চলন্ত বাছত অগ্নিকাণ্ডঃ শিশুসহ মহিলা যাত্ৰীয়ে হেৰুৱালে প্ৰাণ...

লক্ষ্ণৌৰ মোহনলালগঞ্জ অঞ্চলত কিষাণ পথত বিহাৰৰ পৰা দিল্লী অভিমুখী এখন শ্লীপাৰ বাছত চলন্ত অৱস্থাতে আজি পুৱা সংঘটিত হোৱা এক অগ্নিকাণ্ডত ৫ জন যাত্ৰীৰ মৃত্যু হৈছে।

author-image
Tushar Pratim
New Update
চলন্ত বাছত অগ্নিকাণ্ডঃ শিশুসহ মহিলা যাত্ৰীয়ে হেৰুৱালে প্ৰাণ...

ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ মোহনলালগঞ্জ অঞ্চলত কিষাণ পথত বিহাৰৰ পৰা দিল্লী অভিমুখী এখন শ্লীপাৰ বাছত চলন্ত অৱস্থাতে আজি পুৱা সংঘটিত হোৱা এক অগ্নিকাণ্ডত ৫ জন যাত্ৰীৰ মৃত্যু হৈছে। জানিব পৰা মতে নিশা যাত্ৰা কৰা এই বাছখনত আছিল ৭০ জনকৈ যাত্ৰী। 

Advertisment

লক্ষ্ণৌ (দক্ষিণ)ৰ ডি চি পি নিপুন আগৰৱালাই সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ সন্দৰ্ভত ক’বলৈ গৈ কয় যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাছখনত মুঠ ৭০ জন যাত্ৰী আছিল। এই ৭০ জন যাত্ৰীৰ ৫ গৰাকীৰ মৃত্যু হৈছে। যাৰ ভিতৰত দুটি আৰু দুগৰাকী মহিলা আছে।  

ঘটনাৰ পাছতে বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰা হয়। বাছখনৰ বাকীসকল যাত্ৰীক অন্য ব্যৱস্থাৰে গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে। 

অৱশ্যে চলন্ত বাছখনত অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ পোৱা নাই। আৰক্ষীৰ মতে, বাছখনৰ ইমাৰ্জেন্সি দুৱাৰ খুলিব নোৱাৰাৰ বাবেই পিছফালে থকা যাত্ৰীসকলে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত সোনকালে বাহিৰলৈ ওলাব নোৱাৰিলে। যাৰ ফলত শিশুসহ ৫ গৰাকী যাত্ৰীৰ মৃত্যু হয়। 

এই ঘটনাৰ বহু কেইটা ভিডিঅ’ সামাজিক মাধ্যম, সংবাদ মাধ্যমত বিয়পি পৰিছে। য’ত দেখা গৈছে বাছখন সম্পূৰ্ণৰূপে জ্বলি শেষ হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে মৃতকৰ প্ৰতি সমবেদনা জনাইছে। 

 

অগ্নিকাণ্ড উত্তৰ প্ৰদেশ