উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গা লৰিল আদিত্য নাথ প্ৰশাসনৰঃ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰলৈ চমন…

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গা লৰিল আদিত্য নাথ প্ৰশাসনৰঃ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰলৈ চমন…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাক কেন্দ্ৰ কৰি বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰলৈ চমন জাৰি কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আৰতীয় দণ্ডবিধিৰ ১৬০ ধাৰা অনুসৰি প্ৰেৰণ কৰা হৈছে এই চমন। উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ শাখাই শুকুৰবাৰে পুৱা ১০ বজাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক সোধা-পোছাৰ বাবে লখিমপুৰ খেৰীলৈ মাতি পঠিয়াইছে।

খেৰী ঘটনাৰ মূল অভিযুক্ত বুলি কৃষকে দাবী কৰা আশীষক খেৰী ঘটনা সন্দৰ্ভত সোধা-পোছা কৰা হ'ব আৰু তেওঁৰ স্থিতি তদন্ত সমিতিয়ে গ্ৰহণ কৰিব। উল্লেখ্য় বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ হোৱাৰ সুবাদতে আশীষে এই ভয়ংকৰ ঘটনা সংঘটিত কৰি বৰ্তমানলৈকে মুকলি আকাশৰ তলত থাকিবলৈ সুযোগ লাভ কৰিছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰথমে কোনোধৰণৰ তৎপৰতা প্ৰদৰ্শন নকৰা উত্তৰ প্ৰদেশৰ আই জি লক্ষ্মীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে তেওঁ মূল অভিযুক্ত আশীষ ক'ত আছে নাজানে। ইফালে বৃহস্পতিবাৰেই দেশৰ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া কি অৱস্থাত আছে আৰু অভিযুক্তক আটক কৰিলে নে নাই সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে শুকুৰবাৰৰে সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই তেওঁৰ পুত্ৰ নিৰ্দোষী বুলি দাবী কৰাৰ লগতে এই ঘটনা কৃষকৰ বাবেহে সংঘটিত হবলৈ পালে বুলিও মন্তব্য কৰিছিল। কিন্তু শেহতীয়াকৈ ভাইৰেল হৈ পৰা আন এক ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে যে শান্তিপূৰ্ণভাৱে সমদল কৰি গৈ থকা কৃষকৰ দলটোক পাছফালৰ পৰা গাড়ীৰে মহতীয়াই লৈ যোৱাৰ দৃশ্য।

এই ভিডিঅ' প্ৰথমে সামাজিক মাধ্যমত আপলোড কৰিছিল বিজেপি সাংসদ বৰুণ গান্ধীয়ে। গান্ধীয়ে প্ৰথমৰে পৰা এই ঘটনা সন্দৰ্ভত কৃষকৰ পক্ষত থিয় দি আছে। অসত্যৰ আশ্ৰয় লৈ নিজ পুত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা অজয় মিশ্ৰৰ মিথ্যাচাৰ বৰুণ গান্ধীয়ে আপলোড কৰা ভিডিঅ'ত স্পষ্টকৈ প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in