বাগদাদত মাৰ্কিন বায়ু সেনাৰ আক্ৰমণঃ ইৰানী জেনেৰেল কাছিম চোলেমানিৰ মৃত্যু

বাগদাদত মাৰ্কিন বায়ু সেনাৰ আক্ৰমণঃ ইৰানী জেনেৰেল কাছিম চোলেমানিৰ মৃত্যু

ডিজিটেল ডেস্কঃ ইৰাকৰ বাগদাদত শুকুৰবাৰে মাৰ্কিন বায়ু সেনাৰ আক্ৰমণত ইৰানৰ এলিট কুদছ বাহিনীৰ প্ৰধান তথা আইআৰজিচিৰ প্ৰধান কাছিম চোলেমানি আৰু ইৰানৰ সেনাপ্ৰধান মেজৰ জেনেৰল আব্দুল ৰহিম মৌছাভি নিহত হয়। বাগদাদৰ বিমানবন্দৰত পৰিকল্পিতভাৱে চলোৱা মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ এই দুই নেতা নিহত হোৱা বুলি জানিব পৰা গৈছে।

আল জাজিৰাত প্ৰকাশিত বাতৰি অনুসৰি বাগদাদৰ আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপত আমেৰিকাই চলোৱা আক্ৰমণত মুঠ ৮ জন লোক নিহত হয়। ইৰাকৰ চৰকাৰী সংবাদ সংস্থাই জনোৱা মতে, এই আক্ৰমণত ইৰাকী মিলিছিয়া কমাণ্ডাৰ আবু মাহুদি আল-মহান্দিছৰো মৃত্যু ঘটে।

কাছিম চোলেমানিৰ হত্যাত ইৰাকত উল্লাস, ৰাজপথত নাছিলে ইৰাকী জনতাই

ইফালে বাতৰি মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশতে ইৰাকত এই আক্ৰমণ চলাইছিল মাৰ্কিন বায়ু সেনাই। বিদেশত থকা মাৰ্কিন সেনাৰ সুৰক্ষাৰ স্বাৰ্থতেই ৰাষ্ট্ৰপতি ট্ৰাম্পে আক্ৰমণ চলাবলৈ নিৰ্দেশ দিছিল বুলি হোৱাইট হাউচৰ এক সূত্ৰই সদৰী কৰিছে। আনহাতে আমেৰিকাই বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা আইআৰজিচিৰ প্ৰধান কাছিম চোলেমানীক লক্ষ্য কৰি লৈছিল মাৰ্কিন বায়ু সেনাই।

আক্ৰমণস্থলীৰ দৃশ্য

স্মৰ্তব্য যে, দুদিন পূৰ্বে বাগদাদত থকা মাৰ্কিন দুতাবাসত প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি দূতাবাসৰ এখন দেৱাল ভাঙি পেলাইছিল। এই ঘটনাৰ পিছতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে দূতাবাসত চলা এই আক্ৰমণৰ আঁৰত ইৰান জড়িত আছে। আনহাতে এই ঘটনাৰ দুদিন পিছতে শুকুৰবাৰে বাগদাদত মাৰ্কিন বায়ু সেনাই চলোৱা আক্ৰমণ সেই ঘটনাৰ প্ৰতিশোধ বুলিয়েই মন্তব্য কৰিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in