১৫ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ '২০১৯ৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। অহা জানুৱাৰিত নিৰ্বাচনী বিজ্ঞপ্তি জাৰি কৰিব নিৰ্বাচন আয়োগে।'- মঙলবাৰে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এইছ এন বৰাই৷ তদুপৰি নিৰ্বাচনী প্ৰস্তুতিৰ কাৰণে জিলা ৰিটাৰ্নিং বিষয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে নিৰ্বাচনী আয়ুক্তগৰাকীয়ে৷

উল্লেখ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল বিগত ৩ জুনতে অন্ত পৰিছিল৷ ৰাজ্যপাল জগদীশ মুখীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে পৰিষদৰ কাৰ্যকাল পুনৰ ৬মাহ বৃদ্ধি কৰিছিল। বৰ্দ্ধিত ৬মাহৰ কাৰ্যকাল অহা ৩ ডিচেম্বৰত অন্ত পৰিব৷ তাৰ পূৰ্বেই ৰাজ্যপালে পৰিষদৰ কাৰ্যকাল নতুনকৈ ৩মাহ বৃদ্ধি কৰে।

ইফালে, হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল বৃদ্ধিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এক জনস্বাৰ্থ জড়িত গোচৰ তৰে। প্ৰাক্তন বিধায়কগৰাকীৰ গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ২০১৯ৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত যিকোনো পৰিস্থিতিত নিৰ্বাচনৰ কাম-কাজ শেষ কৰিবলৈ নিৰ্দেশ দিয়ে৷

আনহাতে ডিমা হাচাও অগপ, এন পি পি আৰু কংগ্ৰেছৰ ১০ জনীয়া এটা প্ৰতিনিধি দলে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।

সেই সন্দৰ্ভত মঙলবাৰে নিৰ্বাচনী আয়ুক্তই সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ দুগৰাকী অ'এছডি ক্ৰমে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব মুকুট গগৈ আৰু ৰঞ্জিত সোম। জিলা ৰিটাৰ্নিং বিষয়া তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংল'ও সংবাদ মেলত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in