আমেৰিকাতো বন্ধ হ’ব TIKTOK…

আমেৰিকাতো বন্ধ হ’ব TIKTOK…

ডিজিটেল ডেস্কঃ ভাৰতৰ পিছতে চীনৰ বিৰুদ্ধে আমেৰিকাই ডিজিটেল ষ্ট্ৰাইক চলোৱাৰ যো জা কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পাম্পিঅ'ই এক সাক্ষাৎকাৰত ব্যক্ত কৰিছে যে, তেওঁলোকেও চীনৰ টিকটককে ধৰি সকলো ছ'চিয়েল মিডিয়া বন্ধ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে। এই বিষয়ক অতি গুৰুত্ব সহকাৰে লৈ আলোচনা চলি থকা কথাও Fox Newsৰ বিশেষ সাক্ষাৎকাৰটোত প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰহণ কৰিব বুলিও তেওঁ কয়। উল্লেখ্য যে, ভাৰতত ইতিমধ্যে টিকটককে ধৰি ৫৯টা চীনা এপছৰ ওপৰত নিষিদ্ধতা আৰোপ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in