উত্তৰ কমলাবাৰী সত্ৰৰ গোপীৰাম বুঢ়াভকতলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান…

উত্তৰ কমলাবাৰী সত্ৰৰ গোপীৰাম বুঢ়াভকতলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান…

ডিজিটেল ডেস্কঃ মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুনী ,সাধৱ ,প্ৰচাৰক অধ্যাপক বৰগায়ন,বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত শ্ৰী গোপীৰাম বুঢ়াভকত লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ে আগবঢ়ালে ২০২১ বৰ্ষৰ পদ্মশ্ৰী সন্মান।

সত্ৰৰ সকলো গুনৰে অধিকাৰী বৰ্তমান ,বয়স ৯৭ বছৰ বয়সতো দুৰন্ত তৰুনৰ দৰে বুঢ়াভকতে এতিয়াও সত্ৰীয়া নৃত্য গীত বাদ্য ৰ চৰ্চা প্ৰচাৰ প্ৰসাৰত নিজকে আত্মনিয়োগ কৰি আছে । ১৯২৫ চনৰ জানুৱাৰী মাহত মাজুলীৰ নামকাটনি গাৱত জন্ম গ্ৰহণ কৰিছিল।

পিতৃ গেন্ধেলা বৰা বায়নে ৫ বছৰ বয়সতে উদাসীন ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়াভকত থানুৰাম শৰ্মাক চমজাই দিছিল। ৫ বছৰ বয়সৰ পৰা ব্ৰহ্মচাৰী ব্ৰত পালন কৰি সত্ৰীয়া নৃত্য গীত বাদ্য ৰ আদি পাঠ শিকি পিছত অতি কম দিনৰ ভিতৰত আয়ত্ত কৰি গুনাকৰ হৈ পৰে। ১৮ খন অসমীয়া ভাওনাৰ নাটকৰ গীত ,১২ খন অংকীয়া নাটকৰ গীত, ১২ টা পালৰ ওজাপালি,( এটা পালত ভগৱানৰ এটা অৱতাৰৰ কাহিনী থাকে) ,শংকৰদেৱ, মাধৱদেৱৰ বিৰচিত বৰগীত, ১৯১ টা, শংকৰদেৱ মাধৱদেৱৰ লগতে ১২ জন আতাৰ চৰিত্ৰ পুথি সকলো তেখেতৰ জিভাৰ আগত।

মেলা ৰাগ ৩৪ টা বন্ধাৰাগ ৩৬ টা অনায়াসে গাৱ পাৰে বৰ্তমানেও । সকলো গুনৰ অধিকাৰী বুঢ়াভকত, নামলগোৱা, ঘোষা কীৰ্তন, আদি কন্ঠত আদি কীৰ্তন ঘৰৰ প্ৰসংগ চলাই আছে বৰ্তমানেও। সত্ৰীয়া নৃত্য গীত বাদ্য ৰ ওপৰিও ভাস্কৰ্য শিল্প নৌকা নিৰ্মান গুৰু আসন, নামঘৰৰ বাটচৰাৰ বিভিন্ন মুৰ্তি সমূহ নিৰ্মান কৰিব পাৰে। উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্ত্তন ঘৰ , প্ৰেক্ষাগৃহ, মঞ্চ নিৰ্মান কৰিছে । ৯৭ বছৰ বয়সতো ২ ঘন্টা সত্ৰীয়া নৃত্য এতিয়াও সুন্দৰ ভাৱে পৰিবেশন কৰিব পাৰে। সংগীত নাটক একাডেমি বঁটা, শংকৰদেৱ মাধৱদেৱ বঁটা, বদুলা পদ্ম আতা বঁটা, মনিৰাম দত্ত মুক্তাৰ বঁটা, আদি বঁটাৰ লগতে বিভিন্ন বটা বাহন লাভ কৰিছে।

৯৭ বছৰ বয়সতো সত্ৰীয়া নৃত্য বৰগীত ওজাপালি শিক্ষা দান কৰি আছে বৈষ্ণৱ সকলক । দাত , আৰু মাত এতিয়া সুন্দৰ হৈ আছে। ২ ঘন্টা ধৰি কোনো বিৰতি নোলোৱাকৈ নৃত্য কৰি ওজাপালি ৰ শিক্ষা দান কৰি আহিছে । অসাধাৰণ পাণ্ডিত্বৰ অধিকাৰী, কোনো অহংকাৰ নাই কোনো অভিমান নাই, ।বঁটা বাহন সন্মান ৰ তেখেতে ভাল নাপায় ,উচ্ছাকাংখী ,গ্লেমাৰ বুজি নাপায়। আজীৱন ব্ৰহ্মচাৰী ব্ৰত পালন কৰি উত্তৰ কমলাবাৰী সত্ৰত ১৯৮৩ চনৰ পৰা বুঢ়াভকতৰ নিৰ্মালী গ্ৰহন কৰি ৩ জনা গুৰু ১২ জনা আতাৰ চৰিত পাঠ কৰি সত্ৰ পৰিচালনা কৰি আছে ।

সত্ৰৰ ৪০ জনৰো অধিক বৈষ্ণৱ ক ওজাপালি, ২০ জনৰো অধিক গায়নৰ শিক্ষা প্ৰদান কৰিলে । অসমৰ প্ৰতিষ্ঠিত অকাডেমি বটাঁপ্ৰাপ্তক বহুতো শিল্পীক শিক্ষা দান কৰিলে। নিৰৱ সাধনাত আজিও ব্ৰতী তেখেত।অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন স্থান দিল্লী , হাৰিয়ানা পাঞ্জাৱ, মহাৰাষ্ট্ৰ কেৰেলা আদিত সত্ৰীয়া নৃত্য অংকীয়া ভাওনা গায়ন বায়নৰ পৰিবেশ ন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই জনা মহান উদাসীন সত্ৰীয়া শিল্পী লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। আজি ভাৰত চৰকাৰৰ গৃহমন্ত্ৰনালয় ৰ যুটীয়া সচিবে তেখেতলৈ ফোন কৰি আনুষ্ঠানিক ভাৱে জনাইছে।এইজন নিৰৱ সাৱক গুনী শিল্পী য়ে এনে সন্মান পোৱাত উছাহ উদাসীন বৈষ্ণৱ সকলৰ মাজত। সত্ৰীয়া সংস্কৃতিৰ উদাসীন পৰম্পৰাত প্ৰথম শিল্পী যি জনে পদ্মশ্ৰী সন্মান লাভ কৰিছে। মাজুলীত অৰণ্যমানৱ যাদৱ পায়েঙৰ পাছত বুঢ়াভকতে পদ্মশ্ৰী সন্মান লাভ কৰিছে।

বটাঁ লাভৰ পাছত বৈষ্ণৱ সকলে শুভেচ্ছা জনাইছে। সত্ৰাধিকাৰ জনাদ্দন দেৱ গোস্বামীয়ে এয়া বিৰল সন্মান বুলি উল্লেখ কৰাৰ লগতে মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত উপায়ুক্ত নৰেন দাস, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্যে কলা বিভাগৰ সঞ্চালক ড' জ্যোতি প্ৰসাদ শইকীয়া , উত্তৰ কমলাবাৰী সত্ৰ কৃষ্টি সংঘৰ সভাপতি উপেন বৰগায়ন, সত্ৰীয়া শিল্পী গৱেষক কৰুনা বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক যাদৱ বৰা, শিল্পী ভৱেন বৰবায়ন আদিয়ে তেখেতক আজি নিজ বহালে গৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মাজুলীৰ বাবে গৌৰৱৰ ক্ষন বুলি উল্লেখ কৰে।

বটাঁ লাভ কৰি গোপীৰাম বৰগায়ন আনন্দ প্ৰকাশ কৰাৰ লগতে ভাৰত চৰকাৰক ধন্যবাদ জনায়। অপাত্ৰকে পাত্ৰ কৰি যি বিৰল সন্মান আগবঢ়ালে এই সন্মানৰ অধিকাৰী নহয় যদিও তেখেত সকললৈ শ্ৰদ্ধা জনাই গ্ৰহন কৰিলোঁ বুলি উল্লেখ কৰে। তেখেতৰ এটাই দুখ প্ৰকাশ কৰে অল্পবিদ্যা গ্ৰহন কৰিয়েই বৰ্তমান সময়ত গ্লেমাৰ বটা বাহনৰ পিছত দৌৰে, সত্ৰৰ বৈষ্ণৱ ৰ সংখ্যা ও ক্ৰমা কমিছে। কোনে ৰাখিৱ এই সমূহ সম্পদ পৰৱৰ্তী সময়ত । তাক লৈ চিন্তিত শিল্পী গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in