰ বাবে বন্দে ভাৰত এক্সপ্ৰেছ নৱৰাত্ৰীৰ উপহাৰ। নতুন বন্দে ভাৰত এক্সপ্ৰেছে নতুন দিল্লীৰ পৰা কটৰাৰ মা বৈষ্ণো দেৱীৰ মন্দিৰলৈ যোৱা ভক্ত তথা পৰ্যটকসকলৰ বাবে এক আধ্যাত্মিক যোগসূত্ৰ স্থাপন কৰিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in