নৱগঠিত নিৰাপত্তা পৰিষদৰ পূৰ্বে ভাৰতৰ সৈতে বন্ধুত্ব ঘনিষ্ঠ কৰিব বিচাৰে আমেৰিকাই…

নৱগঠিত নিৰাপত্তা পৰিষদৰ পূৰ্বে ভাৰতৰ সৈতে বন্ধুত্ব ঘনিষ্ঠ কৰিব বিচাৰে আমেৰিকাই…

ডিজিটেল ডেস্কঃ ৩ নবেম্বৰৰ পৰা অনুষ্ঠিত হব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে আমেৰিকা আৰু ভাৰতৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত ২৭ অক্টোৱৰত ২+২ বাৰ্তাৰ ভিত্তিত এই আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই আলোচনা সেইসময়তে হৈছে, যেতিয়া ভাৰত আৰু চীনৰ মাজত লাডাখৰ উত্তেজনা গাঢ় হৈ আছে।

আমেৰিকাৰ বিদেশ সচিব মাইক পোম্পিও আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক টি এস্পাৰে তেওঁলোকৰ ভাৰতীয় সতীৰ্থ  ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা 2+2 আলোচনাৰ তৃতীয় সংস্কৰণৰ বাবে নতুন দিল্লীলৈ আহি আছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ আঠ মাহ পিছত আৰু দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কেইদিনমান আগতে এই খবৰ চৰ্চালৈ আহিছে।

উল্লেখযোগ্য যে, এই গুৰুত্বপূৰ্ণ আলোচনাৰ পূৰ্বে আমেৰিকাৰ বিদেশ বিভাগে কয় যে, দেশখনে এক অগ্ৰণী আঞ্চলিক আৰু বিশ্বব্যাপী শক্তি হিচাপে ভাৰতৰ আগমনক স্বাগতম জনাইছে। তেওঁলোকৰ ৰাষ্ট্ৰীয় সুৰক্ষা কৌশল অনুসৰি আগন্তুক নৱগঠিত নিৰাপত্তা সংসদৰ পূৰ্বে  ভাৰতৰ সৈতে ঘনিষ্ঠভাৱে সহযোগীতা কৰিব বিচাৰে বুলিও মন্তব্যও কৰে আমেৰিকাৰ বিদেশ সচিবজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in