লখিমপুৰত কৰ্ম ফল ভুগিছে দত্তইঃ উৎপল দত্তৰ বিৰুদ্ধে উপৰ্যুপৰি অভিযোগ জিলা বিজেপিৰ…

লখিমপুৰত কৰ্ম ফল ভুগিছে দত্তইঃ  উৎপল দত্তৰ বিৰুদ্ধে উপৰ্যুপৰি অভিযোগ জিলা বিজেপিৰ…

ডিজিটেল সংবাদ, লখিমপুৰঃ আগত বিধান সভাৰ নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত প্ৰাৰ্থীত্ব কেন্দ্ৰীক চিন্তা চৰ্চা আৰম্ভ হৈছে ৷নিৰ্বাচনক লক্ষ্য কৰি সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলৰ কুচকাৱাজো আৰম্ভ হৈছে ৷প্ৰধানত শাসনাধিষ্ঠিত বিজেপি দলে ইয়াৰ মিত্ৰদলৰ লগত আসনত বুজাপৰা আৰু ভাগবতৰাৰ সমীকৰণত ব্যস্ত হৈছে ৷ উত্তৰ অসমত দেখিবলৈ পোৱা গৈছে আসনৰ ভাগ বতৰাক লৈ অগপ বিজেপি ৰ মাজত সংঘাত ৷

বিজেপি দলে উত্তৰ অসমৰ এখনো আসন মিত্ৰ দল অগপক এৰি দিয়াৰ পোষকতা কৰা নাই ৷ শেহতীয়াকৈ ১১১নং লখিমপুৰ বিধান সভা সমষ্টিৰ বিধান সভাৰ আসন খনক লৈ অগপ আৰু বিজেপিৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক পৰিলক্ষিত হৈছে ৷ এনে প্ৰেক্ষাপটত অগপৰ দূৰ্গ ক্ষাত লখিমপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে বিধায়ক উৎপল দত্তক প্ৰক্ষেপ কৰাৰ অনিশ্চয়তাই দেখা দিছে ৷

ঠিক সেইদৰে তেজপুৰত অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থীত্বও ওলমি ৰৈছে অসম প্ৰদেশ বিজেপিৰ হাতত ৷অসমীয়া প্ৰতিদিনে প্ৰাপ্ত তথ্যমতে উৎপল দত্ত আৰু বৃন্দাবন গোস্বামীৰ পাখি কাটি বিহপুৰীয়া,বিশ্বনাথক অগপক এৰি দিয়াৰ পৰিকল্পনা বিজেপিৰ ৷

উল্লেখ্য যে লখিমপুৰত উৎপল দত্তৰ প্ৰাৰ্থীত্বক লৈ বাৰম্বাৰ আপত্তি দৰ্শাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক লখিমপুৰ জিলা বিজেপিয়ে ৷ কোনো কাৰণতে উৎপল দত্তক মিত্ৰজোঁটৰ প্ৰাৰ্থী হবলৈ নিদিয়ে বিজেপিৰ লখিমপুৰ জিলা সমিতিয়ে ৷ইতিমধ্যে উৎপল দত্তক প্ৰাৰ্থীত্ব নিদিবলৈ ৰাজ্যিক নেতৃত্বলৈ বাৰম্বাৰ অভিযোগ প্ৰেৰণ কৰিছে বিজেপিৰ লখিমপুৰ জিলাৰ নেতৃত্বই ৷

আজি পুণৰ উৎপল দত্তৰ প্ৰাৰ্থীত্বক নসাৎ কৰি লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই অসমীয়া প্ৰতিদিনক এক আছুতীয়া সাক্ষাৎ কাৰত কয় "লখিমপুৰত বিজেপিৰ সাংগঠনিক স্হিতিতকৈ উৎপল দত্তৰ স্হিতি হ্ৰাস হৈছে ৷সমষ্টিটোত দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰা উৎপল দত্তৰ বিৰুদ্ধে গঢ় লৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ যাৰ বাবে বিধায়ক দত্তক নৈ পৰীয়া ৰাইজেও প্ৰত্যাখ্যান কৰি খেদি পঠিয়াইছে ৷

ফণীধৰ বৰুৱাৰ মতে এয়া বিধায়ক গৰাকীয়ে৷ক'ৰবাত কৰা ভুল ৰ পৰিণতি আৰু কৰ্মফল ৷ কাৰণ দীৰ্ঘ সময় সমষ্টি বাসীক প্ৰতিনিধিত্ব কৰা সুযোগ পায়ো তেঁও সমষ্টিটোৰ কেতবোৰ স্হানত কোনো উন্নয়ন সাধন কৰিব নোৱাৰিলে ৷এগৰাকী জ্যেষ্ঠ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কেমেৰাৰ সন্মুখত ভোটদাতা ৰাইজে যুদ্ধংদেহী স্হিতি লোৱাটো দুৰ্ভাগ্যজনক ৷বিধায়ক গৰাকীৰ যে লখিমপুৰত গণ ভিৰ্তি হ্ৰাস হৈছে তাৰেই প্ৰমাণ শেহতীয়াকৈ বিধায়ক গৰাকীৰ ক্ষেত্ৰত সংঘটিত হোৱা বিশেষ দুটা ঘটনা ৷এনে প্ৰেক্ষাপটত লখিমপুৰত উৎপল দত্ত প্ৰাৰ্থী হলে মিত্ৰজোঁটৰ ক্ষতি হোৱাৰ সম্ভাৱনাই প্ৰৱল ৷

আমিকেৱল লখিমপুৰেই নহয় নাওবৈছা আৰু বিহপুৰীয়া সমষ্টিটো লখিমপুৰ নিজা ববীয়াকৈ আগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ পোষকতা কৰো ৷এই দুয়োটা সমষ্টিত আমাৰ দলৰ স্হিতি ভাল ৷যোৱা বিধান সভা নিৰ্বাচনত অগপই প্ৰতিদ্বন্দ্বীতা নকৰা হলে আমি নাওবৈচাত জয়ী হলোহেঁতেন ৷এই ভাষ্যও জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ ৷আনহাতে এই প্ৰতিবেদকে লাভ কৰা ৰাজ্যিক বিজেপিৰ এক সূত্ৰৰ তথ্য মতে উত্তৰ অসমৰ লখিমপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ বিধায়ক উৎপল দত্তৰ সমষ্টি উন্নয়নৰ ৰিপৰ্ট কাৰ্ড ভাল নহয় ৷

শেহতীয়াকৈ টি এম পি কে আৰু গণশক্তিয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে যুদ্ধং দেহী স্হিতি লোৱাও আন এক মুল ইছ্যু হিচাবে ৰাজ্যিক বিজেপিৰ নেতৃত্বই পৰ্যালোচনা কৰিছে ৷ একেদৰে বিহপুৰীয়া সমষ্টিক লৈও চিন্তিত বিজেপিৰ ৰাজ্যিক নেতৃত্ব ৷ বিধায়ক দেৱানন্দ হাজৰিকাৰ প্ৰতি মিত্ৰ দল অগপৰ সমৰ্থন হ্ৰাস হৈছে ৷বিগত সময়ত মিত্ৰতাৰ মৰ্যাদাৰে মিত্ৰ দলক বিজেপিৰ সমানে গুৰুত্ব নিদিয়াৰ অভিযোগ বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ ৷

এই প্ৰতিবেদকৰে হোৱা বাৰ্তালাপাত কেশৰাম বৰাই কয় " বিহপুৰীয়া আমাৰ বিধায়ক আছিল কেইবাৰো ৷আমি পুণৰ সমষ্টিটোত নিজৰ আধিপত্য ৰাখিব বিচাৰো" ৷ৰাজ্যিক বিজেপিৰ সূত্ৰটোৱে সদৰী কৰা মতে লখিমপুৰ আৰু নাওবৈছাত নিজ দলৰ প্ৰাৰ্থী থিয় কৰাই বিহপুৰীয়া সমষ্টি মিত্ৰদল অগপক এৰি দিয়াৰ গুনাগাথা চলিছে ৰাজ্যিক বিজেপিৰ অন্দৰ মহলত ৷

সূত্ৰটোৰ মতে একেদৰে তেজপুৰ সমষ্টি বিজেপিয়ে লৈ বিশ্বনাথ সমষ্টিক অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ৷ ইয়াৰ অন্যতম কাৰণ হিচাবে চিহ্নিত হৈছে উৎপল দত্ত আৰু বৃন্দাবন গোস্বামী ,এই দুয়োজন নেতাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৷যদি সেয়ে হয় কি হ'ব অগপৰ জ্যেষ্ঠ নেতা উৎপল দত্ত আৰু বৃন্দাবন গোস্বামীৰ ভৱিষ্যত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in