বাজপেয়ীৰ কাষলৈ সকলো আহিছে, ৰাজেন গোহাঁই পিছে ক’ত?

বাজপেয়ীৰ কাষলৈ সকলো আহিছে, ৰাজেন গোহাঁই পিছে ক’ত?

ডিজিটেল ডেস্কঃ ১৯৮৩চনত নগাঁৱলৈ আহিছিল বাজপেয়ী। অসমৰ বহু ছাত্ৰ নেতা তথা সেই সময়ৰ জাতীয়তাবাদী শিবিৰৰ নেতাৰ সৈতে বাজপেয়ীৰ আছিল সুসম্পৰ্ক। অমস আন্দোলনৰ সময়ত বাজপেয়ীয়ে আছিল উৎসাহ আৰু প্ৰেৰণাৰ প্ৰতীক।

আজি অন্তিম বিদায় দিবলৈ সেয়ে অসমৰ পৰাও কেবাজনো নেতা দিল্লী মুখী হৈছে। বাজপেয়ীক অন্তিম বিদায় দিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসো যাব বাজপেয়ীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। ইয়াৰ উপৰিও অসমৰ কেবাজনো মন্ত্ৰী তথা বিধায়ক দিল্লীমুখী হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে দিল্লীতে থকা বিতৰ্কিত মন্ত্ৰী ৰাজেন গোহাঁইক কিন্তু বাজপেয়ীৰ নশ্বৰ দেহৰ কাষত দেখিবলৈ পোৱা যোৱা নাই। অতি সংকটজনক অৱস্থাত এইমছত ভৰ্তি হৈ থকা অৱস্থাত প্ৰায় প্ৰতিজন মন্ত্ৰী গৈছিল বাজপেয়ীৰ খবৰ ল'বলৈ। সেই তালিকাতো নাছিল ৰাজেন গোহাঁইৰ নাম।

শেহতীয়াকৈ এক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈ চৰ্চালৈ অহা মন্ত্ৰীজনে প্ৰায়ে এৰাই চলিছিল ৰাজহুৱা জীৱন। বাজপেয়ীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ৰাজেন গোহাঁইৰ তৎপৰতা দিল্লীত এতিয়ালৈকে দেখিবলৈ পোৱা হোৱা নাই। তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ কেবাবাৰো ফোনযোগে যোগাযোগ কৰা হৈছিল যদিও তেখেতৰ মোবাইল নম্বৰটো সদ্যহতে বন্ধ হৈ আছে।

ইয়াৰ বিপৰীতে প্ৰতিজন বিজেপিৰ নেতা-কৰ্মী দৌৰিছে বাজপেয়ীৰ কাষলৈ। মৰ্গদৰ্শক ৰূপে বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিয়া বাজপেয়ীক শেষ বিদায় জনাই ধন্য হ'ব খোজে তেওঁলোক। কিয়নো বাজপেয়ীয়ে ৬৫টা বছৰ ভাৰতীয় ৰাজনীতিত সততা আৰু নিষ্ঠাৰে এক বিশেষ স্থান অধিকাৰ কৰিছিল।

তাৰ পাছত ৯টা বছৰ বাজপেয়ী অৰ্ধচেতন অৱস্থাত আছিল যদিও, তেওঁৰ অস্তিত্বক কোনেও নুই কৰিব পৰা নাছিল। সেই ব্যক্তিত্বৰ অধিকাৰী আছিল বাজপেয়ী। তেওঁৰ কাষলৈ গৈয়ে তেওঁৰ সান্নিধ্য লৈ সাহস আৰু প্ৰেৰণা পাইছিল বহুতে। অথচ, বাজপেয়ীয়ে সেইবোৰ একোৱে গম পোৱা নাছিল।

তেওঁক উপলব্ধি কৰিয়েই, তেওঁৰ ব্যক্তিত্বৰ মাজত ঘনীভূত হোৱা শ্ৰদ্ধা আৰু প্ৰেৰণা লৈয়ে বহু নেতাই ৰাজনীতিৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ মানসিক দৃঢ়তা লাভ কৰিছিল। সেয়ে অৰ্ধচেতন অৱস্থাত থকাৰ অৱস্থাতো তেওঁৰ কাষলৈ হাতত ফুলৰ থোপা লৈ বহু নেতা দৌৰিছিল।

অসুস্থ হৈ থকাৰ সময়তো খোদ প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীৰ খবৰ ল'বলৈ ২৪ ঘণ্টাতেই দুবাৰকৈ এইমছত উপস্থিত হৈছিলগৈ। প্ৰটকল ভংগ কৰি বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এইমছলৈ আহিছিল খোদ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। এয়াই আছিল বাজপেয়ীৰ প্ৰভাৱ।

ইতিমধ্যে বাজপেয়ীৰ নশ্বৰ দেহ লৈ যোৱা হৈছে বিজেপিৰ মুখ্যকাৰ্যালয়লৈ। শ্ৰদ্ধাঞ্জলি জনাবলৈ অপেক্ষা কৰি আছে লাখ লাখ জনতা। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত সকলো তদাৰক কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

অমিত শ্বাহেও এই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু কৰিছে সকলো। পাকিস্তানৰ চৰকাৰৰ হৈ বাজপেয়ীক আজি শ্ৰদ্ধাঞ্জলি জনাই পাক বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা মহম্মদ ফেইচেলে। আনকি টুইটাৰযোগে বাজপেয়ীৰ গুণ-গৰিমা গাই পাকিস্তানে। ভূটানৰ ৰজা জিগমে দিল্লীলৈ আহিছে বাজপেয়ীক শেষ শ্ৰদ্ধা জনাবলৈ।

প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী গৈছে বাজপেয়ীৰ কাষলৈ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও পুৱাই বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনায়। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত গোৱালিয়াও গৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শেষ দৰ্শন কৰেগৈ।

নৌ বাহিনী প্ৰধান, স্থল বাহিনী প্ৰধান, সকলোৱে বাজপেয়ীক শেষ বিদায় জনাই শোকাকুল হৈ পৰিছে। উচ্চতম ন্যায়ালয়েও বাজপেয়ীৰ মৃত্যুক সন্মান জনাই আজিৰ দিনটোত অৰ্ধছুটী ঘোষণা কৰিছে। পুৱাই অন্ধ্ৰপ্ৰেদশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও গৈ প্ৰিয় নেতাজনক অন্তিম বিদায় জনাইছে।

বাজপেয়ীক এইদৰে শেষ বিদায় জনোৱাত সকলো ব্যস্ত হৈ পৰিছে। কিয়নো তেওঁ আছিল জনতাৰ নেতা। দেশ আৰু দেশবাসীক প্ৰাণভৰি ভালপোৱা প্ৰিয় নেতাজনক হেৰুৱাই সকলো এতিয়া শোকত স্তব্ধ। পশ্চিম বংগত যোৱা নিশা বাজপেয়ীৰ স্মৃতিত অগণন লোকে বন্তি প্ৰজ্বলন কৰে।

কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানেও বাজপেয়ীক  জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েও বাজপেয়ীৰ মৃত্যুত শোক ব্যক্ত কৰি কৈছে- দেশে এজন অতি মহান আৰু সুদক্ষ নেতাক হেৰুৱালে।

বাজপেয়ীৰ মৃত্যুত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়েও শোক ব্যক্ত কৰিছে। ছোনিয়া গান্ধীৰ মতে, বাজপেয়ীৰ গণতন্ত্ৰৰণ মূল্যবোধ বুজি পাইছিল। শিৱসেনা প্ৰধান উদ্ধৱ ঠাকৰেও গৈ বাজপেয়ীক শেষ দৰ্শন কৰিছে গৈ। বিশ্বজুৰি আন দেশৰ নেতাসকলেও বাজপেয়ীৰ মৃত্যুত শোক ব্যক্ত কৰি শোকবাৰ্তা প্ৰেৰণ কৰিছে।

ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, অষ্ট্ৰেলিয়া আদি দেশৰ লগতে চীনেও বাজপেয়ীৰ মৃত্যুক বিশ্বৰ বাবে এক ক্ষতি বুলি আখ্যা দিছে। এইদৰে আজি সকলোৱে শোকত ম্ৰিয়মান হৈ পৰিছে। তাৰ বিপৰীতে  বাজপেয়ীৰ মৃত্যুত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই অসমৰ সাংসদ তথা  কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ পৰা। এইমছ তথা বাজপেয়ীৰ বাসগৃহৰ পৰাও প্ৰতিটো চেনেলে ২৪ঘণ্টাই পোনপটীয়া সম্প্ৰচাৰ কৰিছে। তাতো এবাৰ দেখা পোৱা হোৱা নাই ৰাজেন গোহাঁইৰ মুখ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in